পৃষ্ঠা:মাটিৰ মালিতা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দিনলিপিত এদিন

 

দোকমোকালি ⵓ

বৰ খনিকৰে পট মেলি
ৰং বোলোৱা সময়তে
মাজে মাজে উঠো;
চৰাইবোৰে কি মুদ্ৰাৰে
গান জোৰে আৰু
বন-বিৰিখে কেনেকৈ
গা-মুৰি দিয়ে চাওঁ বুলি
বিছনাৰ পৰা নামোতেই দেখিলো আজি
জোনাকী এটাইমজিয়াত বাগৰি
শেঁতা পোহৰ বিলাইছে
শেৱালিবোৰে বননিত সুঁৱৰিছে
তৰাৰ স্মৃতি।

ৰাতিপুৱা ⵓ

কোমল বা-ত কঁপিছে
সেউজীয়া দলিচাখন
ধানপাতৰ আগত
তিৰ্‌বিৰাই থকা মুকুতা

৪৪ মা টি ৰ মা লি তা