পৃষ্ঠা:মাটিৰ মালিতা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আওপুৰণি গান এটা

 

আলি-কেঁকুৰিত
থৰ লাগি আছে
আওপুৰণি গান এটা
ওঁঠেৰে আহিছে বৈ
নাচোনৰ এখনি নৈ

শুকনিমুৱা মজিয়াত
বগা মাটিৰে অঁকা
ৰাশি ৰাশি
ভিৰাই গুণ টনা ধনু
জানো কোন অধৰাৰ
ছয়া-ময়া তনু
আগুৱাই গ’লেও দায়
পিছুৱালেও বেলি লহিয়ায়

টিঙতহে বান্ধিলা ঘৰ
মেঘ আৰু শূন্যতাই
খেদি ফুৰে বৰ।

২৮ মা টি ৰ মা লি তা