পৃষ্ঠা:মাটিৰ মালিতা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰত চৰাইটোৰ
পাখিৰ লাহ লাগি
আমাৰ ফুলনিতো
সোণ-ফুলৰ পাপৰি নাচে
কলঙৰ ঘোলাপানীয়ে
পথাৰ বুৰালেও
চেনাই তই আঁতৰি
নেযাবি দেই,
জোন-বিল মেলাতে
সলনা-সলনি কৰিম আমি
বাখৰুৱা মনৰ আখৰ
বঞ্চিত মনৰ ভাগৰ।
ৰামধেনুৰ তিলক
পিন্ধাৰে পৰা
মণি-মুকুতাৰে খুন্দ খালে
তোমাৰ হাতনি পেৰা।
ৰূপহী তলিৰ এথানি-এবানি
ধানদোৱা গাভৰুৰ
লহঙা কলাফুল কঁপি
নাচোনৰ তালে তালে

মা টি ৰ মা লি তা ৬৫