পৃষ্ঠা:মাটিৰ মালিতা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভোগৰ সোপানে সোপানে,
চোকা ফটিকাই দিব নোৱাৰা
ধানখেৰৰ বিছনাই আনিব নোৱাৰা
প্ৰচণ্ড উত্তাপ দিলে পিছদিনা
চিতাৰ লেলিহান জুয়ে।

আমাৰ সৰু পুখুৰীটোৰ
পোহনীয়া মাছকেইটাই
উৰণীয়া চৰাইৰ ছাঁ দেখি
খলকনি তুলি বুৰ মাৰিলে
গোপালে ভুমুকিয়াই
সুৱদি মাতেৰে সোধে
বৌদেউ,
ভাল মাছ দুটামান আনিছিলো...

পলসৰ সপোন বুকুত লৈ
উজানৰ কাৱৈ উজানতে হেৰাল।

৫২ মা টি ৰ মা লি তা