পৃষ্ঠা:মাটিৰ মালিতা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বান ’০৪

 

মেঘত জুই
মাটিতো জুই
ভিতৰত জুই
বাহিৰতো জুই
আখলত পথাৰত
পনীয়া জুই
শীতল কটাৰিয়ে ৰেপি ৰেপি কাটে
দেহৰ জুমুঠি আমাৰ

দক্ষিণৰ পোতাশালৰ
দুৱাৰ খুলিল
উত্তৰত শিলৰ ঘৰ ভাঙিল
শিৰত দেওচাকি জ্বলাই
পানী-গছাই অবিৰাম নাচে
দেওধনি নাচ

চকুলোৰ ঘাটে ঘাটে পানী তোলা
নিৰ্দয়া আয়তী তই
এঘট পানীৰ প্ৰলয়েৰে বুৰালি কিয়
জীৱনৰ বেদ

মা টি ৰ মা লি তা ২৯