পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অভিজ্ঞান

 

ক’ৰ এজাক শামুকভঙাই
কুঁৱলীৰ সৈতে
কথা পাতি থাকোতেই
কলঠৰুৱাৰে
দুমেৰকৈ বান্ধিছিলো
সীমনাৰ ওখ শিমলুজোপা

অলেখ চাকি জ্বলিল
জিলিকালে কঠুৱা মাটি
শুকুলা সপোনে নাও মেলি
নীলাত লীন হ’ল।

ভালেদিন জুৰি
পোতাশালবাসী মই
ভগ্নমূৰ্তিৰ প্ৰদৰ্শনী চাবলৈ
কেইঘণ্টা মানৰ ছুটীত
আহি দেখিলো
সীমন্তিনী শিমলুৱে
আজিও পিন্ধি আছে
সেই গলপতা ধাৰ।

মা টি ৰ মা লি তা ৩৩