পৃষ্ঠা:মাটিৰ মালিতা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ভালে আছানে মামণি

তোমাৰ উপাধি মই নেজানো, বিয়াৰ পাছত ছোৱালীবোৰৰ
উপাধি সলনি হয়তো, পিছে তোমাৰ আগৰটোবা কি আছিল
তাকে দেখোঁ‌ নেজানো। মামণি নামটো তোমাৰ পোছাকী নাম
নে ডাকনাম সেই কথাও জনা নহ’ল, সোঁৱৰণিৰ জখলাৰে
ভটিয়াই গ'লে মাথো তোমাৰ কোনোবা লগৰীয়াই মামণি বুলি
মতা যেন শুনো। যি কি নহওক, তোমাক মামণি বুলিয়েই
মাতো দিয়া। হয়তো এতিয়া তুমি কোনো মহাবিদ্যালয়ৰ গহীন
মেদাম, হয়তো কোনো উচ্চতৰ মাধ্যমিকৰ মোটা ফ্ৰেমৰ চচমা
পিন্ধা কাঢ়া অধ্যক্ষা নহ'লেবা কোনো চৰকাৰী বিভাগৰ উচ্চপদস্থ
বিষয়া নহ'লেবা এখন ভৰাঘৰৰ তৃপ্তা গৃহকৰ্তী। এতিয়া যিয়েই
নোহোৱা তুমি, তোমাক মামণি নামেৰে মতা মানুহৰ সংখ্যাই
নিশ্চয় এককৰ ঘৰ অতিক্ৰম নকৰে। অ’ তোমাৰ ছোৱালীৰ
বিয়া হ’ল নিশ্চয়, ল’ৰালৈকো বিয়া পাতিলা চাগৈ। মধুমেহ,
উচ্চ ৰক্তচাপ বা আঁঠু-কঁকালৰ বিষ নাই তোমাৰ নিশ্চয়। চচমা
বছৰে বছৰে সলোৱা নে, চুলিত কলপ... নাঃ ছোৱালী মানুহক
বয়সৰ কথা সোধাটো অভদ্ৰামি বোলে।
আজি কি হ’ল জানা, ৰাতিপুৱা মই সোনকালেই উঠো, অলপ
খোজকাঢ়ো, এইকেইদিন যে ইমান ঠাণ্ডা, ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চে
কঢ়িয়াই আনিছে ডাঠ কুঁৱলী আৰু তীব্ৰ শীত। এই শীততে কঁপি
কঁপি কোনো ৰাজনৈতিক দলৰ অত্যুৎসাহীয়ে বিজুলীৰ খুটা

৮২ মা টি ৰ মা লি তা