পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিষাদ কথা

 

মইন কাঁইটৰ খোচ লাগি
মকুৱা শেলুক বোটলা হাতত
তেজ বিৰিঙে
বাঁহীৰ বা লাগি
টোপাটোপে স্মৃতিৰ বকুল সৰে

ৰিংটোৱে ঢুকি নোপোৱা
ৰং-বিৰঙী কাপোৰেৰে
ঘেৰ দিয়া ঘৰটোত
কেঁচা ৰ’দে ঠেলা-হেঁচাকৈ
সাধুকথাৰ টোপোলা খোলে
লুংলুঙীয়া বাটটোৰে খোজকাঢ়িলে
এতিয়া কাঁহিপাতে ডাকে

৩৮ মা টি ৰ মা লি তা