হে বসুন্ধৰা
এক/
সোণাৰুৰ সোণ হালধীয়াই থিতাপি লয় আঘোণ-পুহৰ
সৰিয়হনীৰ বুকুত। হিমসনা বতাহে নাচি-নচুৱাই আকাশমুখী
ফুলৰ বন কৰা চাদৰখন। মৌ-মাখি, ভোমাৰা আৰু সৰু সৰু
নানা পতঙ্গই গুণগুণনিৰ মেল পাতে। নানা বৰ্ণশোভাৰে
পখিলাবোৰে শূন্যত কোমল কঁপনি তুলি অনায়াস বিচৰণ কৰে,
দীঘল ঠোঁটৰ কণমানি মৌপিয়াই জঁপিয়াই জঁপিয়াই পিয়ুষ পান
কৰাৰ আনন্দত কলধ্বনি তোলে, পূৱালী বতাহে বোকোচাত বৈ
আনে মলমলীয়া গোন্ধৰ সৈতে পতঙ্গ আৰু চৰাইৰ সুমধুৰ মৃদু
সঙ্গীত। হৃদয়বোৰ কাণ আৰু নাকলৈকে হয় প্ৰসাৰিত, প্ৰেমিক
মানুহবোৰ আৱেগত মতলীয়া হয়—শব্দৰ ৰঙত বন্দী হয় কত
গান, কত কবিতা, কত বিনন্দীয়া ছবি, কত আশাভৰা কথা।
দুই/
পৃথিৱীৰ মহাপ্ৰাণ সূৰ্যই দোকমোকালিতে জীৱ-জঙ্গমক অভয়
মুদ্ৰাৰে দান কৰে আশাৰ সঁফুৰা, আকাশৰ পূৱ সীমান্তত ওমলি
ফুৰা চপল মেঘৰ খণ্ডবোৰে পিন্ধি লয় অপৰূপ ৰহণীয়া প্ৰেমৰ
পোছাক, মুখ ওন্দোলাই থকা প্ৰকৃতি পখীৰ বন্দনাত প্ৰেমেৰে
পৃষ্ঠা:মাটিৰ মালিতা.pdf/৭৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪ মা টি ৰ মা লি তা