এক ব্যৰ্থ যাত্ৰা
[ ৩ ] AK BYATHA YATRA...A collection of short story by Pinak Pani Baruah and published by SABDA PRAKASH, Thana Road, Jorhat-1 1st Edition - 2nd July, 2010 Prince- Rs.40/-
এক ব্যৰ্থ যাত্ৰা
পিনাকপাণি বৰুৱা
সৰুচৰাই খাট, ঢেঁকৰগঢ়া
যোৰহাট।
ম’বাইল- ৯৪৩৫০৫২৫০২
গ্ৰন্থস্বত্বঃ লেখকৰ
প্ৰথম প্ৰকাশ : ২ জুলাই ২০১০
বেটুপাতঃ ৰণ্জিত গগৈ
অলংকৰণ আৰু অংগ সজ্জাঃ উজ্জ্বল পাওগাম
অনুলিখনঃ প্ৰসেনজিৎ গগৈ, পুলিন শইকীয়া
মুদ্ৰণঃ শব্দ প্ৰকাশ, থানা তিনি আলি,
যোৰহাট-১
ম'বাইল- ৯৮৫৪০-২১৪৬৫, ৯৮৫৪০- ৪৪৩৯৭
মূল্য- ৪০ টকা মাত্ৰ।
‘উৎসৰ্গা’
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত চাৰিটা বছৰ থাকোঁতে বিভিন্ন ধৰণৰ মানুহৰ সৈতে চিনাকী হোৱাৰ সুযোগ পাইছিলো। প্ৰত্যেকৰে চিন্তাৰ ধৰণ বিভিন্ন, প্ৰত্যেকৰে পচন্দ-অপছন্দ বিভিন্ন, একেটা ঘটনাকে চোৱাৰ দৃষ্টিভংগীও প্ৰত্যেকৰে ভিন্ন ভিন্ন। দকৈ যেতিয়া সিহঁতৰ মনবোৰ পঢ়ি চাওঁ এনে লাগে যেন প্ৰত্যেকেই মনত কঢ়িয়াই ফুৰিছে হাজাৰ বিজাৰ গল্প। কিছুমান হাঁহি উঠা, কিছুমান দুখ লগা। সেই চাৰিটা বছৰত লগপোৱা প্ৰত্যেকজন বন্ধুলৈকে কিতাপখন উৎসৰ্গা কৰিলো।
—পিনাকপাণি
‘লেখকৰ মনৰ কথা’
প্ৰত্যেক মানুহৰে জীৱনত হয়তো এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া বহুতো গধুৰ ভাৱে অসহায় কৰি তোলে মনটো। ভাবৰ বোজা কঢ়িয়াব নোৱাৰি অস্থিৰ হৈ পৰে দেহ-মন। নিৰস, ৰংবিহীন যেন হৈ পৰে জীৱনটো। তেনে এক উদাসীন মুহূৰ্ততে এদিন হাতত কলমটো তুলিছিলো। মনৰ ভাৱবোৰ শব্দৰূপে বাহিৰ কৰাৰ উদ্দেশ্যেৰে, সৃষ্টি হ’ল ‘কৌতুহল’ নামৰ গল্পটোৰ। কলেজৰ প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাত উক্ত গল্পটোৱে পুৰস্কাৰ পোৱাত নথৈ আনন্দিত হৈছিলো। তাৰ পিছৰ পৰা যেতিয়াই মনত ভাৱৰ বিশৃংখল ঢৌ উঠে তেতিয়াই হাতত তুলি লওঁ এটা কলম আৰু এখন উকা কাগজ, ঢৌবোৰ শান্ত কৰাৰ উদ্দেশ্যেৰে।
গতিকে যদিও সাহিত্যৰসৰ অভাৱ তথাপিতো গল্প কেইটাৰ প্ৰতি মোৰ মৰম অপৰিসীম। আশা কৰো এই কিতাপখন হওঁক মাথোন এক আৰম্ভণি আৰু বহুতো গল্প আৰু বহুতো উপন্যাস।
অৱশেষত মোৰ এই প্ৰচেষ্টাত সহায় আৰু পৰামৰ্শ আগবঢ়োৱাৰ বাবে মামণি গগৈ বৰুৱা বাইদেউলৈ আৰু মোৰ প্ৰচেষ্টা সফল ৰূপ দিয়াৰ বাবে ‘শব্দ প্ৰকাশ’ৰ প্ৰত্যেকজন ব্যক্তিলৈ অশেষ ধন্যবাদ জনালো।
—পিনাকপাণি বৰুৱা
সূচী:
অপৰাধ/৭
আশা/১৫
চাইকেল/১৯
কৌতুহল/২৫
… হেঁতেন/২৭
অপেক্ষা… /৩৩
ভালপোৱা, বন্ধুত্ব ইত্যাদি/৪০
ধোঁৱা/৫৮
এক নতুন আৰম্ভণি/৬০
এক ব্যৰ্থ যাত্ৰা/৬৯
এটা কুকুৰৰ মৃত্যুত/৭২
অপৰাধ
আজি
ৰাতিপুৱা হ’বলৈ বহু পৰ বাকী। মুকলি পথাৰখনৰ মাজেৰে যোৱা ৰাস্তাটোৰ কাষতে মূৰে কপালে হাত দি বহি আছিল মেদিনী। সময়বোৰ পাৰ হৈ যোৱাৰ লগে লগে ভয় আৰু চিন্তাত তাৰ বুকুৰ স্পন্দন ক্ৰমে বাঢ়ি যাব ধৰিলে। কি কৰিব? ক’ত যাব এতিয়া? টকাৰ লোভত কি খনযে হৈ গ’ল। নিজকে ক’লে সি। ৰাজীৱ হাজৰিকাই ইতিমধ্যে পুলিচক খবৰ দিছে নিশ্চয়। দেউতাকৰ হৃদয়খনো দুৰ্বল।...কিহে পাইছিল বাৰু—সি মনতে ভোৰভোৰালে। কালি ৰাতিপুৱা ৰাতুলে লগ ধৰিছিল চহৰলৈ। তাৰ লগত যোৱাহেঁতেনতো অঘটনটো নঘটে। সি মনতে ভাবিলে।
কালি আবেলি
দেওবৰীয়া আলোচনীখন মেলি বিচনাতে পৰি আছিল মেদিনী।কাষৰ কোঠাটোত দেউতাক আৰু ঘৰৰ ওচৰৰে ৰাজীৱ হাজৰিকাই কথা পাতি আছিল। প্ৰথমতে তেওঁলোকৰ কথাত গুৰুত্ব দিয়া নাছিল যদিও আলোচনীখনত মন নবহাত আনটো কোঠাৰ পৰা ভাঁহি অহা শব্দবোৰ স্পষ্টকৈ কাণত পৰিলহি মেদিনীৰ।
:মই পিছে গৈ থাকো নেকি? - হাজৰিকাই ক’লে।
:ৰ’ব চাহ একাপ খাই যাওক, ঘৰলৈহে যাব।
:নহয় মানে ঘৰত কোনো নাই যে। এওঁ আকৌ পৰহি মানেহে আহিব হেনো মাকৰ ঘৰৰ পৰা।
:ভালহে তেতিয়া হ’লে, দেৰিকৈ সোমালেও ক’বলৈ কোনো নাই।
:নাই, সোনকালেই যাব লাগিব। আচলতে ৰাতিপুৱা আজি দিলীপ আহিছিল। চহৰৰ মাটিখিনি বেচি পোৱা টকাকেইটা দি থৈ গ’লহি। পিছে আজি দেওবাৰ হোৱাৰ বাবে টকাকেইটা বেংকত জমা কৰিব পৰা নহ’ল। তাতে আলমাৰীৰ তলাটোও এওঁ ক’ত থৈ গ’ল বিচাৰিয়েই নাপালো। সেইটো কথা যদি মই বাধা নিদিওঁ, দিন কালহে যেনেকুৱা।- মেদিনীৰ দেউতাকে ক’লে।
আলোচনীখন টেবুলতে থৈ মেদিনী বাহিৰলৈ আহিল। [ ৮ ] : কি অ’ডেকা ল'ৰা কি খবৰ?— মেদিনীক বাহিৰতে লগ পাই হাজৰিকাই সুধিলে।
: ভালেই খুৰা-বুলি কৈ মেদিনীয়ে চাইকেলৰ ষ্টেণ্ডডাল উঠালে।
:কোনোবাফালে যাবি?
: অলপ তিনি আলিৰ পৰা আহো।
: তেনেহলে মোৰ কাম এটা কৰি দিবিচোন।
: কি কাম?
: এই পঞ্চাছ টকাটো ৰাখ আৰু ভাল চাই তলা এটা লৈ আহিবিচোন।
: ঠিক আছে বাৰু বুলি কৈ মেদিনী চাইকেলত উঠিল।
যোৱা বৃহস্পতিবাৰৰ ৰাতি
চাৰিকোণীয়া টেবুলখনৰ এটা মূৰত দেউতাক আৰু আনটো মূৰত মেদিনী বহিছিলহি ভাত খাবলৈ। মাকে এটা এটাকৈ খোৱাবস্তুবোৰ আনি টেবুলত গোটালেহি।
: তোমালৈও লৈ আনা।- দেউতাকে ক'লে
: অঁ আনিম, পানীৰ গিলাছটো দি লওঁ আগতে। ধন তোক আৰু ভাত লাগিব নেকি?
:নাই নালাগে।-মেদিনীয়ে ক'লে—মাকে থাল এখনৰ ওপৰতে গিলাছ তিনিটা লৈ আহিল।
: আপুনি কাৰোবাৰ ঘৰলৈ গৈছিলে নেকি? দেৰি হ’ল যে অলপ? - সমুখতে ভাতৰ থালখন লৈ মেদিনীৰ মাকে সুধিলে।
অঁ এই হাজৰিকাৰ ঘৰৰ সমুখেৰে যাওঁতে তেওঁ মাতি দিলে। তাতে বহি অলপ সময় আড্ডা মাৰিলো।
ঘৈণীয়েক মাকৰ ঘৰলৈ গ’ল। ঘৰত তেওঁ অকলশৰে আছে, সেয়ে অলপ সংগ দি আহিলো।- মেদিনীৰ দেউতাকে ক'লে।
:গম পাইছো দিয়া। কি ধৰণৰ সংগ দি আহিছা। পিছে ভাত-পানী কোনে ৰান্ধিছে?
: নিজেই ৰান্ধিব চাগৈ।
: ভাত খাবলৈচোন ইয়ালৈকে মাতিব পাৰিলেহেঁতেন। [ ৯ ] : অঁ পাৰিলোহেঁতেন আকৌ, চেঃ পিছে চিন্তাই কৰা নহ’ল কথা পাতি থাকোঁতে।
: ইমান কিনো কথা ওলায় আপোনালোকৰ এই বয়সত।
:চহৰত থকা নিজৰ মাটিডোখৰৰ কথা কৈ আছিল হাজৰিকাই। গ্ৰাহক এজন আহিছিল হেনো। দামো বিচৰামতেই দিব বুলি কৈছে। দাইলৰ বাটিটো দেচোন ধন।- দেউতাকে ক'লে। মেদিনীয়ে দাইলৰ বাটিটো আগবঢ়াই দিলে।
: পিছে বিকিবনে নিবিকে?- মাকে পুনৰ সুধিলে।
:বিকিম বুলি কৈছে। পাঁচ কঠা মাটি ছয় লাখকৈ ত্ৰিছ লাখ টকাত বিকিব। মইও ক’লো বোলো ভাল দাম পাইছে যেতিয়া বিক্ৰী কৰি দিয়াই ভাল। এনেই মাটিডোখৰ পৰি থাকিলে কোনোবাই ছল চক্ৰান্ত কৰি দখল কৰি পেলোৱাৰ ভয়।
ভাত খাই উঠি মেদিনীয়ে তামোল এটা দুফাল কৰি কাটিলে। মাক ব্যস্ত হ’ল পাছফালে কাঁহী বাটি ধোৱাত। দেউতাকে ৰেডিঅ'ৰ চেনেলবোৰ সলাই সলাই অৱশেষত পুৰণি অসমীয়া গীত এটা বাজি থকা চেনেলটোত কাঁটাডাল স্থায়ী কৰিলে। মেদিনীয়ে ধপাত চূণ সানি এখন তমোল দেউতাকক দিলেহি।
: তোৰ ইণ্টাৰভিউ আছিল বুলিছিলি যে চহৰত, কোনদিনা আছে?
: পৰহিলৈ আছে পিছে নিদিওঁ বুলি ভাবিছোঁ।
: কিয়?
:মোৰ মন নাই চাকৰি কৰিবলৈ।
: মন নাই মানে? কি কৰিবি চাকৰি নকৰ যদি?
: সেইবোৰ চাকৰি ঘোচ নিদিলে এনেয়ো নাপাওঁ।.. মই নিজৰ ব্যৱসায় এটা খোলো বুলি ভাবিছো।
: কিহৰ ব্যৱসায়? আৰু ব্যৱসায় কি বিনা পইচাৰে আৰম্ভ কৰিব পাৰিবি নেকি?
: ইণ্টাৰনেট কেফে এখন খোলো বুলি ভাবিছো। তাৰ বাবে তিনি লাখমান টকাৰ দৰকাৰ হ’ব।
: ৰচোন। তই নিজে নিজে ব্যৱসায় কৰিম বুলি সিদ্ধান্ত ল'লে নহ’ব নহয় আৰু ইমানবোৰ টকা পাওঁ ক'ত? মই দৰমহা কেই টকা পাওঁ সেইকথা জাননে নাই তই? [ ১০ ] : আৰম্ভণিতহে দিব লাগে। টকা খুজি তুমি যদি হাজৰিকা খুৰাক কৈ চোৱা তেন্তে তেওঁ সহায় কৰিব নিশ্চয়।
: কোনো দৰকাৰ নাই। এই বয়সত মই ইমানবোৰ টকাৰ ধাৰৰ চিন্তা মূৰত লৈ থাকিব নোৱাৰো দেই। তইও এই অবাস্তৱ চিন্তাবোৰ মূৰৰ পৰা উলিয়া। অতবোৰ মানুহে চাকৰি কৰিয়েই খাই আছে, তই কিয় নোৱাৰিবি?
: হেৰি, ৰাতিখন কিনো তৰ্ক কৰি আছেহে? আঁঠুৱা তৰিলো শুই থাককহি আৰু ধন তই বাহিৰৰ জপনাখন মাৰি থৈ আহিবি।- মাকে ভিতৰৰ পৰা ক'লে। মেদিনী নিৰাশ মনেৰে বাহিৰলৈ ওলাই আহিল।
কালি আবেলি
চাইকেল চলাই তিনি আলিৰ অভিমুখে গৈ থাকোঁতে সেইদিনা দেউতাকে কোৱা কথাকেইটাই আমনি কৰি আছিল মেদিনীক। কেইদিনমান আগতে কলেজত একেলগে পঢ়া ৰাতুলক লগ পাইছিল। ৰাতুল এতিয়া ডাঙৰ এখন ৰেষ্টোৰেণ্টৰ মালিক। দেহত দামী কাপোৰ, নতুন গাড়ী... ৰাতুলৰ নতুন ৰূপৰ সৈতে নিজকে তুলনা কৰি লাজ লাগিছিল মেদিনীৰ। টকাই যে সকলো। তাৰ অনুভৱ হৈছিল তেতিয়া।
চাইকেলখনৰ ষ্টেণ্ড পেলাই সি দোকানখনলৈ গ'ল।
: ভাল তলা আছেনে?- মেদিনীয়ে সুধিলে।
: আছে, সৰু লাগে নে ডাঙৰ লাগে?
: ডাঙৰ এটাকে দিয়ক। - দোকানীজনে ডাঙৰ তলা এটা উলিয়াই মেদিনীক দিলে। পেকেটটো খুলি সি চাবি দুটা আৰু তামবৰণীয়া তলাটো বাহিৰলৈ উলিয়ালে।
: তিনিটা চাবি থকা তলা আছে নেকি?
: আছে দামটো পাঁচ টকা বেছি কিন্তু।
: হ’ব দিয়ক।
দোকানীজনক তলাৰ দাম দি সি বাহিৰলৈ ওলাই আহিল।
: অই ধন, ৰবিচোন- পাছফালৰ পৰা তাৰ বন্ধু উত্তমৰ মাত শুনি সি ৰৈ গল।
: কি হ’ল ক। [ ১১ ] :ৰাতি ভাওনা চাবলৈ আহিবিনে?
: অঁ আজি ভাওনা আছে নহয়, মই পাহৰিয়েই গৈছিলো। চাঁও চোন, মন গলে আহিম আৰু। পিছে কিমান দীঘল বাৰু ভাওনাখন?
: দীঘলেই, ৰাতি পুৱাবগৈ লাগে।
অলপ সময় তিনি আলিতে উত্তমৰ সৈতে আড্ডা মাৰি মেদিনী উভতিল। ঘৰ পোৱাৰ আগেয়ে তলাটো দিয়াৰ উদ্দেশ্যেৰে সি হাজৰিকাৰ পদুলিত চাইকেল ৰখালে। কলিং বেল বজাৰ শব্দ শুনা পাই হাজৰিকাই আগফালৰ দুৱাৰখন খুলিলেহি।
: অ’ আহিলি?
: এইটো লওক তলা। পঞ্চলিছ টকা ল'লে। বুলি কৈ মেদিনীয়ে তলাটো আৰু পাঁচটকাৰ নোট এটা আগবঢ়াই দিলে।
: নালাগে, পাঁচ টকাটো তইয়ে ৰাখ। হাজৰিকাই কলে।
ভিতৰলৈ সোমাই আহি মেদিনীয়ে চাৰিওফালে ভালদৰে চালে। আগতেও সি হাজৰিকাৰ ঘৰলৈ বহুবাৰ আহিছে তথাপিত আজি সি পুনৰবাৰ ভালদৰে চালো দুমহলীয়া ঘৰটোৰ ওপৰৰ মহলাত দুটা শোৱনী কোঠা আছে। তলৰ এটা কোঠা আলহী বহিবলৈ আৰু আনটো পাকঘৰ হিচাপে ব্যৱহাৰ কৰা হয়। গা ধুবলৈ আৰু শৌচ প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ বাহিৰত পাছফালে ব্যৱস্থা আছে।
: ৰাতি ভাওনা চাবলৈ যাব নেকি? মেদিনীয়ে সুধিলে।
: চাবলৈ মন এটা আছিল। পিছেঘৰটো অকলে এৰি থৈ যাবলৈ অসুবিধা।
: হয় দিয়ক, মই পিছে গৈ থাকো এতিয়া।
: ঠিক আছে।
মেদিনী ওলাই যোৱাৰ পাছত হাজৰিকাই তলাটো লৈ ওপৰৰ কোঠাত থকা আলমাৰিটোৰ দিশত গ’ল। তলাটো লগাবলৈ লওঁতেই বস্তু এটা তেওঁৰ চকুত পৰিল। অতদেৰিৰ পৰা বাহিৰত বিচাৰি থকা পুৰণি তলাটোচোন আলমাৰিৰ ভিতৰতে আছে। মেদিনীয়ে অনা তলাটোতকৈ পুৰণা তলাটো মজবুত। গতিকে আলমাৰিত পুৰণি তলাটাকে লগাই দিলে হাজৰিকাই।
আজি ৰাতিপুৱা
বেলি উদয় হওঁ হওঁ। মেদিনী তেতিয়াও একে ঠাইতে বহি আছিল। [ ১২ ] তেনেতে দূৰৈত এখন জীপ গাড়ী আহি থকা দেখা পাই সি নিজকে ৰাস্তাৰ মাজৰ কালভাৰ্টটোৰ তলতে লুকুৱালে। তাৰ মূৰৰ ওপৰেৰে তীব্ৰ বেগেৰে পুলিচৰ জীপখন পাৰ হৈ গ'ল। মেদিনী ওলাই আহিল তলৰ পৰা। মনত লৈ ফুৰা ভয়টো বাঢ়ি গ'ল। ৰাস্তাটোৰ দুয়োফালে চাই সি ভাবিব ধৰিলে। এফালে গ'লে সি পুলিচৰ পৰা সাৰি যোৱাৰ আশা আছে। পিছে হাতত এক পইচাও নোহোৱাকৈ সি যাব ক'ত। যদি যাইও তেন্তে কোনোদিনে আৰু উভতি আহিব নোৱাৰিব ঘৰলৈ। সদায়ে পলাই ফুৰিব লগীয়া হ'ব পুলিচৰ পৰা। তাৰ বিপৰীত দিশত গলেও পৰিণতি প্ৰায় একেই। জেলৰ ভাত, সমাজত অপমান আৰু দেউতাকে যে ঘৰত কোনোদিনে সোমাব নিদিয়ে সেই কথা থিৰাং। কিন্তু সেইবোৰ কথাযে অপৰাধটো কৰাৰ আগতেই ভাবিব লাগিছিল।
বহুত সময় ভাবি মেলি থিৰ কৰিলে যে আত্মসমৰ্পণ কৰাই উচিত হব। অন্ততঃ দেউতাকৰ অলপ, সন্মান বাচি যাব। সেই উদ্দেশ্যেৰে সি ঘৰৰ দিশত খোজ ল'লে।
কালি ৰাতি
: মা মই ভাওনা চাবলৈ যাম দেই। অহা দেৰি হ'ব ৷ মেদিনীয়ে ক'লে।
: পাকঘৰত তলা এটা আছে সেইটো আগফালৰ দুৱাৰখনত লগাই চাবিটো লৈ যাবি। আমি পাছফালেদিয়েই ওলোৱা সোমোৱা কৰিম।
: ঠিক আছে।- মেদিনীয়ে ক'লে।
হাজৰিকাৰ ঘৰৰ পাছফালেদি থকা জেওৰাখন বগাই মেদিনী বাৰীৰ ভিতৰলৈ সোমালে। ৰাতি তেতিয়া নটামান বাজিছিল। পাকঘৰত কাহী-বাটিয়ে সৃষ্টি কৰা শব্দ তাৰ কাণত পৰিলহি। ভাত খাই উঠি বিচনালৈ যোৱাৰ আগেয়ে হাজৰিকা প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ নিশ্চয় আহিব। সেই অপক্ষাতে মেদিনী ৰৈ থাকিল আম গছজোপাৰ আঁৰত। প্ৰায় আধাঘন্টামান সময় তেনেদৰে থকাৰ পাছত ভবামতেই হাজৰিকা সোমোৱাৰ লগে লগে মেদিনীয়ে পাছফালৰ দুৱাৰখনেদি ভিতৰত প্ৰৱেশ কৰিলে আৰু দুৱাৰখন জপাই দিলে। লগে লগে দুৱাৰখনৰ তলৰ হুকটো নিজে নিজে গাতত সৰি পৰিল। হুকটো পুনৰ উঠাই থৈ সি ওপৰৰ আলমাৰি থকা কোঠাটোলৈ গ'ল। কোঠাটোত সোমাওতেই হাজৰিকাৰ ভৰিৰ শব্দ শুনা পাই সি লৰালৰিকৈ বিচনাখনৰ তলত সোমাই গ'ল। বিচনাৰ তলতে থাকি সি [ ১৩ ] অপেক্ষা কৰিলে হাজৰিকা টোপনি যোৱালে। ক্ষন্তেক পাছতে কোঠাতো নিঃশব্দ হৈ পৰিল। বাহিৰৰ কীট পতংগই সৃষ্টি কৰা শব্দই পৰিৱেশটো ছানি ধৰিলে। মেদিনীয়ে অতি সাৱধানে বিচনাৰ তলৰ পৰা ওলাই থিয় হ’ল। নিঃশব্দে সি আলমাৰিৰ দিশত আগবাঢ়িল। জেপৰ পৰা চাবিটো উলিয়াই তলাটো খোলাৰ চেষ্টা কৰিলে। কিন্তু চাবিটোচোন নোসোমায়। আৰু তলাটোও সি আনি দিয়া তলাটো নহয়চোন। ভাগ্যই পুনৰ এবাৰ ধেমালী কৰিলে তাৰ লগত। হাতত থকা সৰু টৰ্চটোৰ পোহৰত সি দেখা পালে আলমাৰিৰ ভিতৰত এটা শকত এনভেলপৰ পেকেট। ইমান ওচৰ চাপিও খালী হাতেৰে উভতিব লাগিব সি। চাবিটো জেপত ভৰাওঁতে আঙুলি কেইটাই অনুভৱ কৰিলে অন্য এটা চাবিৰ স্পৰ্শ। ঘৰৰ দুৱাৰখনত মাৰি থৈ অহা তলাটোৰ চাবিটোও একেটা জেপতে আছিল। কেতিয়াবা অন্য তলাৰ চাবিয়েও তলা খোল খাই যায়। সেই আশাতে সি ঘৰৰ চাবিটো তলাটোত ভৰালে আৰু এটা মিচিকিয়া হাঁহি বিৰিঙি উঠিল ওঁঠত। আলমাৰিৰ দুৱাৰখন খুলি সি এনভেলপটো উলিয়াই আনিলে। এদিন নহয় এদিন এইখিনি টকা ঘূৰাই দিব হাজৰিকাক, সি মনতে ভাবিলে। হঠাৎ কোঠাটোৰ লাইটটো জ্বলি উঠাত চক খাই উঠিল মেদিনী।
: ধন তই? কি কৰিছ এইবোৰ?- চিঞৰি উঠিল হাজৰিকা। ভয়ত এনভেলপটো তাতে পেলাই মেদিনী দৌৰ মাৰিলে।
: ৰ একে ঠাইতে।
মেদিনী একে দৌৰে তলৰ মহলা পালেহি আৰু তাৰ পাছত ঘৰৰ বাহিৰ। জেওৰাখন পাৰ হওঁতে ঘৰৰ ভিতৰৰ পৰা অহা ডাঙৰ শব্দ এটা শুনা পালে সি। পিছে শব্দৰ উৎস জানিবৰ বাবে সি তাত ৰৈ নাথাকিল। দৌৰি দৌৰি সি বহুত দূৰলৈ আঁতৰি আহিল।
আজি ৰাতিপুৱা
দূৰৈৰ পৰাই হাজৰিকাৰ ঘৰৰ পদুলিমুখত মানুহৰ ভিৰ চকুত পৰিল মেদিনীৰ। চকুত পৰিল পুলিচৰ জীপখনো। দেউতাকে বহুকেইজন মানুহৰে সৈতে কথা পাতি আছিল। ৰাজীৱ হাজৰিকা বাহিৰত নাছিল, হয়তো পুলিচক সবিশেষ বৰ্ণনা দি আছিল ঘটনাৰ। সি ভাবিলে। তলমূৰ কৰি মেদিনী আগবাঢ়িল। কোনো এজনৰ চকুলৈ চাবলৈ তাৰ সাহস নহ'ল। তাক দেখা পাই দেউতাকে [ ১৪ ] কি প্ৰতিক্ৰিয়া কৰিব সেই কথা ভাবি তাৰ অধিক ভয় লাগিল। গৈ সি পদুলিমুখ পালেগৈ কিন্তু তাত উপস্থিত কোনো মানুহৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাপালে। দেউতাকেও এবাৰ তাৰ ফালে চাই পুনৰ কথা পতাত ব্যস্ত হল।
: মানুহৰ কেতিয়া কি হৈ যায় কোনেও নাজানে। - ভিৰৰ মাজৰ পৰা এজনে মন্তব্য কৰিলে। কিন্তু হৈছে কি? জানিবৰ বাবে তাতে থিয় হৈ থকা উত্তম কাষলৈ গ'ল মেদিনী।
: অই উত্তম, কি হৈছে অ’ ইয়াত?
