পৃষ্ঠা:মাটিৰ মালিতা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কবিতাৰ অসুখ

 

ফুলৰ সৌন্দৰ্যৰ প্ৰশংসা
নকৰিলেই যেনিবা কোনোবাই
কিনো তাৰ আহে যায়
ওঁঠৰ হাঁহি মলঙিলেও
ফুলে একো গমকে নেপায়।
তৰাৰ তিৰ্‌বিৰ্‌ মহঙা পোহৰ
বন্দনা নকৰিলেই যেনিবা কোনোবাই
কিনো তাৰ আহে যায়
আদি আজোককাৰ পৰা এতিয়ালৈকে
বয়সৰ জৰি বান্ধিলেও
সিহঁতক ঢুকিকে নেপায়।

মানুহ নিসৰ্গৰ পুতাই হ’লেও
কেন্দ্ৰত স্থানাঙ্ক তাৰ
ভূগোল আৰু বুৰঞ্জীয়ে গঢ়ে

মা টি ৰ মা লি তা ৫৫