পৃষ্ঠা:মাটিৰ মালিতা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জিল্‌মিল্‌

 

জিল্‌মিল্‌ ক’ত
পানীৰ তলত
জিল্‌মিল্‌ ক’ত
ফুলৰ গোন্ধত
জিল্‌মিল্‌ বাউলি বতাহত

কিনো বিষাদ বাঁহী
বজাব পিতাই
বৰ পুখুৰীৰ পাৰতে
দেহাটো মোৰ
থৈছে শুৱাই

একাঁঠু পানী
ডিমৰু ঠানি
এবুকু পানী
ডিমৰু ঠানি

•••

তেঁতেলীৰ তলত
আৰু তাঁত বাটি
নকৰিবি আই

মা টি ৰ মা লি তা ১৩