: ৰাজীৱ হাজৰিকা যে, যোৱাকালি ৰাতি ঢুকাল।
: কি? কিন্তু কেনেকৈ? - আচৰিত হৈ মেদিনীয়ে সুধিলে।
: খটখটিৰ পৰা বাগৰি পৰিল। মূৰটো পকাত খুন্দা খাই ফাটি গ’ল। গোটেই মজিয়া তেজেৰে ৰঙা হৈ আছে। আনকি তেজ দুৱাৰৰ তলেৰে বাহিৰলৈকে বৈ আহিছে। ৰাতিপুৱা গুৱালে গাখীৰ দিবলৈ আহোতে দেখা পাই চিঞৰ বাখৰ লগালতহে গম পালো।
: ভিতৰত কোনোবা সোমাইছিল কিজানি ৰাতি?– কৌতুহলেৰে মেদিনীয়ে সুধিলে।
: নাই, ঘৰৰ দুৱাৰকেইখন ভিতৰৰ পৰাই বন্ধ আছিল। ৰাতিপুৱাহে আগফালৰ দুৱাৰখন ভাঙি মানুহবোৰ সোমাই গৈছিল।
কিন্তু আগফালৰ দুৱাৰখনতো খুল খাই আছিল।- মেদিনীয়ে ভাবিলে, দুৱাৰখন থেলি থৈ আহোতে নিশ্চয় তলৰ হুকটো লাগি ধৰিছিল গাতত, সি ভাবিলে।
বগা চাদৰেৰে আৱৰা ৰাজীৱ হাজৰিকাৰ মৃতদেহটো বাহিৰলৈ উলিয়াই অনা হ’ল। লগে লগে এক মিশ্ৰিত অনুভূতিৰে ভৰি পৰিল মেদিনীৰ মন। এজন মানুহৰ মৃত্যুৰ বাবে দায়ী হ’ল সি ৷ তাৰ বিপৰীতে অত দেৰিৰ পৰা মনত লৈ থকা ভয়বোৰ লুকাই গ'ল মনৰ ভিতৰতে।
ঘটনাস্থলীত ৰৈ নাথাকি সি ঘৰমুৱা হ'ল। টোপনিয়ে চকুহাল হেঁচি ধৰিছিল [ ১৫ ]আশা
বাৰ বজাৰ ক্লাছটো শেষ কৰি চিগাৰেট এটা খোৱাৰ উদ্দেশ্যেৰে অংশুমান কলেজৰ বাহিৰলৈ ওলাই আহিল। বাহিৰত খুব ৰ’দ। ডাঙৰ গছজোপাৰ তলত থকা ঘুমটিখনৰ সন্মুখত গৈ তেওঁ থিয় হ'লগৈ।
: গল্ডফ্লেক এডাল দিয়াচোন।
দোকানীজনে চিগাৰেট এটা আৰু জুইশলাৰ বাকচটো আগবঢ়াই দিলে।
: ইয়াতে বহিছো দেই অলপ সময়। ওচৰতে থকা চকীখনত বহি অংশুমানে কলে।
:বহক।
চকীত বহি অংশুমানে চিগাৰেটৰ মূৰত জুই সানি দিলে। অলপ দূৰৈৰ পৰা এজনী ছোৱালী খৰধৰকৈ দোকানখনৰ দিশত আগবাঢ়ি থকা লক্ষ্য কৰিলে দুয়ো। ঘূৰণীয়া মুখৰ, শকত দেহৰ ছোৱালীজনী দোকানখনৰ ওচৰলৈ আহি দুবাৰমান দীঘলকৈ উশাহ ল'লে আৰু ক'লে,
:তেনেহ'লে তুমি কি সিদ্ধান্ত ল’লা মোৰ প্ৰস্তাৱটোৰ বিষয়ে?—
কোনো উত্তৰ নিদিয়াকৈ দোকানীজনে অলপ সময় চাই ৰ’ল ছোৱালীজনীলৈ।
: মই মানে ... (অলপ ৰৈ) নোৱাৰিম বুজিছা, মোৰ বিয়া ইতিমধ্যে ঠিক কৰি থৈছে ঘৰত।
: কিন্তু তুমিতো ভাবিম বুলি কৈছিলা? কিয় কৈছিলা ভাবিম বুলি? (অলপ ৰৈ) সঁচাকৈ মোক বিয়া নকৰোৱা তুমি?
: বুজিবলৈ চেষ্টা কৰা, মই নোৱাৰিম।
: নুবুজো মই একো। মই শকত কাৰণেই তোমালোক মতাবোৰে বাৰে বাৰে মোক ঠগি থাকা।
: তেনেকুৱা কথা নহয় অ’ আশা।
: তেনেহ'লে কৰোৱানা মোক বিয়া। মই খুব মৰম কৰিম তোমাক, কাপোৰ [ ১৬ ] ধুই দিম, ঘৰ চাফা কৰিম, ভাত ৰান্ধিম, তোমাৰ লগত ফুৰিবলৈ যাম।
:এবাৰ নোৱাৰো বুলি ক'লে নহয়, যোৱা এতিয়া ইয়াৰ পৰা, দিগদাৰ দি
নেথাকিবা। খঙৰ সুৰত দোকানীজনে ক'লে।
:নেযাওঁ, চালা কুকুৰ, হাৰামী।
:যা বুলি ক'লো নাই।
:অই ধমকি দি কথা নকবি। বদমাচ মানুহ, নিজকে তই ভাব কি বুলি?
তহঁত মতাবোৰক চবকে ধুনীয়া ছোৱালীয়েই লাগে। মোৰ দৰে ছোৱালীবোৰ কি
সদায় অকলশৰেই থাকিব?—সমস্ত খং উজাৰি তাই যাবলৈ ওলালে, কিন্তু ওচৰতে
বহি থকা অংশুমানৰ ওপৰত চকু পৰাত থমকি ৰ'ল।
:আপোনাক আগতে ক'ৰবাত দেখিছো নেকি? আশাই সুধিলে।
:কত দেখিছে? অংশুমানে আচৰিত হৈ সুধিলে।
:মনত পৰা নাই পিছে দেখিছো আপোনাক ক'ৰবাত।
...(অলপ ৰৈ) যি কি নহওক আপোনাৰ বিয়া ঠিক হৈ আছে নেকি?
উত্তৰত কি ক’ব অংশুমানে ভাবিব ধৰিলে। অলপ সময়ৰ আগতে আশাৰ
মুখেৰে ওলোৱা গালিকেইটা মনত ৰাখি তেওঁ ক'লে,
:মোৰ বিয়া হোৱা আজি প্ৰায় দুবছৰেই হ’ল, গতিকে বেয়া নেপাবা কিন্তু
মইও নোৱাৰিম।
:ছেঃ মোৰেই ভাগ্য বেয়া। পিছে ভবিষ্যতে যদি ডাইভৰ্চ-চাইভৰ্চ হয় তেন্তে
মোক জনাব। মোৰ একো প্ৰব্লেম নাই।
:নিশ্চয়, মই জনাম বাৰু, অংশুমানে ক'লে।
:যাওঁ তেতিয়া হলে।
:ঠিক আছে।
মন মাৰি আশা গুচি গ'ল। চকুৰ আঁতৰ নোহোৱালৈকে দুয়ো নিৰৱ হৈ চাই
থাকিল তাই যোৱাৰ দিশত।
:মানুহৰো যে ভাগ্যবোৰ। দোকানীজনে হুমুনিয়াহ কাঢ়িলে।
:কোন আছিল ছোৱালীজনী? কেনেকৈ এনেকুৱা অৱস্থা হ'বলৈ পালে?
অংশুমানে কৌতুহলেৰে প্ৰশ্ন কৰিলে।
:ছোৱালীজনীৰ নামটো আশা। ঘৰটো এই ওচৰতে। কেইমাহমান আগলৈকে ছোৱালীজনী ঠিকেই আছিল। বহু বছৰৰ আগৰ পৰাই মাক-দেউতাকে তাইক [ ১৭ ] বিয়া দিয়াৰ চেষ্টা কৰি আছিল। পিছে মানুহে তাইক চাবলৈহে আহে। এবাৰ
তাইক দেখাৰ পাছত সিহঁতৰ দেখাদেখি নোহোৱা হয়। সেই কাৰণতে আশাৰ
মনটো লাহে লাহে মৰহি যাব ধৰিলে। কেইমাহমান আগতে এজন ল'ৰা আহিছিল
তাইক চাবলৈ, পচন্দও কৰিছিল। বহু দিনৰ আশা পূৰণ হোৱাৰ আনন্দত ঘৰখন
মুখৰিত হৈ পৰিছিল। আশাৰ কথাটো ক'বই নেলাগে, কি ফুৰ্তি সেইকেইদিন।
পিছে সেই আনন্দ বেচিদিন নৰ'ল। যৌতুকৰ নামত আগতীয়াকৈ বহুত টকা
লৈ ল’ৰাই পলাই পটং দিলে। বিয়াৰ ৰভা ৰভা হৈয়েই থাকিলে। ওচৰ-পাজৰৰ
মানুহবোৰে সেই কথাকে লৈ বহুদিনলৈ ৰগৰ কৰিলে। পাছলৈ গম পালো যে
ছোৱালীজনী আগৰ দৰে হৈ থকা নাই, ঘৰত থাকিলে ওচৰতে যি বস্তুকে পাই
ভাঙি থানবান কৰে আৰু বাহিৰত মতা মানুহ দেখিলেই তাইৰ মুখত এটাই কথা,
এই শুনিলেই নহয় আপুনি।
: তাকেহে বেয়াই লাগে কাৰোবাক এনে অৱস্থাত দেখিলে।
তাৰ পিছত বহুদিনলেকৈ সেই ঘটনাটোৱে অংশুমানৰ মনটোক আমনি কৰি
ৰাখিল। কলেজৰ পৰা আহোঁতে তেওঁ প্ৰায়েই ইফালে-সিফালে চাই, জানিবৰ
মন যায় আশাৰ খবৰ। কেইমাহমান পাছত তেওঁৰ সেই হেঁপাহ পূৰণ হ'ল।
ঘৰলৈ আহি থাকোতে হঠাৎ বাচষ্টপত বহি থকা আশাৰ ওপৰত চকু পৰিল
অংশুমানৰ। অকলশৰে মন মাৰি বহি আছিল তাই।
: আশা, ভালনে তোমাৰ? অংশুমানে সুধিলে।
: অ’, আপুনি, মোৰ ভাল নহয়। বৰ ডাঙৰ বিপদ এটাত পৰিছো মই।
: কি বিপদ?
: মোৰ মানুহজন হেৰাইছে, ৰাতিপুৱাৰে পৰা চাৰিওফালে বিচাৰি ফুৰিছো,
কিন্তু ক'তো বিচাৰি পোৱা নাই।
: তোমাৰ মানুহজন মানে?
: অ’, মোৰ বিয়া হ’ল নহয়। বৰ লৰালৰিকৈ পাতিলো, কাকো মতাই নহ'ল।
বেয়া নেপাব।
: কিন্তু কেতিয়া?
: কালি।
: কালি?
: অঁ কালি। কালি দিনত এই বাছষ্টপটোতে লগ পালো তেওঁক। প্ৰথমবাৰ [ ১৮ ] মই দিয়া বিয়াৰ প্ৰস্তাৱ কোনোবাই সন্মতি জনালে৷ ইমান ভাল লাগিছিল মোৰ।
পিছে তেওঁ কৈছিল যে তেওঁ হেনো খুব ব্যস্ত থাকে। গতিকে বিয়াখন কালিয়েই পাতিব লাগিব। মইও একো আপত্তি নকৰিলো, কি ঠিক পাছত যদি মোৰ মন সলনি হৈ যায়। তাৰ পাছত মন্দিৰ এটাত গৈ ভগৱানক সাক্ষী কৰি তেওঁৰ মূৰত সেন্দুৰ সানিলে আৰু আমাৰ বিয়া হৈ গ'ল। উসঃ ইমান ভাল লগা আছিল সেই মুহূৰ্তটো। এতিয়া আৰু মোক লৈ কোনেও ঠাট্টা কৰাৰ সুযোগ নেপায়। ঘৰতো কাৰো কথা শুনি থাকিব নেলাগে আৰু মই। মন্দিৰৰ পৰা তেওঁ মোক তেওঁ থকা কোঠাটোলৈ লৈ গ'ল। কোঠাটো সৰু। পিছে মানুহ দুজনহে। গতিকে অসুবিধা নাই। তাৰ পাছত তেওঁ মোক... লাজেই লাগে মোৰ ক’বলৈ। পিচে ৰাতিপুৱা সাৰ পাই দেখো তেওঁ বিচনাত নাই। কাপোৰ কানি পিন্ধি বাহিৰতো বিচাৰিলো কিন্তু তেওঁক বিচাৰি নেপালো। ৰাতিপুৱাৰ পৰা এতিয়া আবেলি হ'লগৈ। কিন্তু তেওঁৰ কোনো খবৰেই নাইচোন, আপুনিয়েই কওকচোন ক'ত বিচাৰি যাওঁ মই।
অংশুমানে অনুমান কৰিব পাৰিছিল প্ৰকৃততে কি ঘটিল আশাৰ সৈতে। কোনো অসভ্য মানুহে এই দুৰ্ভগীয়া ছোৱালীজনীৰ জৰিয়তে নিজৰ কামনা পূৰ কৰিলে। আশাৰ এই অৱস্থা দেখি তাৰ অলপো লাজ নেলাগিলনে? অংশুমানে ভাবিলে।
: তেওঁৰ ঘৰটোৰ আশে-পাশে থকা মানুহবোৰে কৈছে যে সেই ঘৰটোত কোনো নেথাকে। কিন্তু মই জানো যে সিহঁতে মিছাকৈ কৈছে। কোনেও মোৰ সুখ দেখিব নোৱাৰে। মোৰ পিচে খুব চিন্তা হৈছে, ক’ত বিচাৰি যাও মই? আপুনি মোক সহায় কৰকচোন বিচৰাত। কৰিবনে? কৰিবনে মোক সহায়? হাতযোৰ কৰি ৰৈ আছিল আশা অংশুমানৰ সন্মুখত। নিৰুপায় অংশুমানেও শব্দ বিচাৰি পোৱা নাছিল তাইক বুজাবলৈ।
⸻⸻
চাইকেল
হাতত থকা পাঁচশটকীয়া নোটটোৰফালে চাই বিতু দুখমনেৰে খেলপথাৰখনৰ
সোঁমাজত বহি আছিল। হঠাৎ পাচফালৰ পৰা চাইকেলৰ টিলিঙা বজোৱাৰ শব্দ
তাৰ কাণত পৰাত সি ঘূৰি চালে। তাৰ বন্ধু বাবুলে খুব বেগেৰে চাইকেলখন চলাই
আনি চিনেমাত বাইক ঘূৰোৱাৰ দৰে ঘূৰালেহি।
: কি হ’ল অ’? অকলে অকলে ইয়াত বহি আছ যে, মাৰ খালিনেকি ঘৰত?
ষ্টেণ্ড নোেহোৱা চাইকেলখন মাটিতে শুৱাই লৈ বাবুলে সুধিলে। উত্তৰত কিন্তু
নেমাতিলে বিতুৱে।
: আৰে, হাতত পাঁচশটকীয়া নোটচোন; আচল নে নকল?
নাই, বিতুৱে একো নকয়।
: কি হ’ল নকৱ কিয়?
: দেউতাটো বৰ মিছলীয়া অ’। কিমান দিনৰ পৰা পূজাত চাইকেল এখন
কিনি দিম, কিনি দিম বুলি কৈ শেষমুহূৰ্তত আহি ঠগি দিলেহি।
: কিয়? কি ক’লেনো?
: চাইকেল কিনি দিবলৈ টকা নাই হেনো।
এই পাঁচশ টকাটো দিছে, তাৰে যি লাগে কিনি ল’বলৈ কৈছে।
: আচ্ছা সেইটো কথা, (কাষত বহি লৈ) চাইকেলৰ দামটো হাজাৰ টকাৰ
তলত নহয়।
: তাকেইতো, মোৰ খুব ইচ্ছা আছিল এইবাৰ পূজাত চাইকেল এখন ল’বলৈ।
: এঃ হ’ব দে, মোৰ এইখন আছে নহয়, বাইকৰ সৈতে সমানে যায়। ব’ল
এতিয়া তিনি আলিৰ পৰা আহে। মন মাৰি বহি থাকিব নালাগে।
বিতুক মাজৰ ৰডডালৰ ওপৰত বহুৱাই বাবুলে দ্ৰুতগতিত পেডেল পকালে।
তিনি আলিৰ লাইটৰ পষ্টটোতে চাইকেলখন আউজাই দুয়ো সিটো পাৰে থকা
দোকানখনৰ দিশত আগবাঢ়িল।
: ঘূগুণী খাবি? বিতুয়ে সুধিলে।
: ব'ল।
[ ২০ ] দুয়ো সৰু ঘুমটিটোৰ ভিতৰলৈ সোমাই গ'ল।
: দাদা ঘূগুণী দুই প্লেট দিব।... আৰু বইল কণীৰ দাম কেনেকৈ? বাবুলে
সুধিলে।
: লোকেল সাত টকা, চালানী চাৰি টকা।
: লোকেলৰ দাম ইমান বেছি যে? বিতুৱে সুধিলে।
: নহ'বনো কিয়? কিনা দামেইচোন পাঁচ টকা। দোকানীজনে ক'লে।
: আৰু চালানীৰ?
: আঢ়ৈ টকা।
: চালানীকে দুটা দিয়ক।
মানুহজনে ঘূগুণী দুই প্লেটৰ সৈতে বাটি এটাত কণী দুটা লৈ সিহঁতৰ সন্মুখত
ৰাখিলেহি।
: কথা এটা ভাবিছোঁ। হাতত কণীটো লৈ বাবুলে বিতুক ক'লে।
: কি কথা?—বিতুৱে সুধিলে।
: খাই ল। বাহিৰত গৈ কম।
দোকানীজনৰ হাতত পাঁচশ টকাৰ খুচুৰা নথকাৰ বাবে বাবুলে নিজৰ জেপৰ
পৰাই দুই প্লেট ঘূগুণী আৰু দুটা কণীৰ দাম দিলে আৰু বিতুক লগত লৈ দোকানৰ
বাহিৰলৈ ওলায় আহিল।
: কি কথা ভাবিছ বুলি কলি? বিতুৱে সুধিলে।
: চাইকেল কিনিবি?
: পাঁচশ টকাৰে?—আচৰিত হোৱাৰ সুৰত বিতুৱে সুধিলে।
: এঃ তোক লাগেনে নেলাগে সেইটো ক।
: লাগে আক, এনেই মন মাৰি আছো নেকি।
: শুন তেনেহ'লে। বুলি কৈ বাবুলে বিতুৰ কাণত অলপ সময় ফুচফুচালে।
: মাৰ খোৱাৰ বুদ্ধি কৰিছ?—বিতুৱে সুধিলে।
: নেখাওঁ মাৰ, ইয়াত নেবেচো নহয়। কোনোবা দূৰৈৰ ঠাইত বিকিমগৈ।
অলপটো ৰিস্ক ল’বই লাগিব।
: মোৰ ভয় লাগে দেই।
: চাইকেল নেলাগে তাৰমানে?
: লাগে।—বিতুৱে লাহেকৈ ক'লে।
[ ২১ ] ঃ কাইলৈ দেওবাৰ, তিনিআলিত বজাৰ বহিব।
ঃ তাৰ পৰাই প্ৰয়োজনীয় বস্তুখিনি কিনিব পৰা যাব। ভাৰপাচি ঘৰত আছেই।
ঃ ৰং আছে মোৰ লগত।
ঃ বঢ়িয়া, কাইলৈ ৰাতিপুৱা ওলাবি তেনেহ'লে।
পাছদিনা ৰাতিপুৱাই বাবুল গৈ বিতুহঁতৰ ঘৰৰ পদূলিত উপস্থিত হ'লগৈ।
দুবাৰমান টিলিঙা বজোৱাৰ পাছত এযোৰ নতুন কাপোৰ পিন্ধি বিতু বাহিৰলৈ
ওলাই আহিল।
ঃ কি পিন্ধিছ এইবোৰ।⸺বাবুলে সুধিলে।
ঃ কালি খুৰাহঁত আহিছিল। মোলৈ এই কাপোৰযোৰ লৈ আনিছিল।
ঃ তোৰ মূৰটো। এইযোৰ পিন্ধি নহ'ব। যা গেঞ্জী এটা আৰু হাফপেন্ট এটা
পিন্ধি আহ। লেতেৰা হ'লে আৰু ভাল।
শাক-পাচলিৰ পৰা আৰম্ভ কৰি হাঁহ কুকুৰালৈকে বহুতো বস্তু লগত লৈ বেপাৰীবোৰ ৰৈ আছিল গ্ৰাহকৰ অপেক্ষাত। হাতত সৰু-ডাঙৰ মোনাবোৰ লৈ গ্ৰাহকবোৰেও ভিৰ কৰিছিলহি ঠাইডোখৰ। দুয়োকাষে থকা বেপাৰীবোৰৰ মাজেৰে বাবুল আৰু বিতু আগবাঢ়ি গ'ল। অলপ দূৰ গৈ কণীৰ দম এটা লৈ বহি থকা মানুহ এজনৰ ওচৰত গৈ দুয়ো ৰ'লগৈ।
ঃ দাদা, চালানী কণী কেনেকৈ দিছে?—বাবুলে সুধিলে। ঃ যোৰা পাঁচ টকা। কেইটা দিম? ঃ দুশটা। ঃ ইমানবোৰ কণী কিয় লাগে অ’?—দোকানীজনে সুধিলে। ঃ ঘৰত ভোজ আছে, কণীৰ ভোজ।—বিতুৱে তপৰাই উত্তৰ দিলে।
কণীৰ প্লেটবোৰ চাইকেলখনৰ পাছফালে থকা কেৰিয়াৰত বান্ধি ল'লে দুয়ো। বিতুৱে প্লেটবোৰ ধৰি থাকিল আৰুবাবুলে লাহে লাহে চাইকেলখন থেলিব ধৰিলে। ঃ এইখিনি পিচে নিবি ক'লৈ? ঃ ঘৰলৈ নিব নোৱাৰি, গতিকে আমাৰ ঘৰৰ পাছফালে থকা পথাৰখনলৈকে লৈ যাও। তই গৈ ৰংখিনি লৈ আনগৈ। কণীবোৰ প্লেটৰ পৰা এটা এটাকৈ বাহিৰ কৰি পাচি এটাত গোটালে বাবুলে। বিতু ব্যস্ত ৰং মিহলোৱাত। ছবি অঁকাত সি বেচ ভাল, কোনটো ৰঙৰ সৈতে কোনটো মিহলালে কি ধৰণৰ ৰং সৃষ্টি হ’ব সি জানে। ৰং মিহলাই গাখীৰ দিয়া চাহৰ দৰে
এক ব্যৰ্থ যাত্ৰা/২১
ৰং সানিব ধৰিলে বিতুৱে। কিছু সময়ৰ পাছত গোটেইখিনি কণীৰে ৰং সলনি কৰি
পেলালে সি।
: হৈ গ’ল, এতিয়া পিছে বেচিবিগৈ কত? হাতত লাগি থকা ৰংবোৰ নৰাবোৰত
ঘহি থাকি বিতুৱে সুধিলে
: গাঁৱত ঘৰুৱা কণীৰ গ্ৰাহক বেচি নোলাব,গতিকে অলপ কষ্ট হ'লেও চহৰতে
বিকিবগৈ লাগিব।
: একে ঠাইতে বিকিবিনে ঘৰে ঘৰে যাবি?
: একে ঠাইতে ৰৈ থাকি মাৰিব খুজিছ। ঘৰে ঘৰে যাব লাগিব আৰু অতি
সাবধান হ'ব লাগিব।
গেটখন খুলি কণী বেচাৰ উদ্দেশ্যেৰে দুয়ো প্ৰথমঘৰ মানুহৰ চৌহদত প্ৰবেশ
কৰিলে।
: কণী লাগিব, কণী? বিতুৱে চিঞৰিলে।
: ৰ’বা গৈছো। ভিতৰৰ পৰা মহিলা এগৰাকী ওলাই আহিল বাহিৰলৈ।
: বাইদেউ চাই লওক, একদম ঘৰুৱা মুৰ্গীৰ কণী।
: দাম কিমান পিছে?
: যোৰা দহ টকা।
: এহ বহুত দাম কৈছা।
: নাই কোৱা বাইদেউ, বজাৰতো একেই দাম। পূজা বুলি আপোনাৰ পৰা
বাৰু যোৰা ন-টকাকৈয়ে লম।
: ঠিক আছে, বাৰটামান দিয়া। পুৰণা নহয়তো কণীবোৰ?
: নহয় বাইদেউ, এই ওলাইছে আৰু আনিছো। বিতুৱে ক'লে।
: চুপ। বাবুলে মানুহগৰাকীয়ে গম নোপোৱাকৈ বিতুক চিকুট মাৰি ক'লে।
: সন্ধিয়া হোৱাৰ আগে আগে পাচি দুটা খালী হ’ল। চহৰৰ পৰা আহি
তিনিআলিৰ ওচৰতে ৰৈ দুয়ো টকাৰ হিচাপ কৰিলে। আগদিনাৰ পাঁচশ টকাৰ
সলনি সেই সময়ত সিহঁতৰ হাতত আছিল নশ পঞ্চাছ টকা।
: কিন্তু চাইকেলৰ দামটো ইয়াতকৈ বেছি হ'ব? বিতুৱে সুধিলে।
: ৰচোন, একেদিনাই চাইকেল কিনিব পাৰিবি বুলিনো কেতিয়া ক’লো।
তাৰমানে কাইলৈ আকৌ কণী বেচিব লাগিব? বিতুৱে হুমুনিয়াহ কাঢ়িলে।
[ ২৩ ] : লাগিব, আৰু আগতে এই টকাৰে কণী কিনিব লাগিব তাৰ পিছত ৰং
সানিব লাগিব। বুজিলি?
: অঁ বুজিলো।
: কি বুজিলি?
: কষ্ট নকৰিলে একো নেপাই।
: ঠিক বুজিলি।
পাছদিনাখনো দুয়ো একেকেইটা কামৰে পুনৰাবৃত্তি কৰিলে। সলনি হ'ল মাত্ৰ
বেচিবলৈ যোৱা ঠাইখন। সেইদিনা গধূলিলৈকে নশ পঞ্চাছ টকা বাঢ়ি প্ৰায় ওঠৰশ
টকা হ'লগৈ। তৃতীয়দিনা আনন্দমনে দুয়ো চহৰলৈ গ'ল। চাইকেল কিনাৰ
উদ্দেশ্যেৰে ৷ পিছে দোকানখন গৈ পোৱাৰ পাছতহে খেলিমেলিটো লাগিল।
চাইকেলবোৰ ইখনতকৈ চোন সিখন চৰা, এখনৰ যদি গঠন ধুনীয়া আনখনৰ আকৌ
ৰংটো চকুত লগা।
: অই এইখন চা গীয়েৰ আছে। বিতুৱে ক'লে।
: কিছু ধুনীয়া, দামো ছাগৈ বহুত হ'ব।... দাদা, এইখনৰ দাম কিমান?
