পৃষ্ঠা:মাটিৰ মালিতা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মালিতাত মালি বায়ন

 

কুঁৱলীয়ে কঁহুৱাবনত হেলান
দিওঁ কি নিদিওঁ হওঁতেই
মধুময় শব্দ তৰঙ্গই
পিয়াপি দিয়ে বতাহত
ধেই দাও খিত্‌ তাক্‌
ধেই দাও খিত্‌ তাক্‌
খিত্ তাক্ ধিন্ দাও

তোমাৰ আঙুলিৰ ৰ’দত
সিহঁত ওমলে
জুৰুলি-জুপুৰি হয়
কণ্ঠৰ সুৰীয়া বৰষুণত
পদচালনাত জিলিকে
ৰাশি ৰাশি বাবৰি ফুল
নমনীয় দেহৰ পৰা
চালি ধৰি ওলাই যায়
নাচোনৰ ম’ৰা চৰাই

পদুম পুখুৰীৰ এলাগী পাৰত
এতিয়া পদুম ৰখীয়া তুমি

মা টি ৰ মা লি তা ১১