পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ঘৰ

 

তিনি মহলীয়া ঘৰ
অ’ৰ পৰা ত’লৈ
সহজ অহা-যোৱা
কোনেও নেলাগে ক’ব
সকলোৱে জানে
কেতিয়া ক’ত
কটাব লাগে দিন ৰাতি।

মাটিৰ মহলাৰ পিৰালিত
ফুল ৰোৱে
পূৱৰ কোঠালিত
হাৰমণিয়াম বজাই
জ্যোতি সঙ্গীত গায়
থিয়ডঙা দিব শিকা
শিশুৰ প্ৰথম খোজত
মমতাৰ জুৰি
বৈ যায় কলক্‌লাই।

পাতালৰ মহলাৰ মজিয়াত একাঁঠু সৰাপাত
বেৰত মকৰাজাল।

৪০ মা টি ৰ মা লি তা