: তিনি হেজাৰ চাৰিশ। দোকানীজনে ক'লে।
: ছেঃ বাদ দে সেইখন, গীয়েৰ নথকা এখনকে পচন্দ কৰ। বাবুলৰ কথাষাৰ
শুনি বিতুৱে অলপ সময় তালৈ চাই ৰ’ল।
: কি? বাবুলে সুধিলে।
: ইমানখিনি কষ্ট কৰিলোৱেই যেতিয়া আৰু এদিন ..
: কোনো দৰকাৰ নাই। এইখিনি টকাৰে যি পাৱ’ তাতে সন্তুষ্ট থাক। ধৰা
পৰিলে সেইখনো যাব। বুজিলি?
: ও
: কি বুজিলি?
: লোভেই পাপ, পাপেই মৃত্যু।
: ঠিক বুজিলি।
ওঠৰশ টকাৰ ভিতৰতে কিনিব পৰা চাইকেল এখন কিনি বিতু আৰু বাবুল
ঘৰলৈ বুলি ওভতিল।
: ঘৰত পিছে কি বুলি ক’বি? বাবুলে সুধিলে।
এটা কাম কৰিম, চাইকেলখন কেতিয়াবা তোৰ ঘৰত ৰাখিম আৰু কেতিয়াবা [ ২৪ ] মোৰ ঘৰত ৰাখিম। তোৰ ঘৰত সুধিলে মোৰ চাইকেল বুলি ক'বি আৰু
আমাৰ ঘৰত সুধিলে তোৰ চাইকেল বুলি কম। ঠিক আছে?
: ঠিক আছে।
ঘৰ গৈ পাই বিতুৱে নঙলাডাল খুলিলে আৰু দুয়ো ভিতৰলৈ সোমাই গ'ল।
: ক'ত ঘূৰি ফুৰ অ’ তহঁত দুটা দিনটো? বিচাৰি ফুৰিলেও নেপাই। বিতুৰ
মাকে ক'লে।
: চহৰলৈ গৈছিলো, ঘৰত কোনোবা আলহী আছে নেকি?
বাহিৰত ৰখাই থোৱা বাইকখন দেখি বিতুৱে মাকক সুধিলে।
: দেউতাৰ লগৰ মানুহ।
দুয়ো বাৰাণ্ডাত ভৰি দিওঁতেই বিতুৰ দেউতাক আৰু মানুহজনৰ কথোপকথন
সিহঁতৰ কাণত পৰিল।
: কালি কি হ’ল বুজিছা, দুটা পাষণ্ডই আমাৰ এওঁক চালানী কণী দহটা
ওপৰত ৰং সানি ঘৰুৱা কণী বুলি দুগুণ দামত বেচি থৈ গ'লহি। পাছত ৰাতি
ভাতৰ লগত খাবলৈ বইল কৰোতেহে ওলায় পৰিল কণীৰ আচল ৰূপ।
: পলোৱাই ভাল নেকি। বিতুৱে ক’লে।
পলম নকৰি দুয়ো গৈ সিহঁতৰ নতুন চাইকেলখনত উঠিলগৈ।
: অই ক’ত যাৱ আকৌ। মাকে পাছফালৰ পৰা চিঞৰিলে।
উত্তৰ দিবলৈ সিহঁত ৰৈ নাথাকিল। বিতুক সন্মুখৰ ৰডডালত বহুৱাই বাবুলে
তীব্ৰবেগেৰে চাইকেলৰ পেডেল পাব ধৰিলে।
⸻⸻
কৌতুহল
ৰেলখনে গতি লোৱাৰ লগে লগে কাষতে থকা খিৰিকীখনেদি সোমাই
অহা বতাহজাকে চুই গ'ল মোৰ দেহ। উপন্যাসখনৰ পৰা মূৰটো তুলি বাহিৰলৈ
চালো। চকু পৰিল এখন বিজ্ঞাপন বৰ্ডত। এইডচ স্পৰ্শৰ দ্বাৰা নিবিয়পে। তাত
লিখা আছিল। তাৰ পৰা দৃষ্টি আঁতৰাই যেতিয়া মই সমুখলৈ চালো, দেখা পালো
মোৰ ফালে একেথৰে চাই থকা এযুৰি ধুনীয়া চকু। চকুযুৰিতকৈ ধুনীয়া আছিল
চকুযোৰ আগুৰি থকা ছোৱালীজনীৰ চেহেৰাটো। স্বাভাৱিকতে এনে সুন্দৰ চেহেৰাৰ
ছোৱালী এজনী দেখিলে মোৰ মনত এক চিৰ পৰিচিত হুমুনিয়াহ ভাৱ জাগি
উঠে। মনত পৰে নিজৰ ভাগ্যত থকা সুন্দৰতাখিনিৰ কথা। দেউতাৰ মৃত্যুৰ পাছত
মা ঘৰখনত অকলশৰীয়া হৈ পৰিছিল। মাৰ নিসংগতা দূৰ কৰাৰ স্বাৰ্থতে খৰধৰলৈ
বিয়াত বহিছিলো। এজনী সুন্দৰ জীৱন সংগিনীৰ সপোন তেতিয়াই পোত খাইছিল
মনত। ছোৱালীজনীয়ে তেতিয়াও মোৰ ফালে চাই আছিল। নেজানো কি সন্ধান
কৰিছিল তাইৰ চকুহালে মোৰ নক্সাহীন চেহেৰাৰ মাজত। আজুৰি যেন লৈ যাব
বিচাৰিছে মোক তাইৰ চকুৰ গভীৰতালৈ। মনত নপৰে ইয়াৰ আগতে কেতিয়াবা
তাইৰ দৰে ধুনীয়া ছোৱালী এজনীৰ দৃষ্টি বান্ধোনত পৰাৰ কথা। কৌতুহলেৰে
ভৰি পৰিছিল মনটো।
: তুমি মোক চিনি পোৱা নেকি?– মই সুধিলো।
: মোক সুধিছে?– আচৰিত হোৱাৰ দৰে ক'লে।
: আমি দুয়োৰ বাহিৰে কোন আছেনো ডবাটোত।
: ঠিকেই কৈছে, মই পিছে আপোনাক চিনি নাপাওঁ। কিয়বা সুধিলে?
: অতপৰে মোৰফালে চাই থকাৰ বাবে।
মোৰ উত্তৰ শুনি তাইৰ ওঁঠত এক ৰহস্যময় হাঁহি বিৰিঙি উঠিল।
: চোৱাটো অপৰাধ নেকি?
মুখৰ হাঁহিটো অব্যাহত ৰাখি তাই সুধিলে।
: নিশ্চয় নহয়। মইয়ো হাঁহি এটা মাৰি সুধিলো।
[ ২৬ ] : আপোনাৰ নাম?
: মোৰ নাম বিক্ৰম, তোমাৰ?
: সুনয়না... (অলপ ৰৈ) কি কাম কৰে আপুনি?
: মই জিলা পুথিভঁৰালত কাম কৰো। হাতত থকা কিতাপখন দেখুৱাই
ক'লো।
: খুবেই ভাল, এটা সময়ত মোৰো খুব চখ আছিল কিতাপ পঢ়াৰ
: তেনেহ'লে আহিবা কেতিয়াবা পুথিভঁৰাললৈ।
: নিশ্চয়, পিছে মই পঢ়িব পৰা কিতাপ আছে জানো পুথিভঁৰালত?
: আছে সকলো ধৰণৰ কিতাপেই আছে। তাৰপাছত পুনৰ নিৰৱতা বিৰাজ
কৰিলে ডবাটোত। মনত তেতিয়াও কৌতুহলে খলকনি তুলি আছিল।
: তুমি মোলৈ কিয় চাই আছিলা?মই পুনৰ সুধিলো। তাই পুনৰ হাঁহিব
ধৰিলে। যেন মই তাইক এইমাত্ৰ এটা কৌতুকহে শুনালো।
: আপুনি ধুনীয়া দেখাত সেইবাবে। হাঁহি হাঁহি তাই ক'লে।
: মোৰ ঘৰত আইনা আছে। গতিকে সঁচাকে কোৱাচোন।
“মিছা কোৱা নাই... (অলপ ৰৈ) প্ৰকৃততে মোৰ বাবে সকলো মানুহেই ধুনীয়া।”
তাইৰ বিষয়ে বহুতো কথা জানিবৰ ইচ্ছা গৈছিল মোৰ। কিন্তু বাধা দিলে
ৰেলগাড়ীখনৰ উকিটোৱে।
“মোৰ নামিবৰ হ’ল। আপোনাৰ সৈতে চিনাকি হৈ ভাল লাগিল।” বুলি
কৈ তাই বেগৰ ভিতৰত কিবা এটা বিচাৰিব ধৰিলে। বেগটোৰ পৰা এযোৰ কলা
ৰঙৰ চশমা উলিয়াই তাই চকুযুৰি ঢাকিলে। তাৰ পিছত হাতত অন্ধ মানুহে ব্যৱহাৰ
কৰা ষ্টীক এডাল লৈ তাই ডবাটোৰ বাহিৰলৈ ওলাই গ'ল।
⸻⸻
...হেঁতেন
বাৰবছৰ পুৰণি সেই আবেলিটো এতিয়াও স্পষ্ট হৈ আছে লখিমীৰ
স্মৃতিৰ দাপোণত। আজিও কোনো নিঃসংগ মুহূৰ্তই বাৰে বাৰে লৈ যাই তাইক
সেই দিনটোলৈ ...
ৰুবুলে কলা ৰঙৰ বেগটো লৈ নঙলা মুখত থিয়হৈ আছিল। বাৰাণ্ডাৰ
খুটা কেইটাত আউজি থকা মাক আৰু ভনীয়েকৰ চকু সেমেকা। ৰুবুলে চাকৰি
পাইছে চহৰত, কাইলৈ জইন কৰিব লাগে। থকা খোৱাৰ ব্যৱস্থা অফিচৰফালৰ
পৰাই দিয়া হৈছে। ৰুবুলে বেগটো মাটিত থৈ ঘৰখনৰফালে উভতি চালে এবাৰ।
মাকৰ উচুপনি বাঢ়ি যাব ধৰিছিল।
: আইতহঁতে কান্দি নেথাকচোন।তহঁতি এনেদৰে থাকিলে মোৰ যাবলৈকে
মন নাযাব।–ৰুবুলে মাকৰ ওচৰলৈ গৈ মাকৰ বুকুত তাৰ মূৰটো গুজি দিলে।
: লখিমী ক’ত? তাই আগবঢ়াবলৈ নাহে নেকি মোক?
অতপৰে খিৰিকীৰে জুমি থকা লখিমীয়ে বেৰৰ আঁৰত লুকুৱাই দিলে
নিজৰ চেহেৰাটো।
: অই লখিমী দাদা যাই নহয়, ওলাই আহ আকৌ।–ৰুবুলৰ ভনীয়েক
মিতালীয়ে চিঞৰিলে।
লুকাই থাকিয়েই ৰুবুলক বিদায় দিব বুলি ভাবিছিল লখিমীয়ে। ভয়
খাইছিল আবেগবোৰ বৈ আহি ধৰা পৰে বুলি সকলোৰে সমুখত। পিছে মিতালীয়ে
মতাৰ পাছত যাবৰ বেলিকা ৰুবুলক এবাৰ চাবলৈ খুব ইচ্ছা গ'ল তাইৰ। আকৌ
বা কেতিয়া দেখা পাব, পাবই বা নাপায়?
চকুপানীৰ ঢৌটোক বাধা দি মুখত এটা কৃত্ৰিম হাঁহি কঢ়িয়াই তাই
কোঠাটোৰ বাহিৰলৈ ওলাই আহিল।
: ৰুবুল দা যাব ওলালি?
: অঁ, তইনো ক’ত আছিলি ইমান সময়?
: তোক বিদায় দিবলৈ সাহস গোটাই আছিলো। –অলপ সময়ৰ বাবে [ ২৮ ] ৰুবুলে চাই থাকিল লখিমীৰ চকুযুৰিলৈ।
:তোক এটা কথা ক'বলৈ আছিল অ’। – ৰুবুলে কোৱা কথাষাৰ শুনি
বুকুখন চিৰিংকৈ উঠিল লখিমীৰ। আজি যাবৰ সময়ত ক’ব নেকি বাৰু সি তাই
ইমানদিনে শুনিব বিচৰা কথাষাৰি।
: তোক ধেমালিতে বহুবাৰ কন্দুৱাইছো মই। তাৰবাবে মোক ক্ষমা কৰি
দিবি। ৰুবুলে ক'লে। কথাষাৰ শুনি মনে মনে খং উঠিল লখিমীৰ। সি ধেমালি
কৰিলে তাই জানো বেয়া পাব, আৰু আছেনো কোন তাইৰ সৈতে ধেমালি কৰিবলৈ।
: নাই নাপাওঁ দে।– লখিমীয়ে ক'লে।
: ঠিক আছে মই যাওঁ তেনেহলে।
: ৰ'বিচোন, তই আহিবি কেতিয়া আকৌ?
: নাজানো কেতিয়া আহিব পাৰো।
: চহৰলৈ গৈ পাহৰি নাযাৱতো?
: কিয়নো পাহৰিম বাৰু, খুব মনত পৰি থাকিব তহঁতলৈ বুলি কৈ
ৰুবুলে হাতদুখনেৰে মোহাৰি দিলে লখিমীৰ গালখন। আবেগৰ কোলাহলত
চটফটাই উঠিল তাইৰ দেহমন। ৰুবুলক সাবটি ধৰি জোৰে জোৰে কান্দিবৰ মন
গৈছিল তাইৰ। সিও যদি সাবটি ধৰিলেহেঁতেন তাইক। ক'লেহেঁতেন লখিমী
তোক মই ভাল পাওঁ বুলি। লখিমী তই মোৰ বাবে অপেক্ষা কৰিবি বুলি। পিছে
‘হেঁতেন’বোৰ হেঁতেন হৈয়েই থাকিল। দেউতাকৰ স্কুটাৰত বহি ৰুবুল গুচি গ'ল।
স্কুটাৰখনে উৰুৱাই থৈ যোৱা ধূলিবোৰ মাটিলৈ ঘূৰি নহালৈকে লখিমী ৰৈ থাকিল
নঙলাৰ মুখত।
কেচুৱা অৱস্থাতে লখিমীৰ কাষৰ পৰা চিৰদিনলৈ আঁতৰি গৈছিল তাইৰ
মাক দেউতাক। ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গাঁৱৰ ৰাইজে মেল
পাতোতে ৰুবুলৰ দেউতাক আগবাঢ়ি আহিছিল ছোৱালীজনীৰ দায়িত্ব ল’বলৈ।
লখিমীক ঘৰলৈ আনোতে ৰুবুলৰ বয়স আছিল ষোল্লবছৰ, লখিমীৰ বাৰ। ৰুবুল
আৰু মিতালীৰ সংগ পাই লখিমীৰ মনৰ পৰা লাহে লাহে আঁতৰি গৈছিল মাক
দেউতাকক হেৰুওৱাৰ দুখ। সপোন দেখি ভালপোৱা লখিমীৰ মনে ভাল পাব
ধৰিছিল ৰুবুলক। কিন্তু সেই ভালপোৱাৰ বহিঃপ্ৰকাশ হোৱাৰ পূৰ্বেই ৰুবুল এদিন
গুচি গ'ল আঁতৰি।
তাৰ পাছত মাজে সময়ে ৰুবুল আহিছিল ঘৰলৈ দুবাৰমান। কিন্তু লখিমীক [ ২৯ ] লগ পোৱা নাছিল। উচ্চ শিক্ষা লাভ কৰাৰ উদ্দেশ্যেৰে লখিমী তেতিয়া আছিলগৈ
ডিব্ৰুগড়ত। তাত পঢ়ি থাকোঁতে লখিমীয়ে এদিন শুনিছিল তাইৰ হৃদয় ভাঙি
দিয়া খবৰটো। ৰুবুলৰ বিয়া, ছোৱালী নিজেই ঠিক কৰি থৈছে। ৰুবুলে নিজে
ফোন কৰি লখিমীক মাতিছিল। কিন্তু অজুহাত দেখুৱাই তাই বিৰত থাকিল ৰুবুলৰ
বিয়াত উপস্থিত থকাৰ পৰা। ৰুবুলৰ বিয়াৰ নিশা চকুপানীৰে সেমেকি পৰিছিল
লখিমীৰ বিচনা। ডিগ্ৰী লাভ কৰি ঘৰলৈ অহাৰ পাছত এদিনাখন খুৰাকে লখিমীক
কাষতে বহুৱাই সুধিছিল এটা কথা।
: তই কাৰোবাক পচন্দ কৰি থৈছ নেকি আইজনী?
: নাই খুড়া, কিয় সুধিলা?– তলফালে চাই লখিমীয়ে সুধিলে।
: ইমান বছৰে তোৰ দায়িত্ব মোৰ ওপৰতে আছিল, এতিয়া সেই দায়িত্ব
আন কাৰোবাক দিওঁ বুলি ভাবিছো তোৰ একো আপত্তি নাইতো?
: নাই খুড়া, তুমি যি ভাল দেখা।
খুড়াকে বিচাৰি দিয়া ল'ৰা এজনৰ সৈতে এদিন লখিমীৰৰ বিয়া হ'ল।
কিন্তু দুখৰ ডাৱৰ যেন কেতিয়াও নাতৰিব লখিমীৰ ওপৰৰ পৰা। বিয়াৰ
কেইমাহমানৰ পাছতে এক পথ দুৰ্ঘটনাত মোহাৰ খালে তাইৰ শিৰৰ সেন্দুৰকণ।
দুখত ভাগি পৰা ছোৱালীজনীক ৰুবুলৰ দেউতাকে পুনৰ লৈ আহিল ঘৰলৈ।
একেখন বাৰীতে খালী হৈ পৰি থকা সৰু ঘৰটোতে অকলশৰে তাই থাকিবলৈ
ল’লে।... বৰ্তমানে তাই তাতেই থাকে। সৰু সৰু ল'ৰা-ছোৱালী কেইটামানক
টিউশ্যন কৰি পোৱা টকা কেইটাৰে তাই নিজৰ খৰচবোৰ বহন কৰে।
ৰাতিপুৱা আজি খুড়ীয়েক আহিছিল লগ কৰিবলৈ।
: ৰুবুলে কালি ফোন কৰিছিল, আজি আবেলি সপৰিয়ালে অহাৰ কথা।
খুড়ীয়েকে ক'লে।
: হয় নেকি? থকাকৈ আহিবনে?
: এৰাতি থাকিব। কাইলৈ দিনতে যাবগৈ। সোমবাৰে তাৰ অফিচ খোলা।
কণমানিজনীৰো স্কুল আছে। তাকে বকুলক ঘৰৰে হাঁহ এটাকে মাৰিবলৈ কৈছো।
তইয়ো নহ'লে ৰাতিৰ ভাতসাজ আমাৰ লগতে খাবিহি। বহুতদিনৰ মূৰত তহঁতক
একেলগে দেখি ভাল লাগিব।
খুড়ীয়েকৰ নিমন্ত্ৰণত লখিমীয়ে আজিও অজুহাত বিচাৰি ৰ'ল।
: নাই খুড়ী আজি কালি মাছ-মাংস খোৱা বাদেই দিছো। মই ঘৰতে [ ৩০ ] খাম দিয়ক। গধূলি এনেয়ে পাক এটা মাৰিম বাৰু।
: তোৰ ইচ্ছা। মই এতিয়া আহোঁ। ঘৰটোকে অলপ চাফচিকুণ কৰোগৈ।
আবেলিলৈ আকাশখন ডাৱৰে আৱৰি ধৰিলে। বাহিৰৰ চাংখনৰ ওপৰত
থকা খৰি কেইডাল ভিতৰলৈ ভৰাই লখিমীয়ে হাত ভৰিকেইটা ধুলে। হাতত
বহুদিনৰ পুৰণা আলোচনী এখন লৈ বিচনাতে দেহাটো পেলাই ল'লে।
আলোচনীখনৰ পৃষ্ঠাত কইনাৰ সাজত থকা ছোৱালী এজনী দেখা পাই লখিমীৰ
মনত পৰিল ৰুবুলৰ বিয়াৰ ফটোবোৰৰ কথা। বহুদিনৰ আগতে মিতালীয়ে এদিন
দেখুৱাইছিল ফটোবোৰ। ৰুবুলৰ কইনাজনী খুবেই ধুনীয়া। প্ৰত্যেকখন ফটোতে
মুখত বিৰিঙি থকা হাঁহিটো স্পষ্ট। কিমান যে ভাগ্যশালী তাই। কথাবোৰ ভাবি
থাকোতেই লখিমীক টোপনীয়ে সাবটি ধৰিলে।
আবেলি আঁতৰি গধূলি নামি আহিল। বতৰটো এতিয়াও ডাৱৰীয়া,
যিকোনো মুহূৰ্ততে নামি আহিব পাৰে বৰষুণ।
: অই লখিমী, আছনে ঘৰত?–বাহিৰৰ পৰা ভাঁহি অহা মাতষাৰত তাইৰ
চকুহাল মেল খালে। ইমানবোৰ বছৰৰ পাছতো একেবাৰতে চিনি পালে ৰুবুলৰ
মাতটো তাই। টেবুলৰ ওপৰত থকা মমডাল জ্বলাই কোঠাটোৰ ভিতৰৰ অন্ধকাৰ
খিনি যিমান সম্ভৱ দূৰ কৰাৰ চেষ্টা কৰিলে লখিমীয়ে।
: ভিতৰলৈ আহ।-দুৱাৰখন খুলি লখিমীয়ে ৰুবুলক ভিতৰলৈ মাতিলে।
পাছে পাছে সোমাই আহিল ৰুবুলৰ পত্নী আৰু সিহঁতৰ তিনিবছৰীয়া
ছোৱালীজনীও।
: কিবা কৰি আছিলি?–ৰুবুলে সুধিলে।
: নাই এনেয়ে বিচনাতে পৰি আছিলো, বহচোন।– বুলি কৈ তিনিওকে
বিচনাখনতে বহিবলৈ দিলে।
: এয়া নন্দিনী, মোৰ শ্ৰীমতী। তইতো এওঁক লগেই পোৱা নাই চাগৈ
আগতে?
: লগ পোৱা নাই, ফটোতহে দেখিছো।– লখিমীয়ে ক'লে।
: মইও তোমাক ফটোতেই দেখা, অৱশ্যে তোমাৰ কথা শুনিয়েই থাকো,
কেতিয়াবা মিতালীৰ মুখত, কেতিয়াবা এওঁৰ মুখত। সৰুতে সকলোৱে তোমাক
এওঁৰ লগত জোকাইছিল বুলি কৈ মোক খুব জ্বলাই থাকে বুজিছা। হাঁহি হাঁহি
নন্দিনীয়ে ক'লে। লখিমীয়েও চেষ্টা কৰিলে হাঁহিবৰ৷
[ ৩১ ] :ছোৱালীজনী বৰ ধুনীয়া দেই, কি নাম তোমাৰ?– লখিমীয়ে সৰু
ছোৱালীজনীলৈ চাই সুধিলে।
: নমস্কাৰ, মোৰ নাম মিচ কবিতা সন্দিকৈ।
: নামটোও ধুনীয়া দেই। তোমালোক বহাচোন মই চাহকে অলপ বনাওঁ।
: চাহ বনাব নালাগে অ’ লখিমী, এইমাত্ৰ ঘৰত খায়েই আহিছোঁ।–ৰুবুলে ক’লে৷
: অ’মা, বলনা যাওঁ ইয়াৰ পৰা, ইমান আন্ধাৰ ইয়াত।–কণমানিজনীয়ে
মুখখন কোচাই মাকক ক'লে।
: ৰবাচোন আহিছোহে, নাপাই নহয় তেনেদৰে ক’ব।–মাকে ক'লে।
: আচলতে এই আন্ধাৰলৈ ভয় কৰে, সেয়ে আমনি কৰিছে।–ৰুবুলে
লখিমীক উদ্দেশ্যি ক'লে।
: মা যাওঁ বলানা।– মাকৰ হাতত ধৰি টানিব ধৰিলে কবিতাই।
: এই ছোৱালীজনীৰ পৰা শান্তি নাই দেই। তোমালোক বহাচোন, মই
এইক ঘৰলৈকে লৈ যাওঁ।
: ঠিক আছে।– লখিমীয়ে শলাগিলে, নন্দিনীয়ে কবিতাক লগত লৈ
ওলাই গ'ল বাহিৰলৈ। তাৰ পাছৰ কেইটামান মুহূৰ্ত নিৰৱতাই আৱৰি থাকিল
কোঠাটো। বিচনাতে পৰি থকা পুৰণি আলোচনীখন হাতত লৈ ৰুবুলে কোঠাটোৰ
চৌদিশে চাব ধৰিলে। মমৰ পোহৰত তাৰ চকুত পৰিছিল মাটি খহি নাঙঠ হৈ
পৰা বেৰবোৰৰ দৃশ্য।
: মাৰ পৰা তোৰ খবৰবোৰ পাই থাকো। বেয়া লাগে কথাবোৰ ভাবিলে।
তোৰ লগতনো হ'ব লাগেনে এনকুেৱা। সৰুতে কিমান যে হাঁহি ধেমালি কৰিছিলো
আমি একেলগে। মোৰ যে খুব মনত পৰে সেই দিনবোৰ। তোৰো পৰেনে মনত?
নিশব্দ হৈ বেৰখনত ভেজা দি থিয় হৈ থাকিল লখিমী।
: কি হ’ল, মনে মনে আছ যে?
কোনা উত্তৰ নিদিলে তাই। বিচনাখনৰ পৰা উঠি লখিমীৰ কাষত থিয়
হ’লহি সি।
: লখিমী কি হ'ল? নামাত কিয়?
মমৰ পোহৰত জিলিকি উঠিল তাইৰ চকুৰ পৰা বৈ অহা পানীৰ টোপাল
এটা। বহুবছৰ ধৰি বন্দী কৰি থোৱা এটোপাল চকুলো যেন বৈ আহিছিল সকলো [ ৩২ ]
বাধা নেওচি।
: নাকান্দিবি লখিমী, তোক সান্ত্বনা দিবলৈও যে মোৰ ওচৰত শব্দ নাই। বুলি কৈ ৰুবুলে হাতেৰে মোহাৰি আনিলে লখিমীৰ সেমেকা গালখন।
:তোক এনেদৰে দেখি মোৰো খুব বেয়া লাগিছে। মই যদি তোৰ বাবে কিবা কৰিব পাৰো ক লখিমী।
: তোক এটা কথা সুধিব পাৰোনে?- উচুপি উচুপি লখিমীয়ে সুধিলে।
: কি কথা?-ৰুবুলে সুধিলে।
বাৰ বছৰ আগতে মই যদি তোক ভাল পাওঁ বুলি ক'লোহেঁতেন ..., তইও কলিহেঁতেন নেকি বাৰুে? লখিমী তোক ভাল পাওঁ বুলি।... আজি নন্দিনীৰ দৰে মইও হাঁহিব পাৰিলোহেঁতেন নেকি বাৰু?... ক ৰুবুল, তেতিয়াও মোৰ চৌদিশে অন্ধকাৰেই হ'লহেঁতেন নেকি?- শব্দবোৰ মনতে ভাবিলে লখিমীয়ে। কিন্তু প্ৰকাশ কৰিব আজিও নোৱৰিলে।
: কি কথা নোসোধ কিয়?
