পৃষ্ঠা:মাটিৰ মালিতা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ইচ্ছাপত্ৰ

 

শিশুবোৰক যেনেকৈ
শয্যা পাতি দিয়ে মাটিৰ গৰ্ভত
তেনেকৈয়ে থবি মোক
আবাহনী মুদ্ৰাৰে
শুই থাকিম মই
ফেঁচু চৰাইৰ গান হৈ।

মোক নুপুৰিবি
জুইলৈ মোৰ ভয় লাগে
জুয়ে গাঁও পোৰে
মন পোৰে
পোৰে অৰণ্যৰ নিস্পাপ নগ্নতা।

পানীত নেমেলিবি মোক
জলতে জনম যদিও
বেলি বুৰাৰ পৰত ওঁঠত গুজিবি
এটেপা মাটি,
মাটিৰ টোম এটাত ভৰাই
মোক পুতি থবি
জৰা টেঙা হ’ম
ইতিহাস হ’ম
অমৃত মৃৎ হ’ম মই।

মা টি ৰ মা লি তা ১৭