পৃষ্ঠা:মাটিৰ মালিতা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমালোকৰ দাবী পূৰাব পৰাকৈ এই ভিকহুৰে ধন ঘটিবই পৰা নাইহে।

 
ডেকাদ্বয়  (মুঠিতে লুকুৱা মাৰণাস্ত্ৰ উলিয়াই) বেয়া নাপাব দাদা, নিয়তিয়ে জন্মতেই আপোনাৰ কপালত লেখা লিপি আমি পঢ়িব জানো, আমাক নোদোষিব, আমি নিমিত্তহে মাত্ৰ। চাহ খুওৱাৰ বাবে ধন্যবাদ, বিদায়। (গুৰুম্.. গুৰুম্‌)


প্ৰতিচিত্ৰঃ ২
ন্যায়ালয়।

 
অপৰাধী  মহামান্য ধৰ্মাৱতাৰ, আপোনাৰ শাস্তি মই নতশিৰে মানি লৈছো। মই অতি সাধাৰণ মানুহ কিন্তু মোৰ মনত ওপজা খোকোজা দুটামানৰ বিষয়ে ধৰ্মাৱতাৰৰ পৰা জানিব খুজিছো, বন্দীক অনুগ্ৰহ কৰিব চাগে।
 
বিচাৰক ⵓ •••
 
অপৰাধী  বাদী-বিবাদী আৰু সাক্ষীসকলে যিখন পৱিত্ৰ গীতাত ধৰি শপত খায় সেই গীতা শাস্ত্ৰখন মই মোৰ নিৰক্ষৰা আইতাৰ মুখেৰে কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধত প্ৰবৃত্ত কৰাবলৈ দিয়া বুজনি বুলি শুনিছিলো, কথাষাৰ সঁচা নেকি ধৰ্মাৱতাৰ?
 
বিচাৰক ⵓ •••
 
অপৰাধী  যিজনী নাবালিকাৰ বিৰুদ্ধে মই ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য অপৰাধ কৰিলো তাৰ বাবে মই লজ্জিত, অনুতপ্ত আৰু আত্মজাহ দিবলৈকো প্ৰস্তুত। ধৰ্মাৱতাৰ, আপুনি মোৰ দৰে অপৰাধীক
৮৮ মা টি ৰ মা লি তা