: একো নহয়, তই যা এতিয়া। বহুত দেৰি হ’ল। ঘৰত সকলোৱে তোলৈ ৰৈ আছে চাগৈ।- চকুযুৰি মোহাৰি মোহাৰি লখিমীয়ে ক'লে। : মই যাম বাৰু তই পিছে এইদৰে কন্দাকটা কৰি নাথাকিবি। সময়ে সকলো দুখ পাতল কৰি দিব।
ৰুবুল হোৱাৰ পাছত দুৱাৰখন বন্ধ কৰি বিচনাত ঢলি পৰিল লখিমী। অলপ সময়ৰ ভিতৰতে সেমেকি পৰিল গাৰুটো। মমডালো শেষ হওঁ হওঁ। সোনকালেই অন্ধকাৰ হৈ পৰিব কোঠাটো।
-ঃ-ঃ-ঃ-ঃ-
অপেক্ষা...
অপাৰেচন থিয়েটাৰৰ সন্মুখৰ চকীখনত বহি থাকোঁতে সময়বোৰ নেযাই-
নুপুৱায় যেন অনুভৱ হ’ল। অধৈৰ্য্যভাৱে এবাৰ ৰঙা লাইটটোলৈ আৰু এবাৰ
ঘড়ীটোলৈ চাব ধৰিলো। মনলৈ বাৰে বাৰে এটাই কথা আহি থাকিল, মেঘালীয়ে
দেখা পোৱা হব চকুৰে ! প্ৰায় ছয় বছৰ একেলগে পাৰকৰাৰ পাছত আজি প্ৰথমবাৰৰ
বাবে তাই মোক দেখা পাব, মনটো আবেগেৰে ওপচি পৰিল। হঠাৎ অপাৰেচন
থিয়েটাৰৰ দুৱাৰখন খোল খালে আৰু ভিতৰৰ পৰা চকু বিশেষজ্ঞ ডাঃ বৰদলৈ
ওলাই আহিল।
: অপাৰেচনটো সম্পূৰ্ণ হ’ল দীপাংকৰ। দুই ঘণ্টামানৰ পাচত মেঘালীৰ
জ্ঞান ঘূৰি আহিব আৰু তেতিয়াহে ক'ব পৰা যাব অপাৰেচনটো কিমান সফল
হৈছে। বৰ্তমান তোমাৰ পত্নীক আই.চি.ইউতে ৰখা হৈছে বুলি কৈ তেখেত আঁতৰি
গ’ল। মোৰ মনটো আৰু অধিক অধৈৰ্য্য হৈ পৰিল। আৰু মাত্ৰ দুইঘণ্টাৰ পাছতেই
সলনি হৈ যাব মেঘালী আৰু মোৰ সৰু পৃথিৱীখন।.... অলপ ভয়ো লাগিল,
আশাবোৰ মৰহি যায় বুলি। দীঘলকৈ এটা হুমুনিয়াহ কাঢ়ি পুনৰ বহিলো মেঘালী
সাৰ পোৱাৰ অপেক্ষাত... মনত তোলপাৰ লগাই থকা আবেগৰ ঢৌবোৰৰ মাজতে
ওপঙি উঠিল মেঘালীৰ সৈতে প্ৰথম চিনাকী হোৱা মুহূৰ্তটোৰ স্মৃতি।
৩১ ডিচেম্বৰ, ২০০৮, হোষ্টেলীয়া জীৱনৰ শেষ নিউ ইয়েৰ পাৰ্টি, গতিকে
আয়োজনো আছিল জোৰদাৰ। হোষ্টেলৰ সন্মুখৰ বাগিচাখনতে একোৰা জুই ধৰি
চৌদিশে বহি ললো গোটেইমখা। হাঁহি-ধেমালি, সংগীত আৰু সোণবৰণীয়া
পানীয়ৰ সোৱাদেৰে ৰঙীণ হৈ উঠিল পৰিৱেশ। সেই মাদকতাৰ মাজেৰেই সময়ে
আমাক লৈ গ'ল এটা নতুন বছৰলৈ, লগে লগে ভাহি আহিল চৌদিশৰ পৰা
বহুতো কিৰিলিৰ শব্দ। ইজনে আনজনক সাবটি নৱবৰ্ষৰ উলগ জনালো আৰু
পুনৰ সোমাই গ'লো মাদকতাৰ মাজলৈ। গিলাছত চুমুক মাৰি হোষ্টেলৰফালে
চালো এবাৰ। আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছত টালি-টোপোলা বান্ধি ওলাই
আহিব লাগিব চিৰদিনলৈ। হেৰাই যাব হোষ্টেলৰ স্বাধীনতা, হেৰাই যাব এতিয়া [ ৩৪ ] কাষতে বহি থকা অতবোৰ চিনাকী চেহেৰা। ভয় লাগিল, এটা নিঃসংগ ভৱিষ্যতৰ
কল্পনাই মনটো চুই যোৱাত। মনটো অলপ বেয়া লগাত জুইকোৰাৰ কাষৰ পৰা
উঠি আহি হোষ্টেলৰ বাৰাণ্ডাত বহিলোহি অকলশৰে। গধুৰ হৈ পৰা মনৰ ভাববোৰ
অন্য দিশে নিয়াৰ উদ্দেশ্যেৰে জেপৰ পৰা ম'বাইল ফোনটো ওলিয়াই হাতত
তুলি ল'লো আৰু ভাবিলো, কিযে বস্তু এই মোবাইলটোও, কেইটামান সংখ্যা
হেঁচা মাৰিলেই আঁতৰি যায় মানুহৰ মাজৰ দূৰত্ববোৰ... মোৰ দৰে অন্য কোনোবাইও
বাৰু আছেনেকি আজি নৱবৰ্ষৰ প্ৰথম নিশাত দুখ মনেৰে। আগ-পিছ নেভাবি
আঙুলিকেইটাই কেইটামান সংখ্যা হেঁচি দিলে ফোনটোৰ কি-পেডত। তিনি-
চাৰিবাৰ মান ৰিং কৰাৰ পাছত আনটো দিশৰ পৰা এজন মতা মানুহৰ মাত ভাঁহি
আহিল।
: হেল্ল’—মানুহজনে ক'লে।
: হেপ্পি নিউ ইয়েৰ।
: থেংক্স এণ্ড চেম টু ইউ, পিছে বেয়া নেপাব, কিন্তু কোনে কৈছে সেইটোহে
ধৰিব পৰা নাই। উত্তৰত পুনৰ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই কাটি দিলো সংযোগ।
পুনৰ আঙুলিকেইটা ব্যস্ত হ’ল। এইবাৰ এজনী ছোৱালীৰ মাত ভাঁহি আহিল
আনটো দিশৰ পৰা।
: হেল্ল’ কোনে কৈছে? সেয়াই আছিল মেঘালীৰ মুখৰ পৰা ওলাই মোৰ
কাণত পৰা প্ৰথমকেইটা শব্দ।
: হেপ্পি নিউ ইয়েৰ।
: থেংক ইউ, পিচে কোনে কৈছে ক’ব নেকি?
: এজন অচিনাকীয়ে কৈছো নৱবৰ্ষৰ প্ৰথম নিশা অন্য এজন অচিনাকীৰে
চিনাকী হোৱাৰ উদ্দেশ্যেৰে।
: পিছে অচিনাকীজনৰ নাম এটাটো আছে নিশ্চয়?
: দীপাংকৰ, আৰু তোমাৰ নাম?
: মোৰ নাম মেঘালী।
সেয়াই আছিল আৰম্ভণি, তাৰ পিছৰ মুহূৰ্তকেইটাত মেঘালীৰ বিষয়ে জানিলো
আৰু বহুখিনি কথা। জানিব পাৰিলো সৰুতেই এটা দুৰ্ঘটনাত তাইৰ মাক-দেউতাক
ঢুকুৱাৰ কথা, তাৰ পাছত গুৱাহাটীতে খুৰাকৰ ঘৰত থাকি ডাঙৰ-দীঘল হ’ল
তাই। এটা চিনাকী নিসংগতাৰ সুৰ অনুভৱ কৰিলো তাইৰ কথাৰ মাজত, সঁচাকৈয়ে [ ৩৫ ] আছিল নে নিজে থকাটো বিচাৰিছিলো নেজানো। হঠাৎ অলপো চিন্তা নকৰাকৈ
এটা প্ৰস্তাৱ দিলো, মেঘালী,নতুন বছৰৰ প্ৰথম দিনটোত আহা লগ হওঁ ক'ৰবাত।
: কোনো দৰকাৰ নাই। এটা অচিনাকী ল’ৰাৰ লগত ইমান দেৰি যে কথা
পাতিলো সেয়াই বহুত, ফোনটো ৰাখা এতিয়া, শুভ ৰাত্ৰি।
অন্য কোনোদিনা হোৱাহেঁতেন এইখিনিতে সমাপ্ত হ’লহেঁতেন গল্পটো,
সেইদিনা কিন্তু মদৰ নিচাত শব্দবোৰ অলপো কষ্ট নকৰাকৈয়ে ওলাই আহিছিল।
: কলটো ডিছকানেক্ট কৰাৰ আগতে এটা মাত্ৰ প্ৰশ্ন সুধো, তুমি বিশ্বাসনে
যে পৃথিৱীত ঘটা প্ৰতিটো ঘটনাৰে কিবা নহয় কিবা এটা অৰ্থ আছে?
: কি ক’ব বিচাৰিছা স্পষ্টকৈ কোৱা।
: তুমি যদি এতিয়া ক’লটো ডিছকানেক্টকৰি দিয়া তেন্তে মই পুনৰ কেতিয়াও
দিগদাৰ নিদিওঁ আৰু আমাৰ কাহিনী ইয়াতে শেষ। কিন্তু তাৰ বিপৰীতে যদি তুমি
কাইলৈ মোক লগ কৰিবলৈ আহাঁ তেন্তেহ’ব পাৰে আমি খুব ভাল বন্ধু হৈ পৰো,
আৰু এইটোও হ’ব পাৰে যে আমাৰ বন্ধুত্বই নতুন ৰূপ লৈ লয়... আৰু আজিৰ
পৰা বহু বছৰৰ পাছত কিজানি আমি আজিৰ এই মুহূৰ্তটোকে সোঁৱৰাম বাৰে
বাৰে।
: সপোন দেখি খুব ভাল পোৱা যেন পাইছো, লগ কৰিবলৈ আহিম বাৰু
পিছে তোমাৰ সপোনটো সপোন হৈয়েই থাকিব, সেইটো মনত ৰাখিবা।
তাৰ পাছত ৰাতিটোৰ বাকীখিনি সময় কিদৰে পাৰ হৈছিল মোৰ অলপো
মনত নাই। ৰাতিপুৱা নিজকে বিচনাত শুই থকা পাই নিজেই আচৰিত হৈছিলো।
দাঁত ব্ৰাচডাল ঘঁহি থাকোতে মনত পৰিল মেঘালী নামৰ ছোৱালী এজনীৰ
সৈতে ৰাতি কথা পতা আৰু আবেলি নেহেৰুপাৰ্কত লগ কৰিবলৈ আহিম বুলি
কোৱাৰ কথা। সঁচাকৈ কৈছিলো নে সপোনত দেখিছিলো? সন্দেহ দূৰ কৰিবলৈ
ম'বাইলটো চালো; ফোনবুকত এটা নতুন নাম্বাৰ ষ্ট'ৰ হৈ আছিল, মেঘালীৰ নামত।
তাৰ পাছত ভাবিলো লগ কৰিবলৈ যাওঁ নে নেযাওঁ, দেখিবলৈ ভয়ংকৰ হয় যদি?
এটা বুদ্ধি খেলালে, ঠিক চাৰে তিনি বজাত ম'বাইলত এলাৰ্ম দি থ’লো। যদি
দেখিবলৈ বেয়া হয় বা অন্য কিবা খেলিমেলি হয় তেন্তে অতি দৰকাৰী কল
অহাৰ অভিনয় কৰি পলাম তাৰ পৰা।
আবেলি ঠিক তিনিবজাত মই পানবজাৰত বাচৰ পৰা নামিলো আৰু
নেহেৰুপাৰ্কৰ দিশত আগবাঢ়িলো। তেনেতে জেপত থকা ফনটো বাজি উঠিল।
[ ৩৬ ] : হেল্ল' দীপাংকৰ, ক'ত আছা তুমি? মেঘালীয়ে সুধিলে।
: এই পালোহিয়েই, তুমি ক'ত আছা?
: মই পাৰ্কৰ ভিতৰত, পিচে তোমাক চিনি পাম কেনেকৈ?
: ওঁ ... এটা নীলা টি-চাৰ্ট, মাজত বগা বগা চেক আছে।
: ঠিক আছে আহাঁ তুমি, আমি ৰৈ আছো বুলি কৈ মেঘালীয়ে সংযোগ কাটি
দিলে। টিকট এটা কিনি সোমাই গ'লো পাৰ্কৰ ভিতৰলৈ। অলপ দূৰ যাওঁতেই
এজনী ছোৱালী মোৰ দিশত আগবাঢ়ি আহি থকা দেখা পালো। দেখিবলৈ ধুনীয়াই,
তায়েই নিশ্চয় মেঘালী।
: তুমিয়েই দীপাংকৰ নিশ্চয়? ছোৱালীজনীয়ে সুধিলে।
: হয়, আৰু তুমিয়েই মেঘালী?
মোৰ প্ৰশ্নটোত আচৰিত হোৱাৰ ভাব ফুটি উঠিল তাইৰ মুখত।
: মই আকৌ কেনেকৈ মেঘালী হ'ম। মোৰ নাম অঞ্জলি, মেঘালীৰ বৰ্তাৰ
জীয়েক। মেঘালী সৌজনী বহি আছে।
—অঞ্জলিয়ে আঙুলিয়াই দেখুৱালে।মই ওচৰ চাপি গ'লো আৰু প্ৰথমবাৰৰ
বাবে মেঘালীক দেখা পালো। চকুত এযোৰ ক’লা চছমা আৰু হাতত অন্ধ মানুহে
ব্যৱহাৰ কৰা লাখুটি এডাল লৈ বহি আছিল তাই।
: তুমি জানিছিলাতো যে মেঘালীয়ে চকুৰে দেখা নেপায়? অঞ্জলিয়ে সন্দেহৰ
ভাব লৈ সুধিলে। মোৰ তেতিয়া অলপ-চলপ মনত পৰিছিল কালি ৰাতি মেঘালীৰ
সৈতে পতা বাকীখিনি কথা। মনত পৰিছিল তাই নিজৰ বিকলাংগতাৰ বিষয়ে
কোৱা, পিছে সেইসময়ত তাই ধেমালি কৰিছিলে বুলি ভাবিছিলো মই। ভাবিছিলো।
মোক লগ কৰিবলৈ নহাৰ বুদ্ধি বুলি।
: অ’ জানো। মই লাহেকৈ উত্তৰ দিলো।
: তেন্তে লগ কৰাই দিওঁ আহা, (মেঘালীৰ ওচৰলৈ গৈ) মেঘালী, এয়া
তোমাৰ নতুন বছৰৰ নতুন বন্ধু।
: হাই—মেঘালীয়ে হাতখন আগবঢ়াই দিলে।
: হাই—মইও লগ লগাই দিলো মোৰ হাতখন।
: তেনেহ'লে তোমালোকে কথা পাতা, মই অলপ বজাৰ কৰি আহো। যাবৰ
হ'লে মেঘালী মোলৈ কল এটা কৰি দিবা। মই তোমাক লৈ যামহি। বাই। অঞ্জলিয়ে ক'লে।
[ ৩৭ ] : বাই।
অঞ্জলি যোৱাৰ পাছত নীৰৱে মেঘালীৰ কাষতে বহিলো। ভাবিলো কি বিপদত
পৰিলোহি বুলি। লগৰ কোনোবাই দেখা পালেতো সৰ্বনাশ। এজনী অন্ধ ছোৱালীৰ
সৈতে ব্লাইণ্ড ডেট মাৰিব আহিছো বুলি গম পালে ভাল কামোৰ দিব।
: কি হ’ল একেবাৰে মনে মনে আছা যে? কালিচোন খুব কথা কৈছিলা
ফোনত। মেঘালীয়ে সুধিলে। ভাবিলো সঁচা কথাটো কৈ দিয়াই ভাল হ'ব।
: আচলতে তুমি কালি নিজকে অন্ধ বুলি কওঁতে মই ধেমালী কৰা বুলি
ভাবিছিলো। মোৰ কথাষাৰ শুনি তাই এটা হুমুনিয়াহ কাঢ়িলে।
: সঁচা কথাটো কোৱাৰ বাবে থেংক্স, মই আকৌ ভয়েই খাইছিলো অন্ধ বুলি
জানিও তুমি মোক লগ ধৰিবলৈ অহা বুলি ভাবি। এতিয়া চাগৈ ভাবিছা কি বিপদত
পৰিলো বুলি।
: তুমি চাগৈ বেয়া পাইছা মোক?
: বেয়া আকৌ কিয় পাম। তুমিও স্বাৰ্থপৰ মইও স্বাৰ্থপৰ। আমি সকলোৱে
কেৱল নিজৰ কথাই ভাবো আৰু ভবাটোও উচিত। গতিকে বেয়া পোৱাৰ কথাই
নাহে।
: স্বাৰ্থপৰ মানে?
: তুমি আজি আহিছিলা এজনী মৰম লগা, ধুনীয়া আৰু সকলোতকৈ
গুৰুত্বপূৰ্ণভাৱে এজনী সম্পূৰ্ণ সুস্থ ছোৱালীক লগ পোৱাৰ আশাত। তাৰ বিপৰীতে
মোৰ দৰে এজনী লগ পাবা বুলি জনাহেঁতেন তুমি কেতিয়াও নাহা, তুমি কি
কোনো নাহে। আৰু আহিবনো কিয়? পৃথিৱীত কি ছোৱালীৰ অভাৱ হৈছে নেকি?
: আৰু তোমাৰ স্বাৰ্থটো পিছে কি? মই সুধিলো। ক্ষন্তেকৰ বাবে নীৰব হৈ
ৰ'ল তাই। তাৰ পিছত এটা দীঘল হুমুনিয়াহ কাঢ়িলে আৰু ক'লে।
: মই আহিছিলো এটা বুৰ্বকক লগ পোৱাৰ আশাত। যি মই অন্ধ বুলি জানিও
মোৰ সৈতে বন্ধুত্ব কৰিব, মোক ভাল পাব, যাৰ চকুৰে মইও দেখা পাম এই অন্ধকাৰ
পৃথিৱীখন। কিন্তু তেনেকুৱা আশা কৰাৰ বাবে মইয়েই হয়তো আটাইতকৈ ডাঙৰ
বুৰ্বক।
পুনৰ এবাৰ জেপত থকা মোবাইলটো বাজি উঠিল। উলিয়াই আনি দেখা
পালো ৰাতিপুৱা দি থোৱা এলাৰ্মটো বাজিছে। অফ কৰি পুনৰ জেপত ভৰাই
থ’লো।
[ ৩৮ ] : কথা নেপাতিলা যে? কোনে কৰিছিল? মেঘালীয়ে সুধিলে।
: এলাৰ্ম বাজিছিল। আচলতে কিবা খেলিমেলি হ'লে দৰকাৰী ফোন অহাৰ
অভিনয় কৰি পলাম বুলি ভাবিছিলো।
: ওঁ ... বুদ্ধিটো বেয়া নহয়। পিছে নপলালা কিয়?
: অলপ বুৰ্বকামী কৰিবৰ মন গৈছে, সেইকাৰণে। অলপ সময় একেথৰে
চাই ৰ'লো তাইলৈ। তাই দেখা পোৱা নাছিল যদিও হয়তো বুজি পাইছিল, সেয়ে
লাজতে তাই মূৰটো তললৈ কৰি দিলে।
: আপোনাক ডাক্টৰে ভিতৰলৈ মাতিছে। হঠাৎ নাৰ্চগৰাকীৰ মাতত অতীতৰ
পৰা ঘূৰি আহি বৰ্তমান পালোহি। কথাবোৰ ভাবি থাকোতে সময়বোৰ কেতিয়া
পাৰ হ’ল গমেই নেপালো। লৰালৰিকৈ ভিতৰলৈ সোমাই গ'লো।
: দীপাংকৰ, মেঘালীৰ চকুযুৰি খোলা হ’ব এতিয়া। ভগৱানক প্ৰাৰ্থনা কৰা
যাতে সকলো ঠিক হৈ যায়। ডাঃ বৰদলৈয়ে ক'লে। মেঘালীয়ে ইতিমধ্যে জ্ঞান
ঘূৰাই পাইছিল। এখন ওখ বিচনাত তাই বহি আছিল। চকুৰ ওপৰত আছিল
দুডোখৰ কপাহৰ টুকুৰা।
: ডাঃ বৰদলৈ, চকু খোলাৰ আগতে মই মেঘালীক কিবা এটা ক'ব খুজিছো।
: নিশ্চয়। পিচে বেছি দেৰি নকৰিবা।
মেঘালীৰ কাষলৈ গৈ তাই বহি থকা বিচনাখনতে বহিলো। হাতৰ স্পৰ্শত
তাই চিনি পালে মোক।
: দীপ?
: কেনেকুৱা লাগিছে এতিয়া?
: ঠিকেই আছো। অলপ মূৰটো ঘূৰাই আছে।
: ভাল হৈ যাব’ (অলপ ৰৈ) তোমাক এটা কথা ক'বলৈ আছে।
: কি কথা?
: অলপ পাছতে তোমাৰ চকুকেইটা খোলা হ’ব।
তুমি সকলো দেখা পোৱা হোৱাটোৱেই মই কামনা কৰো। কিন্তু কিবা কাৰণে
যদি তেনেকুৱা নহয় তেন্তে তুমি অনুগ্ৰহ কৰি মন বেয়া নকৰিবা। আমাৰ পৃথিৱীখন
আগতে যি দৰে আছিল সেইদৰেই ধুনীয়া হৈ থাকিব। অন্ধ হোৱা স্বত্বেও মই
তোমাক ভাল পাইছিলো আৰু সদায়েই পাই থাকিম। অপাৰেছনৰ সফলতা-
বিফলতাই কোনো প্ৰভাৱ নেপেলায়।
[ ৩৯ ]
: মই জানো সেই কথা; কিন্তু মোৰ যে খুব মন যাই তোমাক চাবলৈ, আমি
থকা ঘৰখন চাবলৈ ... গতিকে তুমি প্ৰাৰ্থনা কৰা যাতে অপাৰেছনটো সফল হওক,
মই সকলো দেখা পোৱা হওঁ।
অলপ সময়ৰ পাছতে মেঘালীৰ চকুযুৰি মুকলি কৰি দিয়া হ'ল। লাহে লাহে
তাইৰ চকুহাল মেল খালে। তাইৰ কাষলৈ গৈ তাইৰ হাতখন খামুচি ধৰিলো আৰু
অতি কৌতুহলেৰে তাইৰ ফালে চালো। তাইও মোৰ ফালে চাই লাহেকৈ মূৰটো
দোৱালে। আনন্দত উপচি পৰিল মনটো আৰু চকুলোৰ ৰূপত বৈ আহিল দুয়োৰে চকুৰে। উলাহত সাবটি ধৰিলো মেঘালীক।
: লাভ ইউ চ’মাচ্চ।
: বুৰ্বক— হাঁহি মাৰি মেঘালীয়ে ক'লে।
⸺⸺
ভালপোৱা, বন্ধুত্ব ইত্যাদি
এক.
দেহটো হোষ্টেলৰ বিচনাত পেলাই মনটো এৰি দিছিলো বাহিৰৰ
পৃথিৱীখনলৈ। সোণাৰুৰ হালধীয়া ৰং আৰু কৃষ্ণচূড়াৰ ৰঙা ৰং মিহলি হৈ সৃষ্টি
হোৱা দৃশ্যত থমকি ৰৈছিল মোৰ চকু। কবি হোৱাহেঁতেন সেই দৃশ্যৰ ওপৰত
কবিতা লিখিলোঁহেঁতেন, চিত্ৰকৰ হোৱাহেঁতেন ধৰি ৰাখিলোঁহেঁতেন কেনভাছত। পিছে..
: অই দেবদাস, তাচ খেলো আহ। এটা প্লেয়াৰ কম হৈছে।
—অনুপমে কোঠাটোৰ আনখন বিচনাৰ পৰা ক'লে।
: নেখেলো, মন নাই।
: মন থাকিব ক’ৰ পৰা মনযে আছেগৈ বন্দনাৰ কাষত।
—পাতবিলাক তচিয়াই তচিয়াই অজয়ে ক'লে।
: বন্দনাৰ ওচৰত নে বন্দনাৰ নতুন বয়ফ্ৰেণ্ডৰ ওচৰত?
—কৌশিকৰ প্ৰশ্নটো শুনি তিনিওটাই হাঁহিব ধৰিলে।
বিহুৰ বাবে আজিৰ পৰা ক্লাচ বন্ধ। ঘৰলৈ যোৱাৰ আগতে দুদিনমান
হোষ্টেলতে থাকি ফুৰ্তি কৰি লও বুলি গোটেই কেইটাই থিৰাং কৰিলো। অজয়ে
কোৱাৰ দৰে ঘৰত প্ৰথম দুদিনমান থাকিহে ভাল লাগে, পিছলৈ আমনি লগা হয়।
তেনেতে টেবুলত থকা মোবাইলটো বাজি উঠিল, বন্দনা কলিং..
: হেল্ল’ শান্তনু, কি খবৰ তোৰ? বন্দনাই ক'লে।
: ভালেই, তোৰ ভাল?
: মোৰো ভালেই, তহঁতৰ আজিৰে পৰা ক্লাচ বন্ধ ন?
: অঁ বন্ধ। তহঁতৰোতো বন্ধ?
: অঁ। (অলপ ৰৈ) পিছে ঘৰলৈ কেতিয়া যাবি?
: দুদিনমান পাছত যাওঁ বুলি ভাবিছো, তই?
: মই কাইলৈকে যাম। পিছে ইমান দূৰ অকলশৰে যাবলৈ আমনি লাগিব। [ ৪১ ] তই ব’লচোন কাইলৈকে হোষ্টেলতনো কি কৰি থাকিবি?
