পৃষ্ঠা:মাটিৰ মালিতা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অসুখ

 

জাৰণিৰ বাঁহ খেৰ
আৰু জলাহৰ ইকৰাৰে সজা
অনেকৰ দৰে তেওঁৰো দুকোঠলিয়া ঘৰ
এটাত তেজ-মঙহৰ মানুহটো
আনটোত থাকে
ভালপোৱাৰ খেৰ-কুটাবোৰ

বহুদিন হ’ল
মানুহটোৰ দেখাদেখি নাই
তেওঁৰ উদং কোঠাটোত এতিয়া
চেমনীয়া এজাকে খেলে
ইটোত জুমি চাই
লাম-লাকটুবোৰ
ধূলিত পোতযোৱা দেখি
সিহঁতে আজি এটা
নতুন খেল খেলিলে,
দুখৰ চিঁয়াহীৰ ওভোতা দোৱাতত
তৰ্জনী জুবুৰিয়াই
বেৰবোৰত লেখিলে
উভতি আহা, আইৰ অসুখ
আইৰ অসুখ!

মা টি ৰ মা লি তা ৬১