পৃষ্ঠা:মাটিৰ মালিতা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কথকতা


মাঘৰ শেঁতা আবেলি এটাত বৰনৈৰ সিপাৰৰ ইমৰাণ আহিছিল, কথক ইমৰাণ। হাতত কথকতাৰ টোপোলা এটা। কুশল বাৰ্তা বিনিময়ৰ পাছত ধূলিয়ৰী বাটেৰে দুয়ো খোজকাঢ়ি গৈ পাঠশালৰ সহপাঠীৰ বিষগ্ন চোতালত খন্তেক বহিছিলো। তেওঁ ক’লে, অচিনাকি আলহী আনিলা বান্ধৈ, কিহৰেনো কৰো সোধ-পোছ! তপত পানী এটুপিৰতো কথাই নাই, তামোল এখন যাচিবলৈকো পাণৰ অভাৱ। যোৱাটো বানে অনা কাঠ-পিটে পথাৰ ছানি ধৰিলে, এতিয়া তাত খোজকে দিব নোৱাৰি, মচুৱা গোমে হিচ্হি‌চাই থাকে। গধূলিৰ পাতল আন্ধাৰৰ ডাৱৰ উৰিল আমাৰ চকুতো, মাতষাৰ দি তাৰপৰা ওলাই আহোতে কাণত পৰিল পৰিভ্ৰমী চৰাইৰ চঞ্চল কলতান, কাঠ-পিতনিৰ সিপাৰে বিলৰ পানীত হয়তো কৰিছে পৰস্পৰক আহ্বান। হালি থকা ঘৰবোৰ আৰু ওখ দূৰভাষ গম্বুজৰ মাজৰ বাটেৰে আহি বহিলো মোৰ চ’ৰা ঘৰত, ইমৰাণে জোলোঙাৰ পৰা এখন এখনকৈ উলিয়ালে হুদুমদেও, বাঁক, বীৰা আৰু যমডাকিনীৰ ঐন্দ্ৰজালিৰ দিঠকৰ পাঁচালী যেন সমকালৰ দ’ত বধিবলৈ ৰচা কৰতী পুথিৰ নতুন মন্ত্ৰৰ ৰণচালি! কথন-মথন আমাৰ বহু হ’ল, কুঁৱলীৰ বাটেৰে তেওঁক বিদায় জনালো। কথাই বাৰু ৰূপান্তৰ আনেনে, হয়তো আনে হয়তো...। কথকতাৰ বাহিৰে আমাৰতো

আৰু একোৱেই নাই।

৯০ মা টি ৰ মা লি তা