অলপ সময় চিন্তা কৰাৰ ভাও ধৰিলে শান্তনুয়ে
: কাইলৈ? (অলপ ৰৈ) ... যাব পাৰি।
: তেতিয়া হ'লে টিকট দুটা কাটি আহিব লাগিব। বিহুৰ বতৰ বহুত ভিৰ হ’ব
নহ'লে।
: হ’ব দে, মই আবেলি গৈ টিকট দুটা কাটি আহিম বাৰু।
: ঠিক আছে, এতিয়া ৰাখো দে বাই।
বন্দনাহঁতৰ আৰু আমাৰ ঘৰৰ মাজৰ ব্যৱধান ছয়টা ঘৰৰ। একেলগে স্কুললৈ
যোৱাৰ দিনৰ পৰা আজি গুৱাহাটীলৈ পঢ়িবলৈ অহা দিনলৈকে আমাৰ বন্ধুত্বই
বাৰ বছৰ পাৰ কৰিলে। মই গুৱাহাটী বিশ্ববিদ্যালয়ত থকাৰ বিপৰীতে তাই বৰ্তমান
থাকে সন্দিকৈ কলেজৰ ছাত্ৰীবাসত
হাঁহি-কান্দোন, ধেমালী-কাজিয়া আদিৰে ভৰা যোৱা বাৰটা বছৰত আমাৰ
সম্পৰ্কই বহুবাৰ নতুন ৰূপ লৈছিল। মনলৈ যেতিয়াই ভাহি আহে তাইৰ সৈতে
কটোৱা মুহূৰ্তবোৰৰ স্মৃতি, তেতিয়াই মনত ফুলি উঠে বহুজোপা কৃষ্ণচূড়া, বহুজোপা
সোণাৰু ... ফুলি উঠে মোৰ মৰমবোৰ, ৰঙা, হালধীয়া ফুল হৈ।
: কোনে ফোন কৰিছিল,বন্দনাই নেকি?বৰ চিন্তাত পৰি গলিচোন—অজয়ে
সুধিলে।
: কাইলৈ ঘৰলৈ যাবলৈ লগ ধৰিছে।
: আৰু তই কি ক’লি? অনুপমে সুধিলে আৰু তিনিওটাই মোৰ ফালে
কৌতুহলেৰে চালে।
: যাম বুলি।
: জানিছিলো তই যাম বুলিয়েই কবি বুলি, পিছে লাভ কি কচোন? তাই
আন কাৰোবাক ভাল পাই, আৰু তই তাইক। তেনেক্ষেত্ৰত তই তাইৰ পৰা আঁতৰি
থকাটোৱেই উচিত। নহ'লে তহঁতৰ সম্পৰ্কটো জটিলহে হৈ পৰিব।
: জটিল হৈ পৰিব জানো কিন্তু নাযাওঁ বুলি ক’বও যে নোৱাৰো। ইমান বছৰ
ধৰি তাইক নিজৰ বুলি ভবাৰ পাছত এতিয়া হঠাতে কেনেকৈনো মনৰ পৰা আঁতৰাই
পেলাওঁ।
: এটা কাম কৰ, তই যা তাইৰ লগত আৰু তোৰ মনৰ সকলো কথা কৈ দে
তাইক। এইদৰে কথাবোৰ মনতে লৈ তই দুখ কৰি থকাৰ কোনো প্ৰয়োজন নাই।
[ ৪২ ] কৌশিকে ঠিকেই কৈছিল, হয়তো সেইটোৱেই মোৰ ভুল আছিল। বহুবাৰ
চেষ্টা কৰিও মনৰ কথা মুখলৈ অনাত ব্যৰ্থ হৈছিলো মই। আজি দুই মাহমান
আগতে তাইৰ জন্মদিন আছিল। তাৰ আগদিনাখন বহু সাহস কৰি মনৰ কথাবোৰ
লিখি পেলাইছিলো এখন কাগজত। পাছদিনা জন্মদিনৰ উপহাৰৰ সৈতে বন্দনাক
দিয়াৰ উদ্দেশ্যেৰে... পাছদিনা তাইৰ হোষ্টেললৈ যাওঁতে তাই হোষ্টেলত নাছিল।
বহু সময় অপেক্ষা কৰাৰ পাছতো তাই আহি নোপোৱাত তাৰ পৰা নিৰাশ মনেৰে
গুচি আহিলো। খোজ কাঢ়ি আহি থাকোতেই দীঘলী পুখুৰীৰ পাৰত বন্দনাই
ল’ৰা এজনৰ কান্ধত মূৰ থৈ বহি থকাৰ দৃশ্য দেখা পাই পলকতে মৰহি সৰি
পৰিল মোৰ মনৰ ৰঙা, হালধীয়া ফুলবোৰ।
সেইদিনা গধূলি বন্দনাই ফোন কৰি কৈছিল তাইৰ নতুন প্ৰেমিকজনৰ বিষয়ে
আৰু জানিব বিচাৰিছিল তাইৰ সেই সিদ্ধান্তৰ ওপৰত মোৰ মত।
: তোৰ জীৱন, তোৰ কথা। মোক কিয় সুধিছ? মই হয়নো কোন? বুলি কৈ
কাটি দিছিলো সংযোগ।
আবেলি টিকট কটাৰ উদ্দেশ্যেৰে মই বাছ আস্থানত গৈ উপস্থিত হ’লো।
বিহুৰ বাবে অহা-যোৱা কৰা যাত্ৰীৰ সংখ্যা অন্য দিনতকৈ বহু বেছি৷ যাৰ ফলত
প্ৰায়বিলাক বাছতে ছীট খালী নাছিল। বহুকেইটা কাউণ্টাৰত বিচৰাৰ পাছত
অৱশেষত কোনো দিনে নাম নুশুনা বাছ এখনত পাছদিনা আবেলিৰ দুটা টিকট
পালো। টিকটৰ দামো আছিল বাকীবোৰতকৈ কম। কিন্তু পাছদিনা বন্দনাৰ সৈতে
বাছ ষ্টেচন আহি পাওঁতেহে গম পালো দাম কম হোৱাৰ ৰহস্য।
: এইখন শিৱসাগৰ গৈ পাবগৈনে? বাছখনৰ অৱস্থা দেখি বন্দনাই সুধিলে।
: কিয়? বুজি নোপোৱাৰ ভাও ধৰি সুধিলো।
: বাছ বিচাৰি নেপালি আৰু? অৱস্থাটো দেখা নাই এইখনৰ?
: অন্য বাছত টিকট নাথাকিলে মই কি কৰিম। যাৱ’ যদি এইখনতে যাব
লাগিব নহ'লে ওভতি ব’ল হোষ্টেললৈ।
: নেযাওঁ বুলিনো কেতিয়া ক'লো। তোৰ যে আজি কালি কথা ক'লেই খং
উঠে, হৈছে কি?
কোনো উত্তৰ নিদিয়াকৈ বেগ দুটা লৈ বাছত উঠিলোগৈ। অলপ সময়ৰ
পাছতে বাছখনে গতি ল'লে। খিৰিকীৰ কাষত বহি থকা বন্দনাক কিবা এটা কথা
কওঁ বুলি ভাবোতেই তাইৰ বেগত থকা মোবাইলটো বাজি উঠিল।
[ ৪৩ ] : হেল্ল’ মা। বন্দনাই ক'লে।
: তই ঘৰলৈ আহি আছ নেকি?
: অঁ গৈ আছো।
: অকলে আহিছনে লগত কোনোবা আছে?
: আছে, শান্তনুও আহিছে।
: তেতিয়াহ'লে ঠিকেই আছে। নহ'লে ৰাতিখন পাবিহি, ভয়ে লাগে মোৰ।
: হ’ব দিয়া, মই তাৰ লগত অহা নাই, সিহে মোৰ লগত আহিছে। বন্দনাই
মোৰ ফালে চাই ক'লে। মাকৰ সৈতে কথা পাতি থাকেঁতে ধৰা নপৰাকৈ
তাইৰফালে চাই আছিলো মই। ইমান কাষত থাকিও কিয় জানো ইমান আঁতৰত
থকা যেন লাগিছিল তাইৰ চেহেৰাটো।
বাছ জাগীৰোড পাৰ হওঁতেই বেলি ডুবি সন্ধিয়া নামি আহিল। আকাশখনো
ডাৱৰীয়া, মোৰ মনটোৰ দৰেই। বন্দনাৰ চকুহাল জাপ খাই থকাৰ সুযোগ লৈ
একে থৰে চাই ৰৈছিলো ভাল লগা চেহেৰাটো। এবাৰ কাষলৈ গৈ যদি ক'ব
পাৰিলোহেঁতেন ভালপাওঁ বুলি, এবাৰ যদি সানিব পাৰিলোহেঁতেন মোৰ বুকুৰ
মৰমবোৰ তাইৰ গালখনত। হঠাৎ বাছখনে এটা জোকাৰণি খোৱাত আঁতৰি গ'ল
হেঁপাহবোৰ, আঁতৰি গ'ল বন্দনাৰ টোপনিও |
: ক’ত পালোহি? হামি এটা মাৰি বন্দনাই সুধিলে।
: জাগীৰোড পাৰ হৈ আহিলো।
: মোলৈ ইমান দেৰি কিয় চাই আছিলি?
ঃ কি? —আচৰিত হোৱাৰ ভাও ধৰিলো মই।
একো নকৈ তাই ওঁঠত এটা মিচিকীয়া হাঁহি লৈ চকুহাল পুনৰ জপাই দিলে।
তাৰ পিছৰখিনি সময়ত আমাৰ মাজত নিস্তব্ধতাই বিৰাজ কৰিছিল। সেই
নিস্তব্ধতা হয়তো চিৰদিনেই থাকিল হয়, যদিহে বাছখন এটা ডাঙৰ শব্দ কৰি ৰৈ
নগ’লহেঁতেন। চালকজনে পুনৰ বাছখন ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলে, কিন্তু ব্যৰ্থ
হ’ল। বহুবাৰ চেষ্টা কৰিও বিফল হোৱাত যাত্ৰীসকলে নানান প্ৰশ্ন কৰিব ধৰিলে।
দুজন হেণ্ডিমেনে ইঞ্জিনৰ ওপৰৰ ঢাকনিখন খুলি পৰীক্ষা-নিৰীক্ষা কৰাত লাগিল।
প্ৰায় পোন্ধৰ-বিশ মিনিটমান সময়ৰ পাছত তেওঁলোকে আমাক জনালে যে বাছ
আৰু নচলে। কথাষাৰ শুনি যাত্ৰীসকলে হৈ চৈ সৃষ্টি কৰিলে। কোনোজনে টকা ঘূৰাই বিচাৰিলে, কোনোজনে সেই ঠাইত কেইদিনমান আগতে হোৱা ডকাইতিৰ [ ৪৪ ] কথা উল্লেখ কৰিলে। অলপ পাছতে কণ্ডাক্টৰজনে সকলোৰে টিকটৰ মূল্য
ঘূৰাই দিলে, কিন্তু মূল সমস্যাটোৰ সমাধান নহ’ল। ইতিমধ্যে মোৰ মনতো অলপ
ভয় সোমাইছিল। সময় তেতিয়া নিশা দহ বাজিছিল। অন্য গাড়ী পোৱাৰ সম্ভাৱনা
কম। বন্দনাক লগত লৈ বাছত থকাটো সুবিধাজনক নহ'ব। কিবা এটা ভাবি
কণ্ডাক্টৰজনৰ ওচৰলৈ গ'লো। বৰ্তমান আমি কোন ঠাইত আছো? মই সুধিলো।
:কাজিৰঙাৰ পৰা অলপ আগত। প্ৰায় আধা কিলোমিটাৰমান।
: ওচৰে-পাজৰে ৰাতি থকাৰ ব্যৱস্থা আছে নেকি জানেনে?
: অলপ আগত দুখনমান ৰিচৰ্ট খুলিছে নতুনকৈ। ওভতি গ’লে তালৈও
আধা কিলোমিটাৰ মানেই হ'ব।
: ঠিক আছে। বুলি কৈ পুনৰ ঘূৰি আহিলো বন্দনাৰ কাষলৈ।
: কি কৰিবি পিছে এতিয়া? তাই সুধিলে।
ৰাতিটো ইয়াত থকাটো সুবিধাজনক নহ'ব। অলপ আগত ৰিচৰ্টকেইখনমান
আছে, তাতে ৰাতিটো কটাই ৰাতিপুৱা কিবা এটা ব্যৱস্থা কৰিব লাগিব।
: ঠিক আছে ব’ল।
বেগকেইটা লৈ আমি বাছৰ পৰা নামিলো আৰু বহু দূৰৈত জিলিকি থকা
লাইট এটা অনুসৰণ কৰি আমি আগবাঢ়িলো। আমাৰ পিছে পিছে আন কেইজনমান
যাত্ৰীও একে দিশতে আগবাঢ়িল।
: ইমান আন্ধাৰ, মোৰ যে ভয়ে লাগে। বুলি কৈ বন্দনাই মোৰ হাতখনত
ধৰি ললে।
: এটা কথা কচোন, তই যে মোৰ সৈতে এৰাতি ৰিচৰ্টত থাকিবলৈ গৈ আছ,
সেই কথা যদি তোৰ বয়ফ্ৰেণ্ডে গম পাই?
: কেনেকৈনো গম পাব?
: যদি পাই?
:... কাজিয়া হ’ব, হয়তো ব্ৰেক-আপো হব। পিছে তই আছ নহয় বেক
আপ।
: মই তোৰ বয়ফ্ৰেণ্ড? সপোনতো নাভাবিবি।
পোন্ধৰ মিনিটমান সময় খোজকঢ়াৰ পাছত অলপদূৰৈত দেখা পালো বহুতো
ৰং বিৰং লাইটৰ পোহৰত জিলিকি থকা ‘সেউজ পৃথিৱী’ নামৰ ৰিচৰ্ট এখন।
: ৰূম এটা লওনে দুটা লও? মই সুধিলো। [ ৪৫ ] : এটাকে ল, দুটা ল’লে খৰচহে বাঢ়িব।
কাউন্টাৰত গৈ এৰাতিৰ বাবে এটা কোঠা বুক কৰিলো। তাৰ পাছত বেগ
দুটা কঢ়িয়াই কোঠাটোলৈ লৈ গ'লো। দুখন বিচনাযুক্ত লগ লাগি থকা বাথৰূম
আৰু এটা টি.ভি. থকা ধুনীয়া এটা কোঠা। বন্দনা বাথৰূমৰ পৰা অহাৰ পাছত
মইও হাত-ভৰিকেইটা ধুই আহিলোগৈ। বিচনাতে থকা বগা টাৱেলখনেৰে মুখ
মচি থাকোতেই দেখা পালো মোলৈ একেথৰে চাই থকা বন্দনাৰ চকুহাল।
: কি চাই আছ?
: (অলপ ৰৈ) তোক চাইছো।
: কিয়বা?
: এনেই, চাবও নোৱাৰি নেকি?... এটা কথা কচোন।
: কি কথা?
: তই যে মোক ভাল পাৱ সেই কথা কব কিয় নোৱাৰ?
: কি? কোনে ক'লে মই তোক ভালপাওঁ বুলি? আচৰিত হোৱাৰ ভাও
ধৰিলো।
: তোৰ চকুহালে আৰু তোৰ অলপতে উঠা খংটোৱে।
: মিছা কথা। তোৰ নিচিনাজনীক ভাল নেপালেহে পাইছে।
—তাইৰফালে নোচোৱাকৈয়ে কলো৷ উত্তৰবোৰ সঠিকমতে নোপোৱাযেন
অনুভৱ কৰি তাই মোৰ কাষ চাপি আহিল।
: মোৰ চকুত চাই এবাৰ ক মোক ভালপাওঁ বুলি।
নীৰৱ হৈ তাইৰ চকুলৈ চাই ৰৈছিলো অলপ সময়। বুজি পোৱা নাছিলো
তাইৰ এনে ব্যৱহাৰৰ অৰ্থ।
: অঁ ভালপাওঁ, বহুত ভালপাওঁ, বহুত দিনৰ পৰা ভালপাওঁ , কিন্তু এতিয়া
কৈ কি লাভ।
তাৰ পাছত অলপ সময় পুনৰ নীৰৱ হৈ ৰ'লো আমি দুয়ো, তাৰ পিছত
বন্দনাই ক'লে,
: প্ৰাঞ্জলে মোক ভালপাওঁ বুলি কোৱাৰ দিনা বহুতো নতুন অনুভূতিৰে ভৰি
পৰিছিল মোৰ মন। কিছুমান নতুন ৰং, নতুন সোৱাদ নামি আহিছিল জীৱনলৈ।
পিছে সেই ৰং, সোৱাদবোৰ স্থায়ী নহ'ল। (এটা হুমুনিয়াহ কাঢ়ি) সি যেতিয়াই মোৰ কাষত থাকিছিল মোৰ এনে অনুভৱ হৈছিল যেন কিবা এটা অভাৱ ঘটিছে। [ ৪৬ ] এনে লাগিছিল যেন তাৰ হাঁহি, তাৰ কথা কোৱাৰ ধৰণ মই বিচৰাৰ দৰে
নাছিল। আৰু এদিন মই অনুভৱ কৰিলোঁ প্ৰকৃত কথাটো।
: কি কথা?
: মই প্ৰাঞ্জলৰ স্থানত তই থকাটো বিচাৰিছিলো শান্তনু। তোক সেই ৰূপত
মই আগতে কোনোদিনে কল্পনা কৰা নাছিলো, কিন্তু যিদিনা তই মোৰ কাষৰ পৰা
আঁতৰি গ'লি সেইদিনাৰ পৰা মনটোৱে অনুভৱ কৰি আহিছিল এই অভাৱ।
: ভুল মোৰো আছিল, ক'ব খুজিও ক’ব পৰা নাছিলো তোক কথাবোৰ,
তোৰ অবিহনে অন্য কোনো ছোৱালীৰ কথাই মই ভাবিব নোৱাৰো বন্দনা, প্লীজ
সদায় মোৰ কাষতে থাকিবি, আঁতৰি গৈ অকলশৰীয়া কৰি নেপেলাবি মোক।
: উঠ, চাহ খাবলৈ বাচ ৰখাইছে। বন্দনাই মোক জোকাৰি দিলে। একে
জোকাৰে সপোনৰ পৃথিৱীৰ পৰা উফৰি আহিলো নিষ্ঠুৰ বাস্তবলৈ।
: কত পালোহি? চকুহাল মোহাৰি মোহাৰি সুধিলো।
: জখলাবন্ধা, পোন্ধৰ মিনিটমান ৰাখিব, যাবিনে ওলাই?
: ব’ল। বুলি কৈ দুয়ো সন্মুখৰ হোটেলখনত গৈ বহিলোগৈ।
: কি দিম? মূৰত গামোচা বান্ধি থকা সৰু ল'ৰা এটাই সুধিলেহি।
: চাহ দুকাপ, লগতে মোক এটা চিংৰা দিবি আৰু অলপ ৰসগোল্লাৰ ৰস
ঢালি দিবি ওপৰত। তই কি খাবি? বন্দনাক সুধিলো।
:নাই একো নেলাগে, খা তই।
দুই.
সাত বছৰ পাছত
হোষ্টেলৰ জীৱন এৰি অহা আজি বহু বছৰ হ’ল। কিন্তু এতিয়াও কলেজীয়া
দিনৰ উন্মাদ স্মৃতিবোৰে মনৰ দুৱাৰত টুকুৰিয়াই থাকেহি বাৰে বাৰে৷ কিছুমান
জীৱনহীন মানুহেৰে ভৰা অফিচটোত বহি থাকোতে প্ৰায়েই ভাবো এটা কথা,
জীৱনটো কৃষ্ণচূড়াৰ তলতে থমকি ৰোৱাহেঁতেন। আকৌ যে কোনোদিন ঘূৰি
নাহে তেনে দিন, ভাবি নিৰাশ হওঁ। হঠাৎ টেবুলত থকা ম'বাইলটো বাজি উঠাত
মনটো ঘূৰি আহিল অফিচৰ কোঠাটোলৈ।
: হেল্ল’ কৌশিক। ক'ত আছ তই? আনটো দিশৰ পৰা শান্তনুৱে সুধিলে।
[ ৪৭ ] : অফিচত আছো, কচোন খবৰ খাটি।
: খবৰ ভালেই, শুনি কেৱল আচৰিত নহ’বি।
: এনে কি খবৰনো? ক সোনকালে।
: অহা দেওবাৰে মোৰ বিয়া।
: কি কলি? আকৌ কচোন।
: অহা দেওবাৰে মোৰ বিয়া, তালৈকে নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যেৰে কল
কৰিলো।
: ধেমালি কৰিছ নেকি?
: আৰে ধেমালি কিয় কৰিম, মানুহে বিয়া নেপাতে নেকি?
: পাতে কিন্তু কেইদিনমান আগতেইচোন মই তোৰ সৈতে কথা পাতিছিলো,
তেতিয়াতো তই এই বিষয়ে একো কোৱা নাছিলি।
: সিদ্ধান্তটো হঠাৎ ল'বলগীয়া হ'ল। তইপিছে কেইদিনমান থকাকৈ আহিব
লাগিব।
: যাম বাৰু, পিছে বিয়া কাৰ সৈতে? ছোৱালী কৰ?
: বন্দনা নামৰ ছোৱালীজনী মনত আছেনে?
: আছেতো। কিন্তু তাইৰতো কোনোবা বয়ফ্ৰেণ্ড আছে বুলিহে জানিছিলো।
: সেইবোৰ বহুত কথা, তই আহিলে কম দে। এতিয়া ৰাখো বহুত কাম
বাকী আছে।
ফোনটো থৈ অলপ সময়ৰ বাবে আচৰিত হোৱাৰ দৰে হৈ থাকিলো। আমাৰ
কেইটাৰ ভিতৰত যে শান্তনুৰ বিয়া প্ৰথমে হ'ব সেই কথা কেতিয়াও ভবা নাছিলো
তাকো বন্দনা নামৰ ছোৱালীজনীৰ সৈতে। বন্দনা আৰু শান্তনুৰ ঘৰ ওচৰা-ওচৰি।
স্কুলত পঢ়াৰ দিনৰ পৰাই শান্তনুৱে তাইক ভাল পাই বুলি সি কৈছিল। পিছে
লাজকুৰীয়া শান্তনুৰ মনৰ কথা মনতেই থাকিল। পিছত তাইৰ জীৱনলৈ অন্য
কোনো অহা বুলি জনাৰ পাছত কিযে অৱস্থা হৈছিল তাৰ। একেবাৰে যেন দেৱদাসৰ
নতুন সংস্কৰণহে। কিন্তু আজি হঠাৎ কিদৰে সলনি হ'ল তাৰ ভাগ্যখন। উগুল-
থুগুল লাগি থকাৰ বাবে কামত মন নবহিল, গধুলি ঘৰলৈ আহি থাকোতে আকৌ
এবাৰ ফোনটো বাজি উঠিল।
: খবৰটো পালিনে? অনুপমে উৎসাহেৰে সুধিলে।
: শান্তনুৰ বিয়াৰ খবৰ?
[ ৪৮ ] : অ, বাৰু ছোৱালীজনী কোন গম পাইছনে?
: গম পাইছো, ভাবি আচৰিত লাগিছে, হঠাৎ তাৰ ভাগ্য ইমান ভাল হৈ গ’ল যে।
: তাকেহে, অজয়েও ফোন কৰিছিল, তাৰো প্ৰতিক্ৰিয়া আমাৰ দৰেই।
: পিছে যাবি কোনদিনা? মোৰ গাড়ীখনকে লৈ যাওঁ, ওলাবি লগতে।
: শুকুৰবাৰে ওলাবি। শনিবাৰেটো অফিচ বন্ধ। তাৰ পিছত অহা সপ্তাহটো
দুদিনমান ছুটী লৈ বিয়া খাই আহিম ভালদৰে।
: ঠিক আছে, শুকুৰবাৰে লগ পাম তেন্তে, বাই বুলি কৈ বাৰ্তালাপ সমাপ্ত
কৰিলে অনুপমে।
শুকুৰবাৰে ৰাতিপুৱাতে টালি-টোপোলা বান্ধি গাড়ীত ভৰাই ল'লো।
গুৱাহাটীৰ পৰা শিৱসাগৰলৈ প্ৰায় আঠঘণ্টাৰ বাট। যাত্ৰা আমনিদায়ক নহ'বৰ
বাবে বহুকেইখন অডিঅ’ চি.ডি. লৈ ল’লো লগত। ঘৰৰ পৰা ওলাই প্ৰায়
আধাঘণ্টামান পাছত অনুপমৰ কোৱাৰ্টাৰৰ সন্মুখত উপস্থিত হ’লোগৈ। টালি-
টোপোলা লগত লৈ সি আগতীয়াকৈ সাজু হৈ আছিল।
: গীফ্ট কি ল’লি শান্তনুক দিবলৈ। গাড়ীত উঠি অনুপমে সুধিলে।
: ঘড়ী এটা লৈছো, তই?
: মোবাইলৰ হেণ্ডচেট এটা কিনিলো, বৰ ধুনীয়া দেখাত। ভাবিছো নিজেই
ৰাখি লওঁ নেকি।
: গীফ্ট নিদিলেও সি বেয়া নেপায়, যাক নেপাই অতদিনে দুখ কৰি থাকিলে
তাইৰ সৈতেই বিয়া হ’ব ওলাইছে যেতিয়া।
: তাকেইতো। তোৰ মনত আছেনে, এদিন যে সি ক্লাচলৈ নগৈ ৰূমত কান্দি
আছিল।
: আছে, সি যে গম পাইছিল বন্দনাৰ বয়ফ্ৰেণ্ড থকাৰ কথা, সেইদিনা নহয়
জানো?
: অঁ অঁ আৰু তাৰ আগদিনা বন্দনাৰ জন্মদিন আছিল, মইও গৈছিলো তাৰ
লগত বন্দনা থকা হোষ্টেলটোলৈ। পিচে গৈ পাই তাইক আন কাৰোবাৰ সৈতে
পাৰ্কত বহি থকা দেখা পালো। জন্মদিনৰ উপহাৰ তাতে পেলাই সি আৰু ৰৈ
নাথাকিল সেই ঠাইত।
: হাঃ হাঃ, প্ৰথমতে বেচেৰালৈ বেয়া লাগিছিল। পিচে পিছলৈ আৰু খঙহে
উঠা হ’ল।এজনী ছোৱালীৰ কাৰণেই ইমানকৈ দুখ কৰি থাকে নেকি কোনোবাই? [ ৪৯ ] : আচলতে সি খুব বেছি ভাল পাইছিল তাইক। আমি হৃদয়হীনবোৰেনো
কি বুজিম প্ৰেম ভালপোৱাৰ কথা।
মুকলি ৰাস্তা পোৱাৰ লগে লগে গাড়ীৰ গতি বঢ়াই দিলো। ৰাস্তাৰ দুয়োকাষে
দূৰদূৰণিলৈ বিয়পি থকা সেউজীয়া পথাৰৰ মাজেৰে আমি দ্ৰুতগতিত আগবাঢ়িলো।
ৰাতিপুৱা ছয় বজাত আৰম্ভ হোৱা যাত্ৰা শেষ হওঁতে এক বাজি পাৰ হৈ
গ’ল সময়। শিৱসাগৰ টাউনৰ পৰা প্ৰায় দহ কিলোমিটাৰমান ভিতৰলৈ সোমাই
আমি শান্তনুৰ ঘৰত উপস্থিত হলোগৈ। পিছে ঘৰৰ পৰিৱেশ আছিল আমি আশা
কৰাতকৈ সম্পূৰ্ণ বিপৰীত। দুদিন পাছত বিয়া অথচ ৰভাৰ নামত চোতালত বাঁহ
এডালা নাই চোন। কোনো মানুহো চকুত নপৰিল বাহিৰত। কলিংবেলৰ শব্দ
শুনি শান্তনুৰ মাক ওলাই আহিল বাহিৰলৈ।
: খুৰী ভালনে? অনুপমে সুধিলে।
: ভাল বেয়ানো কি? আছো আৰু জীয়াই। দুখমনেৰে মাকে ক'লে।
:পিছে দৰা ক’ত? আৰু ঘৰখনো ইমান ঠাণ্ডা হৈ আছে যে? মই সুধিলো।
: অ’ তোমালোকে হ’বলা গম পোৱাই নাই। বিয়াখন ভাঙিল নহয়।
: কি? দুয়ো একেলগে চিঞৰি উঠিলো।
: কিন্তু কিয়?
