পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পটবিন্দু

 

আবেলি পটৰ বিন্দুবোৰ
ৰ লাগি আছে
হাওলি পৰা চকালৈ চাই

কাকিনি তামোলৰ ছাঁবোৰে
দীঘল দীঘল খোজেৰে
পাহাৰ বগাব গৈছে
গান এটা আকাশত এৰাল দি
বনহাঁহ জাক
বিলীন হৈছে দিগন্তত

সেঙেতা লগা পথাৰৰ
গধুৰ বতাহ সী
জাকি মাৰি উঠা
বৰতালৰ যমকত
মাজনিশাৰ সূৰ্য হৈ
তেওঁলোক আকৌ জীৱ
কুঁৱলী ভাগিলে
মৰা সুঁতিত উজান আহিব

নিলগীয়া বিন্দুবোৰ তেতিয়া
লগলাগি শিলৰ ৰেখা হ’ব।

৩৪ মা টি ৰ মা লি তা