পৃষ্ঠা:মাটিৰ মালিতা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনি/


যুদ্ধবিধ্বস্ত জনপদৰ বন্ধুৰ পথেৰে মই অহা-যোৱা কৰো।
ঘৰবোৰ মলিয়ন, পদূলিৰ তোৰণৰ মাধৈ মালতী জোপা,
ডুখৰীয়া বাগিছা
আৰু পিৰালিৰ তগৰ, খৰিকাজাঁই, গধূলিগোপাল কিজোপা
শিলীভূত হ’ল কেতিয়াবাই।
অযত্নপালিত কোঠাৰ মজিয়াত শিলকপৌ এজনীয়ে
স্মৃতিবোৰ খুঁটি খুঁটি খায়।
লেহেমখুজীয়া মইটোৰ পাছে পাছে আহি থাকে এখন আকাশ,
ভঙা কাঠ বাদাম এটুকুৰাৰ দৰে জোনটো ওলমি থাকে তাত।
বুঢ়া পাহাৰটোৰ গাৰ কুঁৱলীৰ বৰ কাপোৰখন আঁতৰ হ’লেই হয়তো
টিঙলৈ যোৱা বাটটো ওলাব—দাঁতিত হালি-জালি থকা বন তুলসীৰ
সুগন্ধই তেতিয়া চাগে মোক আৰু মোৰ সপোনক আকৌ জীয়াব।

মা টি ৰ মা লি তা ৭৩