: কিনো ক’বা, লাজেই লাগে ক’বলৈ। মাকে মাটিৰফালে চাই ক'লে।
: খুৰী, শান্তনু ক’ত আছে?
: নেজানো, দুপৰীয়াৰ পৰা দেখাই নাই, অই মাজনী দাদা ক’ত আছে অ’?
মাকে শান্তনুৰ ভনীয়েকক সুধিলে।
: পাছফালে মথাউৰিত বহি আছে অকলে অকলে।
: মথাউৰিত?
: অ’ ঘৰৰ পাছফালে থকা পথাৰখনৰ মাজেৰে সৰু নৈ এখন বৈ গৈছে।
তাৰে পাৰত বহি আছেগৈ। মাকে ক'লে।
আমাৰ বস্তুবোৰ ঘৰত থৈ দুয়ো মথাউৰিত উঠিলোগৈ। অলপ দূৰৈত দেখা
পালো হতাশ মনেৰে পানীলৈ শিলগুটি দলিয়াই বহি থকা শান্তনুক। ঘূৰি চাই
আমাক দেখা পাই ক্ষন্তেকৰ বাবে হলেও তাৰ মুখখন উজ্বল হৈ পৰিল।
: তহঁতক নাহিবলৈ কম বুলি ভাবিছিলোহে।
: আমি কি এনেই আহিব নোৱাৰো নেকি? [ ৫০ ] : পাৰ নিশ্চয় পাৰ, বহ ইয়াতে...অলপ মুকলি বতাহৰ সোৱাদ ল। অনুপম
পেট কিন্তু বনাইচ দেই।
: মুখ নলগাবি দেই, বহুত কষ্টৰে বনোৱা।
: পিছে কি হ’ল কচোন কথাবোৰ, হঠাৎ বিয়া ঠিক হৈ হঠাৎ ভাঙিল যে?
কৌতুহলেৰে সুধিলো। কথাবোৰ কোৱাৰ আগতে দীঘলকৈ এটা হুমুনিয়াহকাঢ়িলে
শান্তনুৱে।
: বন্দনাৰ সৈতে যোৱা পাঁচবছৰমান মোৰ কোনো সম্পৰ্ক নাছিল। ক’তো
লগো পোৱা নাছিলো আৰু ফোনতো কথা-বতৰা হোৱা নাছিল। ক’বলৈ গলে
মই তাইক প্ৰায় পাহৰি যোৱাৰ দৰেই হৈছিল ... দুসপ্তাহ আগতে ঘৰলৈ আহোঁতে
তাইক হঠাৎ দেখা পালো বাটতে। সেই মুহূৰ্তত খুব চিন্তিত যেন লাগিছিল তাইক।
তাইৰ খবৰ খাটি শুধোতে তাই উত্তৰো ভালদৰে দিয়া নাছিল। তাৰ পিছত কিবা
দৰকাৰী কাম থকাৰ অজুহাত দেখুৱাই তাই আঁতৰি গৈছিল। বহুত দিনৰ মূৰত
তাইক লগ পাই ভালো লাগিছিল আনহাতে, তাই বেজাৰত থকা দেখি বেয়াও
লাগিছিল।
: তাৰ কেইদিনমান পাছৰ কথা। এদিন হঠাৎ তাই আহি আমাৰ ঘৰ ওলালেহি।
: শান্তনু তোৰ সৈতে দৰকাৰী কথা এটা পাতিব আছে।
: কি কথা?
: ঘৰৰ ভিতৰত ক'ব নোৱাৰি, অন্য ঠাইত যাওঁ ব’ল।
: তাই কি কথা ক'ব বিচাৰিছিল তাক জনাৰ উদ্দেশ্যেৰে মই তাইক এই
মথাউৰিটোলৈকে লৈ আহিলো।
: কি কথা ক এতিয়া। মই ক'লো।
একো উত্তৰ নিদি তাই অলপ সময় নীৰৱ হৈ থাকিলে। তাৰ পাছত হঠাৎ
হুকহুকাই কান্দি উঠিল। তাইৰ চকুলোবোৰ দেখি অতদিনে মনত লুকাই থকা
মৰমবোৰ যেন জপিয়াই ওলায় আহিছিল বাহিৰলৈ। মন গৈছিল তাই সাবটি
ল’বলৈ, বুকুত মূৰটো গুজি তাইক শান্ত্বনা দিবলৈ। পিছে নিজকে তেনে কৰাৰ
পৰা বিৰত ৰাখি তাইক নাকান্দিবলৈ অনুৰোধ কৰিলো। নীৰৱ হৈ অপেক্ষ কৰিলো
তাইৰ উচুপনি বন্ধ হোৱালৈ।
: তই মোক খুব ভাল পাইছিলি ন? তাই সুধিলে৷
: কিয় সুধিছ? প্ৰাঞ্জলৰ সৈতে কিবা কাজিয়া লাগিলি নেকি? [ ৫১ ] : এতিয়াও আগৰদৰেই ভাল পাৱনে মোক?—তাই পুনৰ সুধিলে।
: এতিয়া সেইবোৰ কথা সুধাৰ কিবা অৰ্থ আছে জানো?
: মই বৰ অকলশৰীয়া হৈ পৰিছো। মোৰ সমস্যাৰ বিষয়ে কাক কওঁ, কি
কৰো একো বুজি পোৱা নাই।
: প্ৰাঞ্জল আৰু তোৰ ...
: আমাৰ মাজত ব্ৰেক আপ হ’ল দুই সপ্তাহৰ আগত।
বৈ অহা চকুলো দুধাৰি লৈ তাইৰ চকুহালে থৰ লাগি চাই ৰৈছিল মোক।
পলকতে মনৰ পৰা আঁতৰি গৈছিল অতদিনে তাই দিয়া দুখবোৰ। সাবটি ধৰি
আলফুলে তাইৰ মূৰটো গুজি দিলো মোৰ বুকুত।
: অ, তোক ভাল পাইছিলো মই আৰু এতিয়াও শেষ হৈ যোৱা নাই সেই
ভালপোৱা। বন্দনা তোক এটা কথা শুধো বেয়া নেপাবি।
: কি?
: মোৰ সৈতে বিয়া হবি?
অলপ সময়নীৰব হৈৰ'ল তাই। সেই মুহূৰ্তত এনে লাগিছিল যেন চৌদিশৰ
সকলো বস্তু থমকি ৰৈছিল, এটা উত্তৰৰ অপেক্ষাত ...
:হ’ম। নিশ্চয় হ’ম।
: তেনেহলে অহা বহাগতে ...
: নাই, নাই মই ইমান দিন অপেক্ষা কৰিব নোৱাৰো।
: কিন্তু মোৰ ছুটী অহা সপ্তাহলৈকেহে আছে।
: এইবাৰেই বিয়া কৰাই মোক লৈ যা লগত।
অলপ খৰধৰ হৈছিল সঁচা, পিছে সোনকালে বিয়াখন হৈ যোৱাটো মইও
বিচাৰিছিলো। কি ঠিক তাইৰ মন যদি আকৌ সলনি হৈ যায়? ঘৰত মা-দেউতাক
মান্তি কৰোঁতে অলপ সময় লাগিল কিন্তু অৱশেষত তেওঁলোকে সঁহাৰি দিলে।
পিছে সময় কম হোৱাৰ বাবে কামৰ বোজাহে বহুত বাঢ়ি গৈছিল। সেয়ে তহঁতকো
ফোনতেই মাতিলো। সকলো ভবামতেই হৈ আছিল, হঠাৎ কালি গধূলি বন্দনাৰ
মাকে মোক মাতি পঠালে।
গৈ পাই বন্দনাৰ দেউতাক, মাক আৰু বাইদেউক নীৰৱ হৈ বাৰাণ্ডাত বহি
থকা দেখা পাওঁ, কিবা এটা নিশ্চয় হৈছে বুলি অনুমান কৰিব পাৰিছিলো।
: বহা। চকী এখন আগবঢ়াই দি মাকে ক'লে।
[ ৫২ ] : সকলো বৰ গহীন হৈ আছে যে? কিবা হ’ল নেকি?
: এইখন পঢ়া। দেউতাকে কাগজ এখন আগবঢ়াই দিলে মোৰ দিশত।
মৰমৰ
মা আৰু দেউতা,
চিঠিখনৰ যোগেদি মই যি কথা ক'ব বিচাৰিছো সেই কথা মই বহুত আগতেই
ক'ব লাগিছিল.. কিন্তু এতিয়াও পলম হোৱা নাই। মা, মোৰ গৰ্ভত বৰ্তমান এটা
একমহীয়া সন্তান আছে। প্ৰাঞ্জলৰ সৈতে মোৰ সম্পৰ্ক ছেদ হোৱাৰ দুদিনমান
পাছতে মই গম পাইছিলো এই কথা। তাক এই বিষয়ে জনোৱাৰ চেষ্টা কৰিছিলো
কিন্তু সি মোৰ একো কথাই শুনিব নিবিচাৰিলে। খুব ভয় লাগিছিল মোৰ তাৰ
পিছত। সেই ভয়তে মই কাকো এই বিষয়ে ক’ব পৰা নাছিলো। ভাবিছিলো মনে
মনে ডাক্টৰৰ ওচৰলৈ যোৱাৰ কথা, কিন্তু চহৰৰ প্ৰায়ভাগ ডাক্টৰেই দেউতাৰ চিনাকী।
হঠাৎ এদিন মই শান্তনুক লগ পালো। ভাবিলো সিয়েই মোক নিশ্চয় সহায় কৰিব।
মোৰ সমস্যাৰ বিষয়ে তাক ক'ম বুলি সিহঁতৰ ঘৰলৈ যাওঁতে হঠাৎ সি মোক বিয়া
কৰোৱাৰ প্ৰস্তাৱ দি দিলে। সেই মুহূৰ্তত ভাবিলো তাৰ সৈতে বিয়াখন সোনকালে
হৈ গ'লে মই মোৰ বিপদটোৰ পৰাও সাৰি যাম।... পিছে বিয়াৰ দিন কাষ চাপি
অহাৰ লগে লগে মই অনুভৱ কৰিব ধৰিলো মোৰ ভুল। শান্তনুৱে মোক বহুত
ভাল পাই আৰু তাৰ বিনিময়ত মই তাক এইদৰে ঠগিব বিচৰাটো উচিত নহয়।
এই কথা জনাৰ পাছত হয়তো সি মোক কোনোদিনে ক্ষমা নকৰিব আৰু ইয়াৰ
পাছত তোমালোকৰ সন্মুখীন হ’বলৈও মোৰ সাহস নাই মনত। সেয়ে মই যাওঁগৈ,
কোনোবা অচিনাকী ঠাইলৈ যত মোক কোনেও চিনি নেপাই। য’ৰ পৰা ভাঙি-
চিঙি যোৱা মোৰ জীৱনটো পুনৰ এবাৰ গঢ়াৰ চেষ্টা কৰিব পাৰো। শান্তনুক বুজাবা,
ক’বা মই তাৰ যোগ্য নহয়। সি মোতকৈ বহুত ভাল ছোৱালীৰ সংগ পাব জীৱনত।
ইতি
বন্দনা
: চিঠিখন পঢ়াৰ পাছত খঙত সেইখন ফালি-চিৰি বন্দনাৰ ঘৰৰ পদুলিতে
পেলাই থৈ আহিলো। মোক ভাল পাই বা মোৰ ভালপোৱাৰ বাবে তাই বিয়াত
বহিবলৈ মান্তি হোৱা নাছিল, হৈছিল কেৱল নিজৰ সমস্যা সমাধানৰ কাৰণে।
অৱশ্যে তাই তেনে কৰাৰ কাৰণে এটা লাভ হ’ল। এতিয়া আৰু মোৰ মনত তাইৰ
প্ৰতি অলপো মৰম নাই। এতিয়া আৰু তাই মোৰ দুৰ্বলতা হৈ থকা নাই। মই ঘিণ [ ৫৩ ] কৰো তাইক।
: হ’বদে, যি কি নহওক, সময় থাকোতেই তাই সঁচা কথাটো ক'লে যে।
নহ'লে পাছত গম পোৱাহেঁতেন সমস্যাটো আৰু জটিল হৈ পৰিলহেঁতেন। অনুপমে
কলে।
পশ্চিমফালে আকাশখন ৰাঙলি হৈ পৰিল। আকাশখনৰ দৰে জীৱনটোৱেও
যে কিদৰে সলাই থাকে নিজৰ ৰং। গাড়ীত আহি থাকোঁতে অনুপমক কোৱা কথা
এটা মনত পৰি মনে মনে হাঁহি উঠিল, হয়তো আমিয়েই মুখ লগালো শান্তনুৰ
বিয়াখনত।
তিনি
শ্বিলঙৰ সেমেকা ৰাস্তাৰ ওপৰেৰে নেন্সি আৰু মই আগবাঢ়ি গ'লো চাপৰ
পাহাৰটোৰ ফালে। বৰ ধুনীয়া লাগে ঠাইডোখৰ, ওখ-চাপৰ পাক লগা সৰু
ৰাস্তাটো, তাৰ দুয়োকাষে সেউজীয়া ৰং সানি থিয় হৈ থকা পাহাৰকেইটা।
সেই পাহাৰবোৰৰ মাজৰে এটাত ঘৰ এটা সাজি থাকিবৰ মন যায়, অৱশ্যে
অকলশৰে নহয়। বিয়া ভাঙি ঘৰৰ পৰা গুচি অহা আজি ডেৰ বছৰ হ’ল। এই
ডেৰ বছৰত মই কোনো খবৰ পোৱা নাই ঘৰৰ মানুহৰ আৰু তেওঁলোকেও
নেজানে মোৰ বৰ্তমানৰ ঠিকনা। সময়ে সময়ে অনুভৱ হয় মোৰ সেই
সিদ্ধান্তটো ভুল আছিল বুলি। কিন্তু সেই সময়ত তেনে কৰাটোৱেই যে উচিত
যেন লাগিছিল। ভয়ত ভুল-শুদ্ধ একো চিনিব পৰা নাছিলো তেতিয়া।
সমস্যাবোৰৰ পৰা পলালে যে সমস্যাৰ সমাধান নহয় সেই কথা বুজি পোৱা
হৈছো এতিয়া।
: বন্দনা, কি ভাবিছা? বাচকেটটো এখন হাতৰ পৰা আনখনলৈ নি নেন্সিয়ে
সুধিলে।
: কি ভাবিছা নহয়, কি ভাবিছ।
হোষ্টেলত ৰূমমেট থকাৰ দিনৰ পৰাই নেন্সিয়ে অসমীয়াত কথা কোৱাৰ
চেষ্টা কৰি আহিছে। অন্য মানুহে ক'লে তাই ভালদৰে বুজি পাই। নিজে কওঁতেহে
কেৱল ‘ই’ ‘তুমি’ বোৰে খেলিমেলি লগাই থাকে তাইক। হোষ্টেলৰ একেটা
কোঠাতে থাকোঁতে মোৰ সকলোবোৰ কথাই মই তাইক কৈছিলো। সেই সময়ছোৱাত প্ৰাঞ্জলৰ পাছত তাইয়েই আছিল মোৰ প্ৰিয় সংগী। সেয়ে ঘৰ এৰি [ ৫৪ ] ওলায় অহাৰ পাছত প্ৰথম তাইৰ কাষলৈকে যোৱাৰ কথা মই ভাবিছিলো। তেতিয়া
তাই গুৱাহাটীতে আছিল। পাছত তাইৰ সৈতে মইও শ্বিলঙ পালোহি আহি।
লাহে লাহে নেন্সিহঁতৰ ঘৰটোৱেই হৈ পৰিল মোৰো ঘৰ। নেন্সিৰ মাক-দেউতাক
অতি মৰমিয়াল মানুহ। মোকো তেওঁলোকে নিজৰ ছোৱালীৰ দৰেই জ্ঞান কৰে।
তথাপিতো ‘নিজৰ দৰেই’ আৰু নিজৰ মাজত যেন লুকাই থাকে বহুতো দুখ।
নেন্সিৰ দেউতাকে তেওঁৰ ডেকাকালতে শ্বিলঙত ‘নাইট স্কাই’ নামৰ এখন
ৰেষ্টোৰেণ্ট খুলিছিল। বৰ্তমান ৰেষ্টোৰেণ্টখনৰ আধা কামৰ দায়িত্ব নেন্সি আৰু
মোৰ ওপৰত।
: ইমানকৈ কি ভাবিছ তই? নেন্সিয়ে পুনৰ সুধিলে।
: নাই একো নাই, ব’ল তাতে বহোঁ। বহল ঘাঁহনিখনৰফালে দেখুৱাই নেন্সিক
ক’লো। সৰু সৰু ঘাঁহেৰে আবৃত ঠাইডোখৰত গৈ আমি কঢ়িয়াই অনা বস্তুখিনি
ৰাখিলো। নেন্সিয়ে বগা চাদৰখন মাটিত পাৰি এটা এটাকৈ বস্তুবোৰ তাত ৰাখিলে।
বেলিটোৱেও যেন আমালৈহে অপেক্ষা কৰি আছিল। ডাৱৰৰ আঁৰৰ পৰা ওলাই
এফালৰ পৰা পোহৰ সানি গ'ল সেউজীয়া ঘাঁহৰ ওপৰত। আমাৰ পাছফালে
দূৰৈত দেখা পালো কেইবাটাও জলপ্ৰপাত। দেওবাৰে আমি সদায় আহো পিকনিক
খাবলৈ, সেই চলেৰে প্ৰাণখুলি কথা পাতো আমি দুয়ো, মই মোৰ বিষয়ে কওঁ,
নেন্সিয়েও তাইৰ আৰু জনছনৰ হ’বলগীয়া বিয়াখনৰ বিষয়ে কয়।
: মই জানো তই কি ভাবিছ। নেন্সিয়ে ক'লে।
: কি জান?
: তই ভাবিছ মোৰ বিয়াৰ পাছত তই অকলশৰীয়া হৈ যাবি বুলি, হয় নে
নাই?
: তোৰ ঘৰলৈ উভতি যাবৰ মন যায়নেকি?
: যায়, ভৱিষ্যতৰ কথা যেতিয়াই ভাবো তেতিয়াই উভতি যাবৰ মন যায়
মা-দেউতাৰ কাষলৈ। কিন্তু যাওঁ কেনেকৈ, তাৰ মানুহবোৰে মোৰ সৈতে কি ধৰণৰ ব্যৱহাৰ কৰিব সেই কথা ভাবি মোৰ ভয় লাগে।
: তেনেহলে থাকিবি ইয়াতে, মাম্মী-পাপাৰ সৈতে।
: ওঁ—লাহেকৈ উত্তৰ দিলো। পুনৰ এবাৰ ভৱিষ্যতৰ চিন্তাই মনটো জোকাৰি গ’ল। এনেকুৱা মুহূৰ্তবোৰতে ভগৱানৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা কৰাত বাধ্য [ ৫৫ ] হৈ পৰে মনটো, দুখবোৰ আঁতৰাই নিয়া এজাক বতাহৰ আশাত।
: হট্কেচ্টো খোল, তাতে ব্ৰেড আৰু মীট আছে। নেন্সিয়ে ক'লে। প্লেট
কেইখন মোহাৰি আমি খোৱাবস্তুখিনি ভগাই ল’লো। নেন্সিয়ে বনোৱা মাংসৰ
এক বিশেষ সোৱাদ আছে, তাইৰ পৰা শিকি মইও চেষ্টা কৰো, পিছে তাইৰ দৰে
সোৱাদ এতিয়াও আনিব পৰা হোৱা নাই। ৰেস্তোৰেণ্টখনলৈ অহা গ্ৰাহকৰ অধিকাংশ
হ’ল শিলঙ ফুৰিবলৈ অহা বহিঃৰাজ্যৰ মানুহ। তাৰ মাজত অসমৰ পৰা অহা
মানুহো থাকে বহুত। অসমীয়া কথা-বতৰা কাণত পৰিলে ভিতৰৰ পৰা জুমি
চাওঁ, কোনো চিনাকী চেহেৰা দেখাৰ আশাত।
দুদিনমান পাছৰ কথা, ৰাতিপুৱাৰে পৰা পৰি থকা বৰষুণজাকে বতৰটোৰ
লগতে মনবোৰো সেমেকাই ৰাখিছে। ৰেস্তোৰেণ্টত মানুহৰ ভিৰ কম। খিৰিকীৰ
কাষত বহি থকা বয়সস্থ মানুহহালৰ বাবে কফি দুকাপ বনোৱাৰ উদ্দেশ্যেৰে ভিতৰলৈ
আহিলো। কফি বনাই থাকোঁতেই কেইজনমান মানুহৰ ভৰিৰ শব্দ মোৰ কাণত
পৰিল।
:দুকাপ চাহ দিবা।—এজনে ক'লে।
: বন্দনা, আৰু দুকাপ চাহ। নেন্সিয়ে কাউণ্টাৰৰ পৰা চিঞৰিলে।
: অকে।
: আৰু কিবা দিম—নেন্সিয়ে সুধিলে।
: এটা চিংৰা দিবা, লগত অলপ ৰসগোল্লাৰ ৰস ঢালি দিবা।
এক মুহূৰ্তৰ বাবে থমকি ৰ'ল মোৰ হাত-ভৰি। সি হয় নে নহয়। হয়নে
নহয়? মনটোৱে ভাবিলে। তাৰ পাছত দুৱাৰখনৰ ফাকেৰে জুমি চাই দেখা পালো
শান্তনুক। বয়সস্থ মানুহহালক কফি দুকাপ দি লাহে লাহে তাৰ কাষ চাপি গ'লো।
সি কিদৰে প্ৰতিক্ৰিয়া কৰে সেই কথা ভাবি ভয়ো লাগিছিল। তাৰ পিছত পাছফালৰ
পৰা তাৰ কান্ধত হাতখন ৰাখি মাতিলো।
: শান্তনু।
সি ঘূৰি চালে আৰু আচৰিত হোৱাৰ দৰে অলপ সময় চাই ৰ'ল একে থৰে।
: কোন হয় তুমি? চ’ৰি মই তোমাক চিনিব পৰা নাই। বুলি কৈ পুনৰ তাৰ
সন্মুখত বহি থকা মানুহজনৰ সৈতে কথা পতাত ব্যস্ত হ’ল।
প্ৰথমবাৰ তাৰ চেহেৰাত খঙৰ ভাব দেখা পাইছিলো। মনটো মৰহি গ'ল সি তেনেদৰে কোৱাত। কিন্তু ভুলটো ময়েই কৰিছিলো,তাৰ তেনে প্ৰতিক্ৰিয়া [ ৫৬ ] স্বাভাৱিক। চাহ দুকাপ আনি টেবুলত থওঁতেও সি মোৰ ফালে ঘূৰি নেচালে।
আধাঘণ্টামান সময় ৰেস্তোৰেণ্টত বহাৰ পাছত সি আৰু তাৰ সংগীজন যাবলৈ
ওলালে। ছাতিটো মেলি বাহিৰত খোজ দিওঁতে মই পুনৰ এবাৰ তাক মাতিলো,
সি থমকি ৰ'ল।
: ‘চৰি’ বুলি ক'বলৈও শব্দটো বহুত সৰু সৰু যেন লাগিছে। কিন্তু অন্য কি
ধৰণেৰে তোৰ ওচৰত ক্ষমা খুজো।
: ক্ষমা খুজাৰ প্ৰয়োজননো কি? যি হৈ গ'ল তাৰ ওপৰত কোনোধৰণৰ
পাৰ্থক্য নাহে বুলি কৈ খৰধৰকৈ গাড়ীখনৰ দিশত আগুৱাই গ'ল সি। দুৱাৰখন
খুলি পুনৰ এবাৰ থমকি ৰ'ল সি আৰু ক'লে,
: সমস্যাটো কি জান? মই ইচ্ছা কৰিও মোৰ খঙবোৰ প্ৰকাশ কৰিব নোৱাৰো
তোৰ ওপৰত। যি দৰে তই হঠাৎ আঁতৰি গুচি আহিছিলি তাৰ পাছত তোৰ
চেহেৰাটো চোৱাৰো ইচ্ছা নাছিল মোৰ আৰু তই শ্বিলঙত আছ বুলি জনাহেঁতেন
মই কেতিয়াও নাহিলোহেঁতেন এই ঠাইলৈ।
: কিন্তু সেই সময়ত অন্য উপায়ো যে নাছিল।
: উপায় আছিল, সঁচা কথাটো তই ক'ব পাৰিলিহেঁতেন মোক। তোৰ প্ৰতি
মোৰ মনত থকা ভাব বিনিময়ত তই মোক তোৰ সমস্যাটোৰ বিষয়ে কোৱাটোও
যোগ্য বুলি নাভাবিলি! বুলি কৈ সি গাড়ীত বহিল।
জীৱনত বহুকেইটা ভুল কৰিলো, তাৰ বাবে শাস্তিও পাই আহিছো। আজি
যদি শান্তনুকো গুচি যাবলৈ দিও এইদৰে। সিও এক ভুলেই হ’ব।
আগপিছ নেভাবি গাড়ীৰ আগত থিয় হৈ দিলোগৈ। দোকানসমূহৰ সন্মুখত
বৰষুণৰ পৰা নিজকে বচাই ৰৈ থকা মানুহখিনিয়ে নাটক চোৱাৰ দৰেই উপভোগ
কৰিছিল সেই দৃশ্য।
: ভালে ভালে আঁতৰ হ। গাড়ীৰ ভিতৰৰ পৰা শান্তনুয়ে ক'লে।
: আৰু যদি নাতৰো? (দুবাৰমান দীঘলকৈ উশাহ লৈ)
: মোক ক্ষমা কৰি দে আৰু নকৰ’ যদি মাৰি থৈয়ে যা।
দুৱাৰখন জোৰকৈ বন্ধ কৰি সি ওলাই আহিল বাহিৰলৈ।
: শান্তনু, বিয়াখন ভাঙি তেনেদৰে গুচি অহাটো এটা ডাঙৰ ভুল আছিল, যি
দৰে ভুল আছিল তোক আৰু তোৰ মৰমবোৰ বুজি নোপোৱাটো। কিন্তু আজি মই জানো যে কোন মোৰ প্ৰকৃত আপোন, কোনে মোৰ বিপদৰ সময়তো মোক [ ৫৭ ]
অকলশৰীয়া নকৰে। সেই কথা জনাৰ পাছত তোক পুনৰ এবাৰ নিজৰ পৰা
আতৰ কৰাৰ ভুল মই কৰিব নোৱাৰো।
: পিছে তোৰ সন্তানটো?
: গুৱাহাটীলৈ অহাৰ পাছত নেন্সিয়ে তাইৰ চিনাকী ডাক্টৰ এজনৰ ওচৰলৈ
লৈ গ'ল মোক। তেখেতৰ হতুৱাই অপাৰেছ কৰি সন্তানটো জন্ম হোৱাৰ
আগতেই...
