পৃষ্ঠা:মাটিৰ মালিতা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঠোঁটৰ পৰা টুপকৈ
সৰিল গুটি এটি
কোৰোকীয়া পুখুৰীৰ
নিথৰ পানীত উঠা
এখুদ ঢৌটোৱে
বিশাল কায় ধৰি
বুৱালে ৰ’দে ডকা
পথাৰ আমাৰ

ঘাম হৈ
তেজ হৈ
চ’ৰাঘৰ বৰঘৰত
সোমালহি তাই।

 মা টি ৰ মা লি তা