পৃষ্ঠা:মাটিৰ মালিতা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰেমৰ দৰে

 

শীৰ্ণ নদীৰ সুঁতি এটি
সুৰ এচাটি হৈ বৈ আহিলে
বুকুৰ খোটালিত কেৰেচিয়াকৈ সোমায়
এচেৰেঙা জোনাক

চমকা-চমকি ৰঙৰ মেঘত
বিৰ দি বাট উলিয়াই
ইজেলৰ পুৰণি চটিকাপোৰত
অজলা জোন এটা ওলালে
তোমাৰ হাতৰ কোমল তলুৱাত
এপাহি খৰিকাঁজাই নিঃপালি দিয়ে

ৰূপচৰুৱা মধুৰতম নিশা
সোঁৱৰণি সৌধ হৈ
কাকিনি তামোল জোপা
ৰাগিত থৰ লাগিলে
কুঁহিপাতৰ দাপোনত জিলিকে
তোমাৰ মুখ।

মা টি ৰ মা লি তা ৫৭