: বাদ দে সেইবোৰ কথা, ... (অলপ ৰৈ) প্ৰকৃত কথাটো কি জান?
: কি?
: মোৰ লগৰ অনুপম কেইদিনমানৰ আগতে শ্বিলঙলৈ আহিছিল। তেতিয়া
সি তোক আৰু নেন্সিক তহঁতৰ ৰেস্তোঁৰেণ্টখনতে দেখা পালে। মোক গৈ পায়ে
সি তোৰ বিষয়ে ক'লে। কথাটো জনাৰ পাছত যদিও মোৰ মনত তোৰ প্ৰতি
বহুতো খং জমা হৈ আছিল তথাপিতো অবুজন মনত তোক এবাৰ চোৱাৰ প্ৰবল
ইচ্ছাৰ জন্ম হ’ল। তই কিদৰে আছ’ সেই কথা জনাটোৱেই উদ্দেশ্য আছিল মোৰ
শ্বিলং অহাৰ।
: তেনেহ'লে নাটক কিয় কৰি আছিলি?
: আগৰ পৰা ভাবিয়েই আছিলো তেনেদৰে ব্যৱহাৰ কৰিম বুলি।
: পিছে এতিয়া? প্ৰশ্নটোৰ উত্তৰত সি অলপ সময় চাই ৰ'ল মোৰ চকুলৈ।
: আকৌ পলাই আহিবি নেকি?
: নাহো, ভুলতো নাহো।
: আৰু যদি আহ?
: আকৌ বিচাৰি আহিবি মোক আজিৰ দৰে।
: নাহ, কোনো পধ্যে নাহো।
: তই আহিবি, আহিবই লাগিব।
: হ’ব যা এতিয়া তোৰ বস্তু বেহানি যি আছে লৈ আহ, গোটেই কাপোৰ
তিতিলে মোৰ।
মই দৌৰ মাৰিলো ভিতৰলৈ, কিছুমান অপূৰণ আশা পূৰণ হোৱাৰ আনন্দত।
ধোঁৱা
শেষ নিশা কাহি কাহি সাৰ পাই উঠিলো টোপনিৰ পৰা। বিকট কাহৰ শব্দত পলাই ফাট মাৰিছিল ৰাতিৰ নিস্তব্ধতা। বিষত ফাটি যাব যেন লাগিল বুকুখন। বাথৰূমৰ লাইটটো জ্বলাই ডিঙিৰ লেতেৰাখিনি বাহিৰ কৰিবৰ চেষ্টা কৰিলো। ক’লা ক’লা বিজল পদাৰ্থবোৰ বিয়পি পৰিল বেচিনটোত। নিজকে খুব দুৰ্বল যেন অনুভৱ কৰিলো। দুবাৰমান দীঘলকৈ উশাহ লৈ ওলাই আহিলো বাথৰূমৰ পৰা। বিচনাখনত বহোঁতে বুকুখন পুনৰ বিষাব ধৰিলে। কাহি কাহি বাগৰি পৰিলো মাটিত। অসহ্য বিষ, উপায়বিহীন হৈ হাতেৰে বুকুখন মোহাৰিব ধৰিলো।...... খিৰিকীৰ বাহিৰত ঘোপ মৰা অন্ধকাৰ। পোহৰ হোৱাৰ অপেক্ষাত বহি থাকিলো বিচনাতে। টেবুলত থকা ঘড়ীটোৰ শব্দ আৰু বুকুৰ স্পন্দন একেলগতে শুনা পালো। জীয়াই থাকিবৰ তীব্ৰ ইচ্ছা হৈছিল সেই মুহূৰ্তত। অতবোৰ সপোন, অতবোৰ আশা পূৰণ কৰিবলৈ আছে... সকলো ঠিক হৈ যাব, সকলো ঠিক হৈ যাব ... নিজকে ক'লো।
এঘণ্টামানৰ পাছত জিলমিলকৈ টোপনি আহিল কিন্তু দুঘণ্টামান শুৱাৰ পাছত কাহি কাহি পুনৰ সাৰ পাই উঠিলো। বাহিৰত পোহৰ হৈছিল ইতিমধ্যে। দেখা পাই মনটো অলপ ভাল লাগিল।
মুখ ধুওঁতে পুনৰ ক’লা ক’লা বিজল দ্ৰব্যবোৰ ওলাই আহিল। সোনকালে ডাক্টৰৰ ওচৰলৈ যোৱাই উচিত হ’ব, মনতে ভাবিলো। পলম নকৰি ঘৰৰ ওচৰতে থকা হস্পিতালখনলৈ যাবলৈ বুলি সাজু হ’লো। ঘৰত তলা লগাই ৰাস্তাত ভৰি দিলো। বুকুৰ বিষটো বাঢ়িব ধৰিলে। হস্পিতালখনলৈ বেচি দূৰ নহয়, খোজ কাঢ়িলে দহ মিনিটমান সময় লাগিব। সেইখিনি সময় বিষটো সহ্য কৰিব পাৰিম বুলি মনতে সাহস গোটালো। কেইখোজমান আগবঢ়াৰ পাছত চকুত পৰিল দোকান এখনৰ ওপৰত লাগি থকা চিগাৰেটৰ বিজ্ঞাপনটোলৈ। বিজ্ঞাপনটোৰ তলত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল, ‘স্মকিং কিলচ', ফ্লেক, গ'ল্ডফ্ৰেক, নেভি কাট সকলোৰে পেকেটতেটো লিখা থাকে শব্দ দুটা। গুৰুত্ব কিন্তু কেতিয়াও দিয়া [ ৫৯ ] নহ'ল। আজিহে যেন স্পষ্টকৈ বুজি পাইছিলো তাৰ অৰ্থ। কলেজৰ উন্মাদনাৰে ভৰা দিনকেইটাৰ মাজতে এদিন প্ৰথমবাৰৰ বাবে মুখত দিছিলো এই মৃত্যুবাহকক। তাৰ পাছৰ পৰা ধোঁৱাৰ পাছত ধোঁৱাৰে ভৰাই পেলাইছিলো হাওফাওখন।... টেলিভিছন, বাতৰিকাকতে সকলোৱে অনুৰোধ কৰিছিল এই অভ্যাসটো এৰিবলৈ। কিন্তু সিহঁতক গুৰুত্ব দিয়ে কোনে? কোৱাই কৈ থাকিব, মৰিবতো এনেও লাগিব এদিন, তেন্তে ভয় কিহৰ?
বিষটো বাঢ়ি গ'ল। সহ্য কৰিব নোৱাৰি ৰাস্তাৰ দাঁতিত থকা টেলিফোনৰ খুঁটাটোতে আউজি বহি দিলো। দূৰৈত দেখা পাইছিলো হস্পিতালখনৰ নাম লিখি থোৱা ব'ৰ্ড এখন। বিষটো কমাই দিবলৈ অনুৰোধ কৰিলো ভগৱানক। হঠাৎ আচৰিক ধৰণৰ শব্দ এটা শুনা পালো। ঘূৰি চালো, একোৰা ধোঁৱা দেখা পালো, আগবাঢ়ি আহি আছিল মোৰ দিশত।
উস সেই একেই গোন্ধ, সেই একেই নিচা, হাত বাউলি যেন মাতি আছে মোক ধোঁৱাৰ মাজলৈ। আসক্ত মনে বাধা দিয়াত বিফল হ’ল। সোমাই গ'লো পুনৰ এবাৰ ধোঁৱাৰ মাজলৈ। শিহঁৰিত হৈ উঠিল দেহ-মন। আনন্দত মুদি দিলো চকুযুৰি।
চকু যেতিয়া মেল খালে তেতিয়া নিজকে বতাহত উপঙি থকা যেন অনুভৱ কৰিলো। বিষ, দুৰ্বলতা একোৱেই নাছিল দেহত। তললৈ চাওঁতে দেখা পালো দপদপকৈ জ্বলি থকা একোৰা জুই। জুইকোৰা আগুৰি বহুতো মানুহ থিয় হৈ আছিল। দেউতাই চকুযুৰি মোহাৰি আছিল, মা কান্দি কান্দি বাগৰি পৰিছিল মাটিত। অন্য বহুতো চিনাকী চেহেৰা দেখা পালো ভিৰৰ মাজত। পুৰণি বন্ধু, অফিচত একেলগে কাম কৰা মানুহ ইত্যাদি ওপৰলৈ উঠি যোৱাৰ লগে লগে দৃশ্যটো অস্পষ্ট হৈ পৰিল। অলপ পাছত ধোঁৱাৰ বাহিৰে একোৱেই দেখা নেপালো, আনকি মোৰ দেহাটোও নাছিল লগত, আছিল মাথোন একোৰা ধোঁৱা।
⸻⸻⸻
এক নতুন আৰম্ভণি
সকলো শেষ হৈ গ'ল। অতবোৰ আশা, অতবোৰ সপোন ধূলিস্যাৎ হৈ এটা বিকল যন্ত্ৰৰ ৰূপত পৰি আছিল চকুৰ সন্মুখত। যোৱা বাইছ বছৰ দিন ৰাতি একাকাৰ কৰি গৱেষণা কৰাৰ অন্তত আজি হাৰ মানিলে পদাৰ্থ বিজ্ঞানী ড° অনিমেষ বৰাই। কেৱল এই গৱেষণাটোৰ বাবেই কি কি ঘটা নাছিল যোৱা কেইবছৰত তেওঁৰ সৈতে। পাগল বুলি কৈ তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল, পুত্ৰ সন্তানটি লগত লৈ পত্নীও গুচি গ'ল তেওঁক এৰি থৈ। কিন্তু ব্যক্তিগত জীৱনৰ সকলো সমস্যাকে আওকাণ কৰি তেওঁ কেৱল মনোনিৱেশ কৰি গৈছিল নিজৰ গৱেষণাৰ কামত। ড° বৰাই সদায় বিশ্বাস কৰিছিল যে তেওঁক পাগল বুলি আখ্যা দিয়া প্ৰত্যেকজন মানুহেই এদিন তেওঁক সন্মানৰ চকুৰে চাব। কিন্তু ড° বৰাৰ সেই বিশ্বাস আজি ভাঙি গ'ল। হয়তো মানুহবোৰে ঠিকেই কৈছিল, তেওঁ সঁচাকৈয়ে এটা পাগল।
স্কুলত পঢ়ি থকাৰ সময়তে ড° বৰাই এইচ্ জি ৱেলচ্ৰ ‘দা টাইম মেচিন’
নামৰ কিতাপখন পঢ়িছিল। সৰুৰে পৰা পদাৰ্থ বিজ্ঞানৰ প্ৰতি ৰাপ থকা বৰাৰ
মনত তেতিয়াই জন্ম হৈছিল এটা টাইম মেচিনৰ কল্পনা। যাৰ জৰিয়তে সময়
নিয়ন্ত্ৰণ কৰিব পৰা যাব, যাৰ আৱিষ্কাৰৰ পাছত অতীত বৰ্তমান আৰু ভৱিষ্যতৰ
মাজত কোনো পাৰ্থক্য নাথাকিব, ইচ্ছা কৰিলেই অতীতলৈ ঘূৰি গৈ সলনি কৰিব
পৰা যাব বৰ্তমান নাইবা আগতীয়াকৈয়ে পোৱা যাব ভৱিষ্যতৰ জাননী,
কিছুমান সপোন মনত কঢ়িয়াই ড° বৰা সোমাই পৰিছিল পদাৰ্থ বিজ্ঞানৰ জগতত।
পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ঘৰৰ বাৰীতে সাজি ল'লে এটা
বিশাল গৱেষণাগাৰ আৰু আৰম্ভ কৰিলে তেওঁৰ সপোনটোক বাস্তৱ ৰূপ দিয়াৰ
প্ৰচেষ্টা। কিন্তু আজি বাইশ বছৰৰ গৱেষণাৰ পাছতো তেওঁ হতাশাৰ বাহিৰে অন্য
একো নাপালে। তেওঁৰ সকলো ধাৰণাই ভুল প্ৰমাণিত হ’ল। সময় নিৰন্তৰ গতিশীল,
সময় মনুষ্যৰ নিয়ন্ত্ৰণৰ বাহিৰত, অৱশেষত তেওঁ মানি ল'লে সেই কথা।
হতাশ মনেৰে তেওঁ গৱেষণাগাৰটোৰ চৌদিশে চালে এবাৰ। সেই সৰু [ ৬১ ] কোঠাটোতেই যেন আবদ্ধ তেওঁৰ পৃথিৱীখন। তাত পৰি থকা নিৰ্জীৱ যন্ত্ৰ
পাতিবোৰেই যেন তেওঁৰ বন্ধু। মনত পৰিছিল তেওঁৰ পত্নীয়ে ঘৰখন এৰি যাবৰ
সময়ত কোৱা কথাষাৰ, —“তুমি ইয়াতে মৰি গেলি পচি যাবা আৰু কোনেও
গমেই নাপাব।” এটা ডাঙৰ ভুলৰ বাহিৰে অন্য একো নহয় তেওঁৰ জীৱনটো, ড°
বৰাই অনুভৱ কৰিলে। কিন্তু এতিয়াও সময় আছে নিজকে সলনি কৰাৰ বাবে।
তেওঁ থিৰাং কৰিলে যে জীৱনৰ বাকীছোৱা সময় তেওঁ সাধাৰণ মানুহ এজনৰ
দৰেই অতিবাহিত কৰিব। নতুন বন্ধু গঢ়িব, পত্নী আৰু পুত্ৰক ঘৰলৈ ওভতাই
আনিব। মনত এনে ধৰণৰ সংকল্প লৈ গৱেষণাগাৰটোৰ দুৱাৰত এটা ডাঙৰ তলা
লগাই দিলে। সেইখন দুৱাৰ পুনৰ কোনোদিনে নোখোলোঁ বুলি ভাবি ড° বৰা
নিজৰ শুৱনী কোঠাটোলৈ আহিলে। কোঠাটোৰ ওপৰছোৱাত মকৰাই এখন সাম্ৰাজ্য
গঢ়ি তুলিছিল। মজিয়াত পৰি আছিল বিভিন্ন ধৰণৰ আৱৰ্জনা। বিচনাখনৰ ওপৰত
কাপোৰৰ দম। কোঠাটোৰ এটা চুকত থকা দাপোণখনত নিজৰ চেহেৰাটো সন্ধান
কৰাৰ চেষ্টা কৰিলে ড০ বৰাই। ডাঢ়ি আৰু চুলিৰ অৰণ্য এখনৰ মাজত লুকাই
পৰিছে চাল মঙহৰ চেহেৰাটো। দাপোণখনৰ কাষতে আছিল ড° বৰাৰ পুত্ৰ
দীপাংকৰৰ ফটো এখন। মনত পৰিছিল দীপাংকৰৰ সৈতে কটোৱা মুহূৰ্তবোৰৰ
কথা। ৰজা ৰাণীৰ সাধুৰ বিপৰীতে দীপাংকৰে শুনিছিল বিজ্ঞানৰ সাধু। দীপাংকৰে
সদায় বিশ্বাস কৰিছিল যে তাৰ দেউতাকে এদিন এটা টাইম মেচিন সাজি উলিয়াব।
ঘৰৰ সমুখৰ দোকানখনৰ পৰা এটা ঝাড়ু, এটুকুৰা চাবোন, এখন দাঢ়ি কটা ব্লেড
আদি সামগ্ৰী কিছু কিনি আনি ড° বৰাই ঘৰখনৰ লগতে নিজকো এক নতুন ৰূপ
দিয়াৰ চেষ্টা কৰিলে।কাম শেষ কৰি দেহটো এযোৰ চফা কাপোৰেৰে ঢাকি ঘৰৰ
বাহিৰলৈ ওলাই আহিল তেওঁ। পৃথক দৃষ্টিভংগীৰে পৃথিৱীখন চোৱাৰ চেষ্টা কৰিলে
ড° বৰাই। অলপদূৰ খোজ কঢ়াৰ পাছত বৰা উপস্থিত হ'লহি এখন পাৰ্কৰ সমুখত।
পাৰ্কৰ ভিতৰত দেউতাকৰ সৈতে খেলি থকা সৰু ল'ৰা এটা দেখা পায় তেওঁৰ
নিজৰ পুতেকলৈ মনত পৰিছিল। দুবছৰৰ আগতে যিদিনা শেষবাৰৰ বাবে
দীপাংকৰক তেওঁ দেখিছিল সেইদিনা তাৰ অষ্টম জন্মদিন আছিল। হাতত কেকৰ
টোপোলা এটা লৈ সি ৰাতিপুৱাই ঘৰলৈ আহিছিল সেইদিনা। দিনটো দেউতাকৰ
লগত কটোৱাৰ পাছত সন্ধিয়া মোমায়েকে নিবলৈ আহোঁতে খুব কান্দিছিল সৰু
ল’ৰাটোৱে। তাৰ কান্দি থকা চেহেৰাটো মনলৈ ভাহি অহাত ড° বৰাৰ চকুহালো
সেমেকি পৰিল। দীপাংকৰ আৰু তাৰ মাকক ঘৰলৈ ওভতাই অনাৰ উদ্দেশ্যেৰে [ ৬২ ] পুনৰ আগবাঢ়িল তেওঁ। কিন্তু অলপ দূৰ আগবঢ়াৰ পাছতেই তেওঁ অনুভৱ কৰিলে যে এজন ডেকা লৰাই তেওঁক অনুসৰণ কৰি আছে।
:অলপ ৰবচোন। - পাছফালৰ পৰা ডেকা ল'ৰাজনে মাত লগালে।
যুৱকজন অচিনাকী আছিল যদিও ড° বৰাৰ এনে অনুভৱ হৈছিল যেন তেওঁ সেই
চেহেৰাটো আগতেও দেখা পাইছে।
: দেউতা মই দীপাংকৰ, ইঅ'ৰ চন।
যুৱকজনৰ কথা শুনি বৰাই আচৰিত হৈ চালে দীপাংকৰৰ সৈতে বহু
মিল আছিল ল’ৰাজনৰ চেহেৰাৰ কিন্তু.....।
: হ’বই নোৱাৰে। মোৰ লৰাটো বহু সৰু হৈ আছে। তাৰ বয়স ষোল্ল বছৰৰ অধিক হোৱা নাই। যদিও দুবছৰৰ ধৰি মই তাক দেখা নাই তথাপিতো দুবছৰত সি ইমান ডাঙৰ হ'ব নোৱাৰে। সঁচা কথা কোৱা, কোন তুমি?
: বিশ্বাস কৰা দেউতা, মই দীপাংকৰেই আৰু মোৰ বৰ্তমান বয়স আঠাইছ
বছৰ।
: দেটচ নট পছিবল,
: তুমি মোৰ লগত আহাঁচোন বুলি কৈ যুৱকজনে ড° বৰাক জোপোহা
এটাৰ পাছফালে লৈ গ'ল। তাত থিয় হৈ আছিল তেওঁৰ গৱেষণাগাৰত এৰি থৈ
অহা যন্ত্ৰটোৰ সদৃশ এটা যন্ত্ৰ, পাৰ্থক্য বেছি নাছিল।
: এইটোতো ...ড° বৰাই ক'ব খুজিলে,
: ঠিকেই ভাবিছা। এইটো তুমি নিৰ্মাণ কৰা যন্ত্ৰটোৱেই। তোমাৰ মৃত্যুৰ
পাছত যোৱা বাৰ বছৰ ধৰি মই তোমাৰ গৱেষণাবোৰ অধ্যয়ন কৰিলো। বহুবাৰ
বিফল হোৱাৰ পাছত অৱশেষত মই সফলতা পালো।
: কিন্তু মোৰ মৃত্যুৰ পাছত মানে?
উত্তৰ দিয়াৰ আগেয়ে দীপাংকৰে এটা হুমুনিয়াহ কাঢ়িলে,
: মই তাকে সলনি কৰিবলৈ উভতি আহিছো দেউতা, মই নহা হ'লে
এতিয়া তুমি মোক আৰু মাক লগ কৰিবলৈ গ'লাহেঁতেন। কিন্তু তুমি বহুত বুজোৱাৰ
পাছতো মা তোমাৰ লগত আহিবলৈ মান্তি নহ’ল। তাৰ পাছত তুমি নিৰাশ মনেৰে
ঘৰলৈ উভতি আহিবা। পাছত যেতিয়া তুমি তোমাৰ ওচৰ চুবুৰিয়া মানুহৰ সৈতে
কথা পতাৰ চেষ্টা কৰিবা, তেতিয়া তেওঁলোকে পাগল বুলি কৈ তোমাক উপলুঙাহে
কৰিব। ফলত তুমি আৰু নিৰাশ হৈ পৰিব। আৰু আজিৰ পৰা ঠিক এসপ্তাহ মই [ ৬৩ ] সময়ৰ পাছত তুমি আত্মহত্যাৰ পথ বাছি লবা।
: আত্মহত্যা?– ড° বৰাই আচৰিত হৈ প্ৰশ্ন কৰিলে।
: এইখন তুমি আত্মহত্যা কৰাৰ আগে আগে লিখা চিঠি। তোমাৰ শেষ
চিহ্ন হিচাপে সাঁচি ৰাখিছিলো মই বুলি কৈ দীপাংকৰে জেপৰ পৰা উলিয়াই বৰাৰ
হাতত তুলি দিলে এটুকুৰা পুৰণা কাগজ।
: এতিয়াও ভালদৰে মনত আছে চিলিংফেনত তোমাৰ দেহাটো ওলমি
থকা সেই ভয়ানক দৃশ্য। কান্দি কান্দি দুৰ্বল হৈ পৰিছিলো মই সেইদিনা। মায়েও
খুব কান্দিছিল, তোমাৰ আত্মহত্যাৰ বাবে নিজকে দোষ দিছিল মায়ে।.. সেইদিনাই
মই থিৰাং কৰিছিলো যে তোমাৰ আধৰুৱা সপোনটো মই সম্পূৰ্ণ কৰিম।
: (অলপ ৰৈ) কিন্তু এটা ডাঙৰ সমস্যা আছিল।
: কি সমস্যা?
: অতীতলৈ উভতি অহাৰ আগে আগে মই ভৱিষ্যতলৈ গৈছিলো, টাইম
মেচিনৰ আৱিষ্কাৰে মানুহৰ জীৱনত কি ধৰণৰ প্ৰভাৱ পেলাব তাকে চোৱাৰ
উদ্দেশ্যেৰে।
: আৰু কি দেখা পালা ভৱিষ্যতৰ পৃথিৱীত?
: ধ্বংস। টাইম মেচিনৰ সহায়ত মানুহে সময়ৰ সৈতে ধেমালি কৰি
থকা দেখা পালো, বাৰে বাৰে সলনি হৈ থকা দেখা পালো ঘটনাবোৰ। টাইম
মেচিনৰ আৱিষ্কাৰে অত্যাধিক জটিলতা কঢ়িয়াই আনিব পৃথিৱীলৈ। বলিয়াৰ দৰেই
হৈ পৰিব মানুহবোৰ।
: তেনেহ'লে কি কৰা উচিত দীপ? মইতো কেতিয়াও ভবা নাছিলো
এনেকুৱা কিবা এটা হ’ব বুলি।
তুমি চিন্তা নকৰিবা দেউতা এনেকুৱা একো নহয়। তুমি মাথোঁ কথা
দিয়া যে এই গৱেষণা পুনৰ কোনোদিনে আৰম্ভ নকৰো বুলি।
:মই কথা দিছো দীপ। পিছে মই এতিয়া কি কৰিব লাগিব?
