জীৱন
বিচিত্ৰ এই জীৱন! নিবিচৰাকৈয়ে বহুতে পায়, বিচৰাটো সৰহখিনিয়েই নেপায়,
সপোন বুকুত বান্ধি জীৱনৰ অন্ত পেলায়। কাৰোবাৰ জীৱন ব্যক্তি-পৰিয়ালতে
সীমাবদ্ধ, কাৰোবাৰ আকৌ সমাজ আৰু দেশৰ সীমা অতিক্ৰমি ভুৱন বিয়পা
হয়। এই যে সীমাৰ কথা ক’লো সি লৌকিক সীমা নহয়; আত্মিক সীমাহে।
অৱশ্যে আত্মিক ভাৱনাই লৌকিকতাক সমূলি নেওচিলে সি কল্পনা-বিলাসহে
হ’ব। শিৰোনাম যদিও জীৱন, ইয়াত জীৱন নামৰ এজন মানুহৰ কথাহে ক’ব
খুজিছো। চেঙেলীয়া কালৰে পৰা যৌৱন কাললৈকে জীৱন আছিল
বিহুবলীয়া। হাত-পাকৈত জীৱনৰ হাতত ঢোলটোৱে প্ৰাণ পাইছিল, মুখেৰে
নিগৰিছিল ডেকা-গাভৰুৰ গা–ৰাইজাই কৰা বিহুনাম। বিহু, বিয়া আৰু অন্য
ৰং-তামাচাবোৰত সি আৰু তাৰ লগৰীয়াবোৰ অপৰিহাৰ্য আছিল। যৌৱন
ধৰ্মৰ নিয়ম পালি সি মনে খোৱা এগৰাকী চপাই ল’লে আৰু ভূমিৰ ভাৰ
বঢ়ালে কেইবাটাও সন্তানেৰে। লাহে লাহে সংসাৰ চলোৱা তাৰ বাবে টান হৈ
আহিল। উপায় নেপাই খেতি-বাতিত মন নাইকিয়া জীৱনে হালত ধৰিলে।
কিন্তু মনত মাটিৰ প্ৰতি মৰম নেথাকিলে আৰু কৃষি কৌশল নেজানিলে
ভাল খেতিয়ক হ’ব নোৱাৰি। এডৰা-দুডৰাকৈ বাপেকৰ দিনৰ মৌ-বালিয়া
মাটিবোৰ আনৰ হাতলৈ গ’ল। এনে দুৰ্যোগৰ দিনত সি নিজক পাহৰিবৰ
বাবে মহাপুৰুষ দুজনাৰ কীৰ্তন আৰুনামঘোষাত মনোনিৱেশ কৰিলে। সমুদায়
অৰ্থ নুবুজিলেও তাৰ সুৰীয়া কণ্ঠত ঘোষা-পদবোৰে প্ৰাণ পৰশিব পৰাকৈ
পেখম ধৰা আৰম্ভ কৰিলে। লাহে লাহে ইগাঁও-সিগাঁও ৰজনজনাই গ’ল—