পৃষ্ঠা:মাটিৰ মালিতা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গছা

 

আন্ধাৰ কাটি কাটি
কটা গৈছে তোৰ গা
বয়স কাটি কাটি
ময়ো জ্বলিছো চা
দেখনে নিজকে তই
আনৰ চকুৰ দাপোনত
অবুজ অন্ধলাই
নেদেখো নিজৰ ছাঁ

তোৰ শিৰত
শিমলু জ্বলে
তোৰ শিৰত
মদাৰ ফুলে
ইতৰাৰ ল’ৰা তই
কিচ্কি‌চ্‌ ক’লা
গড় কৰি ঘৈয়াই ঘৈয়াই কৰে
বখলা-বখলি গা

ধৰ!
ধৰ!

মা টি ৰ মা লি তা ২৫