: যি কৰিম বুলি ভাবিছিলা তাকেই কৰা। তোমাক লগ কৰাৰ আগতে
মই মাকো লগ কৰি আহিলো। মায়েও প্ৰথমে বিশ্বাস কৰা নাছিল। বহুত পৰ চেষ্টা
কৰিও বিশ্বাস কৰিব নোৱৰাত মাক ভৱিষ্যতলৈ লৈ গ'লো আৰু লগ কৰাই
দিলো ভৰি মাৰ সৈতে। অৱশেষত তেওঁৰ বিশ্বাস হ’ল। মোৰ ওপৰত আৰু
তোমাৰ গৱেষণাৰ ওপৰত গতিকে তুমি এতিয়া মাৰ ওচৰলৈ যোৱা। মা আৰু [ ৬৪ ] তোমালৈ অপক্ষো কৰি আছো।
: আই এম প্ৰাউড অৱ ইউ মাই চান।
: থেংকচ্ দেউতা।
মই পিছে যাওঁ এতিয়া। মই গৈ পোৱালৈক হয়তো ভৱিষ্যটো সলনি
হৈ পৰিব। নোহোৱা হৈ পৰিব টাইম মেচিনৰ অস্তিত্ব। থাকিম কেবল তুমি, মা
আৰু মই, একেখন ঘৰতে। এইবুলি কৈ দীপাংকৰ সোমাই গ'ল যন্ত্ৰটোৰ ভিতৰলৈ
আৰু পলকতে অন্তৰ্ধান হৈ পৰিল। ড° বৰাও আগবাঢ়িল, বৰ্তমান, ভৱিষ্যত
দুয়োটাকে সলনি কৰাৰ উদ্দেশ্যেৰে।
⸺⸺
এটা কুকুৰৰ মৃত্যুত
ৰিকি আহ আহ, ৰিকি ৰিকি..... হাতত বিস্কুটৰ টুকুৰাটো লৈ ৰিকিক বিচাৰি গোটেই ঘৰ চলাথ কৰিলে সাধনাই। ৰাতিপুৱা শুই উঠাৰ পৰাই দেখা নাই বিকিক। অন্যদিনা এই সময়ত বিস্কুটৰ লোভত পাকঘৰৰ সন্মুখত নেজ জোকাৰি বহি থকাটো তাৰ অভ্যাস। আজিনো পিছে সি গ’ল ক'লৈ? ভাবি অলপ চিন্তাত পৰিল সাধনা। তেনেতে বাতৰি দিবলৈ অহা হ’কাৰজনে বজোৱা চাইকেলৰ টিলিঙাৰ শব্দ শুনি তাই বাহিৰলৈ ওলাই আহিল।
: বাইদেউ সৌটো আপোনাৰ কুকুৰ নাছিল জানো? বাতৰিখন দি হ’কাৰজনে সুধিলে।
সাধনাই হ’কাৰজনে আঙুলিয়াই দিয়া দিশত চাই চকু কেইটা জপাই দিলে। নিজকে সংযত কৰি পুনৰ এবাৰ চালে সেই দিশত। জিভা ওলাই থকা ৰিকিৰ মৃতদেহটো পৰি আছিল ৰাষ্টাৰ সোঁমাজতে। ৰাষ্টাত সিঁচৰতি হৈ থকা ৰিকিৰ পেটৰ অংগবোৰৰ লোভত বহুতো কাউৰী আহি গোট খাইছিলহি ৰাষ্টাৰ কাষৰ বৈদ্যুতিক তাঁৰ দুডালত। হতাশ মনেৰে সাধনা আতৰি আহিল গেটখনৰ কাষৰ পৰা। বাৰাণ্ডাৰ খুটাটোত আঁউজি একে থৰে চাই ৰ'ল ঘটনাস্থলীৰ দিশত। টিউচন ল’বলৈ যোৱা ছোৱালী দুজনীয়ে নাকত ৰুমাল দি পাৰ হৈ যোৱা দেখা পালে সাধনাই। পাছে পাছে প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা বুঢ়ামানুহজনেও দূৰৈৰ পৰাই নাক কোঁচালে।
:এই আপদবোৰ পোহেনো কিয়? সাধনাৰ ঘৰৰ সন্মুখ পাই মানুহজনে মন্তব্য কৰিলে। মানুহজনৰ কথাষাৰে যেন সাধনাই বাধা দি ধৰি ৰখা চকুলো টোপালৰ বাটহে মুকলি কৰি দিলে। ঘৰৰ একমাত্ৰ সংগীটোক হেৰুৱাই সাধনাৰ দুখ লাগিছিল। হঠাৎ যেন সি উঠি আহিব ৰাষ্টাটোৰ পৰা দৌৰি দৌৰি আৰু নেজ জোকৰি জোকাৰি সাধনাৰ ভৰিত মোহাৰিবহি তাৰ মূৰটো।
:বাইদেউ কিবা এটা কৰক। নহ'লে অলপ পাছত গোন্ধাবলৈ ধৰিব
ঠাইডোখৰ। সন্মুখৰ ঘৰত থকা ৰাতুলে ৰাষ্টাৰ পৰা ক'লে। [ ৬৬ ] : কোনোবা মেটৰক চিনি পোৱা নেকি? সাধনাই সুধিলে।
: সেই তিনিআলিৰ চুকৰ ঘৰটোত থকা ভবেনক ক’লেই হ’ব।... ময়ে
খবৰ এটা দি দিম বাৰু।
: ঠিক আছে! বুলি কৈ সাধনা ঘৰৰ ভিতৰলৈ সোমাই আহিল। নিজান
হৈ থকা কোঠাটোৰ চাৰিওফালে চকু ফুৰাওঁতে সাধনাৰ চকু পৰিল বেৰত ওলমি
থকা মৃত গিৰিয়েকৰ ফটোখনত।
ছয়বছৰমান আগতে হোৱাহেঁতেন সাধনাৰ পৰিচয় দিব পৰা গ'লহেঁতেন
হাঁহি ধেমালী কৰি ভাল পোৱা আনন্দপূৰ্ণ এজনী ছোৱালী হিচাপে। মাষ্টাৰ ডিগ্ৰী
কৰাৰ পাছত এদিন ঘৰৰ মানুহে সাধনাক চিনাকী কৰাই দিছিল বিনোদৰ সৈতে।
তেতিয়াই হয়তো তাইৰ জীৱনত লাগিছিল প্ৰথমটো গ্ৰহণ। প্ৰথম পৰিচয়ত খুব
ভদ্ৰ পুৰুষ হিচাপেই বিনোদে নিজকে প্ৰকাশ কৰিছিল সাধনাৰ আগত। সেয়ে
বিনোদে তাইৰ সৈতে বিয়া হোৱাৰ আগ্ৰহ প্ৰকাশ কৰোতে সাধনাইও হয়ভৰ
দিছিল৷ পিছে বিয়াৰ পাছতহে বিনোদৰ প্ৰকৃত স্বৰূপ দাঙ খালে তাইৰ সন্মুখত।
দিনত ভদ্ৰ পুৰুষৰ মুখা পিন্ধি থকা বিনোদে ৰাতি মদ খাই আহি অফিচৰ খঙ
উজাৰি ধৰিলে ঘৰৰবস্তুবোৰৰ ওপৰত। সাধনাই বাধা দিয়াত তাইও ৰক্ষা নাপালে
তাৰ অসুৰতাৰ পৰা। ৰাতি বিনোদৰ হাতৰ চৰ খাই উফন্দি থকা গালখন লৈ
পাছদিনা ঘৰৰ বাহিৰ ওলাবলৈ লাজ লগা হ'ল তাইৰ। চৌদিশৰ পৰা যেন অন্ধকাৰে
গ্ৰাস কৰিব ধৰিছিল তাইক। প্ৰতিবেশী বৰুৱানীয়ে ল'ৰা-ছোৱালীৰ পঢ়াত অসুবিধা
হৈছে বুলি কৈ সাধনাক কেইবাদিনো সকিয়ালে।
উপায়বিহীন হৈ তাই ভগৱানৰ ওচৰত অশান্তিবোৰ দূৰ কৰিবলৈ কাতৰ
অনুৰোধ কৰিব ধৰিলে। ভগৱানেও তাইক নিৰাশ নকৰিলে। মদে লাহে লাহে
বিনোদক খাব ধৰিলে। শুকাই ক্ষীণাই অৱস্থা নোহোৱা হ'ল তাৰ। কেইবাদিনো
ৰাতি পদূলিৰ মুখতে বমি কৰিছিলহি মদ খাই আহি আৰু এদিন সেই সকলো
যান্ত্ৰণাৰ পৰা নিজকে আৰু সাধনাক মুক্ত কৰি সি শেষ নিশ্বাস ত্যাগ কৰিলে।
বিনোদৰ মৃত্যুৰ পাছদিনা বহুতো মানুহ আহিছিল সিহঁতৰ ঘৰলৈ খবৰ লোৱাৰ
উদ্দেশ্যেৰে। বগা সাজ পিন্ধি অহা আত্মীয়স্বজন, বিনোদৰ সহকৰ্মীৰে ভৰি পৰিছিল
ঘৰ। সকলোৰে মুখত দুখৰ ভাব। তাৰ মাজৰ কোনবোৰ প্ৰকৃত আৰু কোনবোৰ
কৃত্ৰিম ধৰিবলৈ সাধনাৰ অসুবিধা হৈছিল। পিছে সাধনাৰ কিন্তু মন গৈছিল কেৱল
ফুৰ্ত্তি কৰিবলৈ, বহুদিনৰ মূৰত পুনৰ তাইৰ ইচ্ছা হৈছিল মুক্ত মনেৰে হাঁহিবলৈ।
[ ৬৭ ] : আই দুখ কৰি নাথাকিবি। ভাগ্যৰ লিখন কোনেনো সলাব পাৰে? বিনোদৰ
পেহীয়েকে সাধনাৰ মূৰত হাত বুলাই ক'লে। সাধনাৰ মনে মনে হাঁহি উঠিল।
: চকুপানীবোৰ ধৰি নেৰাখিবি মাজনী, কান্দিলে মনটো পাতল হ’ব -
অন্য এগৰাকী বুঢ়ী মানুহে ক'লে। হাঁহিটো জোৰ কৰি বাধা দি নিৰৱ হৈ বহি
ৰৈছিল তাই।
বিনোদৰ মৃত্যুৰ কেইমাহমান পাছত সাধনাৰ দেউতাকে পুনৰ তাইক
বিয়া দিয়াৰ চেষ্টা চলাইছিল। পিছে সাধনা মান্তি হোৱা নাছিল। পুনৰ বিয়াত
নবহোঁ বুলি স্পষ্টকৈ তাই দেউতাকক কৈ দিছিল। বিনোদৰ প্ৰকৃত ৰূপ দেখাৰ
পাছৰ পৰাই কোনো মতা মানুহকে তাই বিশ্বাসৰ দৃষ্টিৰে চাব নোৱাৰা হৈছিল।
সেয়ে মতা মানুহৰ সংগতকৈ নিসংগতাকে বাচি ল’লে তাই।
সেইদিনা খুব বৰষুণ দিছিল।বজাৰৰ পৰা ঘৰলৈ আহি থাকোতে সাধনাৰ
ছাতিটো ওলোটা হৈ পৰিছিল বাৰে বাৰে। সেয়ে অলপ সময় ৰাস্তাৰ কাষৰ দোকান
এখনৰ সন্মুখতে ৰৈ বৰষুণ কমাৰ অপেক্ষা কৰিলে তাই। থিয় হৈ ৰৈ থাকোতে
হঠাৎ সাধনাই ভৰিৰ ওচৰত কিবা এটাই লৰচৰ কৰা যেন অনুভৱ কৰিলে। তললৈ
চাই তাই দেখা পাই এটা সৰু কুকুৰ পোৱালী।
: চেই! বুলি কৈ তাই খেদি পঠিয়াই পোৱালীটো। কেওঁ কেওঁ কৰি সি
আঁতৰি গ'ল। খুটাটোৰ কাষত গৈ বহি সি এক কৰুণ দৃষ্টিৰে সাধনাৰ দিশত
চাবলৈ ধৰিলে একেথৰে। তাৰ মৰম লগা চকু কেইটা দেখা পাই সাধনাৰো তাৰ
প্ৰতি মৰম উপজিল। বজাৰৰ পৰা অনা বেগটোৰ পৰা বিস্কুটৰ পেকেটটো উলিয়াই
এটা বিস্কুট কুকুৰ পোৱালীটোৰ দিশত দলিয়াই দিলে। নেজ জোকাৰি জোকাৰি
সি খাব ধৰিলে বিস্কুটটো। বৰষুণজাক কমাৰ পাছত ছাতিটো মেলি সাধনাই পুনৰ
ৰাস্তাত ভৰি দিলে। পিছে পিছে কুকুৰ পোৱালীটোও আহি থকা দেখি সাধনাই
ছাতিটো জোকাৰি খেদি পঠিয়ালে তাক। অলপ দূৰ আঁতৰি গৈ সি ৰৈ দিলে।
তাৰ পিছত এক নিৰাপদ ব্যবধান ৰাখি সি পুনৰ আহিব ধৰিলে সাধনাৰ পিছে
পিছে। গেটখন বন্ধ কৰি সাধনা ঘৰলৈ সোমাই যোৱাৰ পাছত পোৱালীটো গেটৰ
বাহিৰতে ৰৈ থাকিল। অলপ সময়ৰ পাছত বৰষুণৰ প্ৰকোপ পুনৰ বৃদ্ধি হ'ল।
খিৰিকীৰ গ্লাচত লাগি থকা বৰষুণৰ টোপালবোৰৰ মাজেৰে সাধনাই জুমি চালে
বাহিৰলৈ। তিতি বুৰি কেওঁ কেওঁ কৰি ৰৈ আছিল পোৱালীটো গেটৰ কাষতে।
সাধনাৰ বেয়া লাগিল ছাতিটো মেলি কুকুৰ পোৱালীটো লৈ আনিলেগৈ ঘৰৰ [ ৬৮ ] ভিতৰলৈ। বাৰাণ্ডাত উঠি সি গাটো জোকাৰি পানীবোৰ আঁতৰ কৰিলে। ভিতৰৰ
পৰা বিস্কুট এটা আনি তাক খাবলৈ দিওঁতে আনন্দত পুনৰ তাৰ নেজডাল জোকাৰিব
ধৰিলে। সন্ধিয়ালৈকে সি বাৰাণ্ডাতে পৰি থাকিল। তাৰ যে ওভতি যোৱাৰ মতলব
নাই সেই কথা সাধনাই বুজি পাইছিল। পাছফালৰ গুদাম ঘৰটোৰ পৰা কাৰ্টুন
এটাত খেৰ অলপ ভৰাই পোৱালীটোৰ বাবে অস্থায়ী ঘৰ এটা সাজি দিলে বাৰাণ্ডাৰ
চুকতে। সেইদিনাৰ পৰা আজি পৰ্যন্ত সি সাধনাৰ কাষতে থাকিছিল। ঘৰত থাকিলেই
হওক বা বজাৰতেই ৰিকিক সদায়ে সাধনাৰ পিছতেই দেখা পোৱা গৈছিল। নেজ
জোকাৰি থকা অৱস্থাত। সাধনাইও অতি মৰমেৰে তাৰ প্ৰতিপালন কৰিছিল।
দিনৰ প্ৰায়ভাগ সময় তাই আগফালৰ ঘাঁহনিখনত ৰিকিৰ সৈতে ধেমালী কৰি
কটাইছিল। মন বেয়া হ'লে তাক কৈছিল তাইৰ কথাবোৰ, সি শুনিছিল আৰু
নেজ জোকাৰি জোকাৰি সাধনাৰ গালখন চেলেকিছিল। কিন্তু আজি হঠাৎ কোনো
নিষ্ঠুৰ গাড়ীচালকে ৰিকিক কাঢ়ি নিলে তাইৰ কাষৰ পৰা। পুনৰ এবাৰ নিঃসংগ
হৈ পৰিল তাই। ৰিকিৰ মৰম লগা চকুহাললৈ মনত পৰাত সেমেকি পৰিল সাধনাৰ
গালখন। পিছে সান্ত্বনা দিবলৈ আজি তাইৰ কাষত কোনো নাই।
:কলিং বেল বজাৰ শব্দ শুনি সাধনা বাহিৰলৈ ওলাই আহিল।
: বাইদেউ, ৰাস্তাটো চাফা কৰিলো টকা দহটামান পালে ভাল
পালোহেঁতেন। ৰিকিৰ অংগপ্ৰত্যংগ ভৰাই অনা বস্তাটো ৰাস্তাৰ কাষত থৈ আহি
ভবেনে ক'লে।
: বস্তাটো পিছে ক'ত পেলাবাগৈ?
: ক'ৰবাত পুতি পেলাব লাগিব।
এটা কাম কৰা, তোমাক টকা বিশটা দিম বস্তাটো মোৰ বাৰীতে পুতি
থোৱা।
: ঠিক আছে বাৰু বুলি কৈ ভবেনে বস্তাটো সাধনাৰ ঘৰৰ পাছফালে লৈ গ’ল।
⸺⸺
এক ব্যৰ্থ যাত্ৰা
ৰাতিপুৱাৰ সময়। প্লেটফৰ্মত মানুহৰ ভিৰ কম ...। নিৰ্ধাৰিত সময়তকৈ
আধাঘণ্টা পলমকৈ উপস্থিত হোৱা ৰেলগাড়ীখনৰ ভিতৰলৈ প্ৰৱেশ কৰিলো।
প্লেটফৰ্মৰ দৰে ৰেলগাড়ীখনৰ ভিতৰতো মানুহৰ সংখ্যা কম। ডবাটোৰ ভিতৰত
প্ৰৱেশ কৰোঁতে তাত কেৱল এজন যাত্ৰীহে বহি থকা দেখা পালো। ভৰিৰ ওচৰতে
নিজৰ বেগ দুটা ৰাখি মানুহজন মগ্ন আছিল খিৰিকীৰ সিপাৰৰ পৃথিৱীখনত। মই
সমুখত গৈ বহোঁতে এক মুহূৰ্তৰ বাবে মোৰ ফালে চাই পুনৰ বাহিৰলৈ চাব ধৰিলে।
মানুহজনৰ চেহেৰাৰ প্ৰতিটো ভাবতে হতাশা প্ৰতিফলিত হোৱা লক্ষ্য কৰিলো।
ষ্টেচনৰ পৰা আঁতৰি যোৱাৰ লগে লগে ৰেলখনৰ গতি বৃদ্ধি হ’ল।
সময়খিনি পাৰ কৰাৰ উদ্দেশ্যেৰে বেগত থকা বাতৰি কাকতখন মেলি ল’লো
চকুৰ সমুখত। দৃষ্টি পৰিল প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা এক বিশেষ খবৰত।
“ধাৰাবাহিক হত্যাকাণ্ড অব্যাহত। বিফল আৰক্ষী বিষয়াৰ পদত্যাগ।”
যোৱা কেইবাটাও মাহ ধৰি বিভিন্ন সময়ত এই ধৰণৰ খবৰে বাতৰিৰ
শিৰোনাম দখল কৰি আহিছিল। এটা এটাকৈ তেইশটা হত্যাকাণ্ড সংঘটিত কৰাৰ
পাছতো আৰক্ষীৰ হাতত কোনো শুংসূত্ৰ নাই হত্যাকাৰীৰ। আৰক্ষীৰ ব্যৰ্থতাৰ
ফলস্বৰূপে চৰকাৰ, সংবাদমাধ্যম আৰু চহৰখনৰ ৰাইজে যি বিপুল প্ৰতিবাদ কৰি
আহিছিল তাৰ চাপ সহিব নোৱাৰি আৰক্ষী বিষয়া বিজয় বৰ্মনে পদত্যাগ কৰে।
খবৰটোৰ সোঁ মাজতে প্ৰকাশ পাইছিল বিজয় বৰ্মনৰ আৰক্ষীৰ সাজত তোলা
এখন ফটো। বাতৰি কাকতখন চকুৰ আগৰ পৰা আঁতৰাই একেটা চেহেৰাকে
দেখা পালো সমুখত। নাছিল কেৱল দেহত আৰক্ষীৰ পোছাক।
: আপুনিয়েই বিজয় বৰ্মন নহয় জানো– বাতৰি কাকতখনৰ ফালে
আঙুলিয়াই সুধিলো।
: হয়। মোৰফালে নোচোৱাকৈয়ে মানুহজনে উত্তৰ দিলে।
: মোৰ নাম কৌশিক, কৌশিক হাজৰিকা।– কৰমৰ্দন কৰাৰ উদ্দেশ্যেৰে [ ৭০ ] হাতখন আগবঢ়ালো তেওঁৰ দিশত। পিছে সঁহাৰি নাপালো। অলপ সময়ৰ বাবে
পুনৰ নিৰৱতা বিৰাজ কৰিলে ডবাটোৰ ভিতৰত।
: কথা এটা কওঁ বেয়া নাপাব। কিন্তু আপোনাৰ দৰে দায়িত্বশীল মানুহ
এজনে এইদৰে পলায়ণ কৰিলে হত্যাকাৰীৰ সাহস বৃদ্ধি নহ'ব জানো?
: ইমানবোৰ মানুহ মৰাৰ পাছতো তাৰ সাহস কম বুলি কোনে ক'লে
তোমাক? (এটা হুমুনিয়াহ কাঢ়ি) ... মনে মনে হত্যাকাৰীৰ প্ৰশংসা কৰিবলৈ মন
যায়। হত্যা কৰাটো যদি কলাৰ ভিতৰত পৰে তেন্তে সি এক পাকৈত শিল্পী।
অন্যভাৱে ক'ব গ'লে মানুহ মৰাটো তাৰ হবি।
: কিন্তু মই শুনামতে আপুনি আপোনাৰ কৰ্মজীৱনত এনেধৰণৰ বহুতো
কেচৰ পৰা ৰহস্য আঁতৰাইছে, তেনেহ'লে এই ক্ষেত্ৰতনো আপুনি কিয় ব্যৰ্থ হ’ল
বুলি ভাবে?
: সকলো ব্যৰ্থতাৰ মূলতে এটা অভাৱ থাকে। মই পূৰ্বতে অনুসন্ধান
কৰা প্ৰতিটো হত্যা বা হত্যাৰ প্ৰচেষ্টাৰ আঁৰত তেনে কৰাৰ এক উদ্দেশ্য আছিল।
কেতিয়াবা সেই উদ্দেশ্য হয় ঘৰুৱা কন্দল, কেতিয়াবা অপমান, অবৈধ সম্পৰ্ক
পৰিণতি নাইবা অন্য এটা অপৰাধ লুকুৱাবৰ বাবে। কিন্তু একেলেথাৰিকৈ সংঘটিত
হোৱা যোৱা তেইশটা হত্যাৰ আঁৰত কোনো উদ্দেশ্য নাছিল বা বিচাৰি পোৱাত
মই ব্যৰ্থ হৈছো। হত্যাকাৰীটোৰ বলি হোৱা এজন মানুহৰ সৈতে অন্য এজন
মানুহৰ কোনো ধৰণৰ সম্পৰ্কই নাই, নাই কোনো ধৰণৰ মিল। মোৰ মতে সি
উদ্দেশ্যহীনভাৱে মানুহৰ ভিৰৰ মাজৰ পৰা এজনক বাচি উলিয়াই আৰু হত্যা
কৰে।
: বেচ আমোদজনক, পিছে এতিয়া কি কৰিম বুলি ভাবিছে?
: এই ৰেলখনৰ অন্তিম ষ্টেচনটোৰ ওচৰৰে বকুলপুৰ নামৰ অঞ্চলত
মোৰ প্ৰকৃত ঘৰ। সেই ঘৰতে মোৰ পত্নী পুত্ৰসন্তান দুটাৰ সৈতে থাকে। জীৱনৰ
বাকী থকা দিনকেইটা সিহঁতৰ সৈতে ভালদৰে কটাওঁ বুলি ভাবিছো। এনেও
পৰিয়ালক সময় দিব নোৱাৰো বুলি পত্নীয়ে আপত্তি কৰি থাকে।
জানিবৰ মন গৈছিল তেওঁৰ পদত্যাগৰ সিদ্ধান্তই তেওঁৰ সন্তান দুটাৰ
ওপৰত কি দৰে প্ৰভাৱ পেলাব সেই কথা। পিছে মনতে সাঁচি থ’লো সেই ভাৱ।
তাৰ পিছৰ কেইটামান মুহূৰ্ত নিৰৱতাৰে পাৰ কৰিলো দুয়ো। শুকান নৰাৰে হালধীয়া
হৈ থকা পথাৰখনৰ কাষেৰে ৰেলখন আগবাঢ়িল। বেগৰ পৰা ফ্লাক্সটো বাহিৰ [ ৭১ ] কৰি প্লাষ্টিকৰ গ্লাচ দুটাত দুকাপ চাহ বাকিলো।
: চাহ লওক।
: ধন্যবাদ।– চাহ কাপ হাতত লৈ তেখেতে ক'লে।
: পিছে তোমাৰ বিষয়ে কোৱাচোন ডেকা ল'ৰা। চাকৰি কৰানে ক'ৰবাত?
: হয় মই বেংক এটাত কাম কৰো।
: এতিয়া পিছে ক'লৈ গৈ আছা? ঘৰলৈ?
: সেই সৌভাগ্য মোৰ নাই। সৰু থাকোতেই মা দেউতাৰ আশ্ৰয়
হেৰাইছিল। তাৰ পাছত অনাথ আশ্ৰম এটাতে ডাঙৰ দীঘল হোৱা।
: কি হৈছিল তেওঁলোকৰ?
: সেই বিষয়ে চমুকৈ ক’বলৈ অসুবিধা। অৱশ্যে আমাৰ হাতত সময়
বহুত আছে, গতিকে মই বিস্তাৰকৈয়ে কৈছো।... দেউতাই এটা বেচৰকাৰী
কোম্পানীত চাকৰি কৰিছিল। দৰমহাৰ টকা কেইটাই আছিল আমাৰ একমাত্ৰ
আৰ্থিক ভৰষা। মই তেতিয়া ক্লাচ ছেভেনত পঢ়ি আছিলো। কোম্পানীত হোৱা
টকাৰ খেলিমেলিৰ বাবে দেউতাকে জগৰীয়া কৰিছিল মালিকে আৰু তাৰ পিছত
চাকৰিৰ পৰা খেদি দিছিল। ঘৰত মাৰ আগত কোৱামতে তেওঁ দোষী নাছিল।
কিন্তু তাৰ প্ৰতিবাদ কৰাৰ বিপৰীতে তেওঁ নিজকে পৃথিৱীখনৰ পৰা পৃথক কৰিহে
চেষ্টা কৰিব ধৰিলে। অন্য মানুহে তেওঁক দেখাৰ লাজত দেউতা দিনটো ঘৰতে
সোমাই থকা হ’ল। মোক ধমকি দি মদৰ বটল কিনিবলৈ পঠাইছিল বহুদ্বাৰ। লাহে
লাহে ঘৰখনৰ অৱস্থা বেয়াৰ পিনে ঢাল খাবলৈ ধৰিলে, মোক দুবেলা দুসাজ
খুৱাবলৈও মায়ে চিন্তা কৰিব লগীয়া হ'ল। অৱশেষত মায়ে টকা উপাৰ্জনৰ বাবে
অন্য মানুহৰ ঘৰত কাম কৰিব ধৰিলে, মাৰ সেই অৱস্থা দেখি মই সদায় মনে মনে
চকুলো টুকিছিলো। অন্যহাতে দেউতাৰো অৱস্থা বেয়া হ'বলৈ ধৰিলে। সৰু সৰু
কথাতে তেওঁ মাৰ ওপৰত হাত উঠোৱা আৰম্ভ কৰিছিল। মায়ে যি কেইটা টকা
উপাৰ্জন কৰি আনিছিল সেইকেইটাও দেউতাই কাঢ়ি লৈ মদৰ বটল কিনি
আনিছিলগৈ। তেনে অৱস্থাত ঘৰখন চলোৱাটো মাৰ বাবে অসহ্যকৰ হৈ পৰিছিল।
ফলত এৰাতি...
: মোৰ হাতত গাখীৰ এগিলাছ দি মায়ে মই আৰু মা শুৱা বিচনাখনত
আঁঠুৱা লগোৱাৰ চেষ্টা কৰিলে। কিন্তু ভাগৰত থিয় হৈ থাকোতে মাৰ চকুহাল
জাপ খাই যোৱাৰ উপক্ৰম কৰিলে।
[ ৭২ ] মা তই শু, মই আঁঠুৱা লগাম দে।– গাখীৰ গিলাছ টেবুলতে থৈ মই ক'লো।
লগে লগে মোৰ বহুত ভাগৰ লাগিছে বুলি কৈ মা বিচনাত ঢলি পৰিল। আঠুৱাখন লগোৱাৰ পাছত গাখীৰ গিলাছ নোখোৱাকৈয়ে মইও শুই পৰিলো।
ৰাতিপুৱা পোহৰ হোৱাৰ আগতেই শুই উঠাটো মাৰ অভ্যাস। সেইদিনা
কিন্তু তেনে হোৱা নাছিল। মা তোৰ গা বেয়া নেকি? মই সুধিলো, কিন্তু কোনো
সহাঁৰি নেপালো।
মা।– বুলি পুনৰ মাতি যেতিয়া মাৰ মুখখন মোৰফালে ঘূৰাই দিলো,
তেতিয়া দেখা পালো মাৰ মুখেদি উলাই অহা ফেনবোৰ। মই চিঞৰ বাখৰ কৰাত
ওচৰে পাজৰে থকা বহুতো মানুহ আহি আমাৰ ঘৰত গোট খালেহি। অলপ পাছত
ডাক্টৰো আহিল, পাছে পাছে পুলিচো পালেহি। গম পোৱা গ'ল যে আগৰাতি
মায়ে শুৱাৰ আগে আগে বিহ খাইছিল। পাছত পৰীক্ষা কৰি গম পোৱা গ'ল যে
মায়ে মোক খাবলৈ দিয়া গাখীৰ গিলাচতো আছিল সেই বিহৰ অংশ।
অ’ মাই গড, আৰু তোমাৰ দেউতা?
মৰিশালিত মাৰ শৰীৰটোত যেতিয়া জুই দিয়া হৈছিল, তেতিয়া কোনো
কথা নোহোৱাকৈয়ে দেউতাই খুব জোৰেৰে হাঁহিব ধৰিলে। সেইদিনাৰ পৰা
দেউতা ঘৰলৈও নহা হ'ল। দিন ৰাতি ৰাষ্টাৰ কাষৰ ফুটপাথতে তেওঁ কটাব
ধৰিলে। কোনোবাই দেউতাৰ কাষ চাপিব ধৰিলে শিলগুটি দলিয়াই আক্ৰমণ
কৰিছিল তেওঁ। মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ঘৰৰ ওচৰৰে খুৰা এজনে
মোক অনাথ আশ্ৰম এটাত থৈ আহিলেগৈ। তাৰ পিছত দেউতাