এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খণ্ডাব নোৱাৰে। যি সকলৰ বাবে তোমাৰ অন্তৰত শোক উথলি উঠিছে তেওঁলোকক দেখো মই ইতিমধ্যেই মাৰি থৈছো, তুমি কেৱল নিমিত্তহে মাত্ৰ। লোৱা পাৰ্থ, গাণ্ডীৱ তুলি লোৱা আৰু নিৰ্বিচাৰে শত্ৰু সংহাৰ কৰি যোৱা, জয় তোমাৰ সুনিশ্চিত। |
প্ৰতিচিত্ৰঃ ১
ৰেষ্টোৰাঁ
মধ্যবৰ্ষী ব্যৱসায়ী ⵓ | কি হে ডেকাহঁত, ভালে আছা নিশ্চয়, বহুদিন লগেই পোৱা নাই। আহা, একেলগে চাহ একোপিয়লা খাওঁ। |
ডেকাদ্বয় ⵓ | (বহে) ভালে আছেনে দাদা, ব্যৱসায় কেনে চলিছে? |
মধ্যবৰ্ষী ব্যৱসায়ীঃ | এই চলি আছো আৰু কোনোমতে। জানাইতো এই তুমুল প্ৰতিযোগিতাৰ যুগত আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ নাকনি-কাণনিৰ অন্ত নাই। বহু কষ্টৰে মূৰটো থিয়কৈ ৰাখি পেটে-ভাতে খাই থকাৰ দৰে আছো আৰু। অই ল’ৰা, তিনি পিয়লা চাহ আৰু তিনিটা গৰম চিঙৰা দে। |
ডেকাদ্বয় ⵓ | (চাহ-চিঙৰা খাই খাই) দাদা, কিছুদিনৰ আগতে আমাৰ ফালৰ পৰা আপোনালৈ চিঠিৰে প্ৰস্তাৱ এটা প্ৰেৰণ কৰা হৈছিল, আপুনি দেখোন ইতিবাচক সঁহাৰি নিদিলে। |
মধ্যবৰ্ষী ব্যৱসায়ী ⵓ | ভাইটিহঁত, পত্ৰবাহকক মোৰ অৱস্থাটোৰ কথা বিতংকৈয়ে কৈছিলো, তেওঁ যথাস্থানত কথাখিনি নক’লেগৈ নেকি! বৃদ্ধ আই-বোপাইৰ চিকিৎসা, নিবনুৱা ভাইহঁতৰ জীৱিকাৰ সমস্যা আৰু নিজৰ সৰু পৰিয়ালটোৰ ঠেলা গাড়ীখন চলাওঁতেই মোৰ দৰে পোৱালি বেপাৰীৰ পানীত হাঁহ নচৰা অৱস্থা। মা টি ৰ মা লি তা ৮৭ |