পৃষ্ঠা:মাটিৰ মালিতা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেচেকা এটাই দাঁত নিকটাই খেদি আহিল, বিতত হৈ দীঘলনলীয়া
দা-খনেৰে দিলো এটা ঘা, তেজৰ একা-বেঁকা পটি আঁকি উভতি
চেকুৰিলে সি। মোৰ ভিতৰৰ ক’ৰবাত এতিয়াও লাগি আছে সেই
তেজৰ চেঁকুৰা; জোপোহাৰ আঁৰত ডিঙি মোহাৰি মৰা দুদঁতীয়া
খাহীটোৰ ধৰ্‌ফৰণিৰে প্ৰায়ে টোপনিৰ পৰা সাৰ পাওঁ মই।

চাৰি/

খোজকাঢ়ো মই কুঁৱলীৰ বাটেৰে, বতাহৰ ঢৌ লাগি খহি পৰে
থোপা-থুপি সোঁৱৰণি। জেঠৰ খৰত জ্বলে কজলা এজাৰ,
বাসুদেৱ বিবৰে গিলি থয় পোহৰ আৰু উত্তাপ, চিতাৰ দগ্‌মগ্‌
আঙঠা খুঁচৰি পাঠ কৰো অতীত আৰু বৰ্তমানৰ মদৰুৱা
পাণ্ডুলিপি।

পাঁচ/

টুমনিৰ হালধীয়াত সখিয়তীজনী সাঁতুৰিলে জৰ্‌জৰকৈ বিষাদৰ
পাপৰি সৰে, কুৰুৱাই উৰুৱাইনি সিহঁতক সোঁতত থাপিলে
শিশুবোৰে উচুপি উচুপি আকৌ বালিঘৰ সাজে। কেতিয়াবা
উভতি বোৱা নৈৰ দৰে ওভতাব পৰা হ’লে কাল, অক্ষৌহিণী
বিধৱাৰ বিলাপত আকাশ ফাটি চিৰাচিৰ হ’লহেঁতেন, চাপৰি বায়
নাচিলেহেঁতেন কুটিল স্বাধীনতা যখিনী।
মাছাং লালুং মাছাং লালুং নলগাবি ঐ নগৰত জগৰ, পোতাশালত
পুতিব সিহঁতে দুকুৰি চৈধ্যটা বসন্তৰ তেজ!

ছয়/

কাৰাগাৰে কাৰাগাৰে বোকালগা ভৰিৰ সাঁচ, তেজলগা আৰ্তনাদৰ
সাঁচ, বধ্যভূমিৰ আকাশ দোঁ খায় শতপুত্ৰৰ অপুতকা জননীৰ
বুকুভগা বিলাপত। কাঁইটীয়া মুকুটেৰে
তথাপিও অভিষেক তোৰ— অমৃতস্য পুত্ৰাঃ!

৭৮ মা টি ৰ মা লি তা