পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিলিঙত ওলমি থাকে এলান্ধু।
নিজৰ ঘৰ
পোহৰ নাই বাবেই
নেথাকো বুলি কেনেকৈ কয়!

ওপৰ মহলাৰ ৰূপালী পৰ্দাত
অনন্ত যৌৱনাৰ লয়লাস
উতনুৱা তৰাৰ পোহৰত উফৰি ফুৰে
অজলা সপোনৰ নক্সা,
হাত মেলি মেলি ধৰিবলৈ
এটাৰ ওপৰত আনটো
কিমান যে দেওলগা ঘৰ!

মা টি ৰ মা লি তা ৪১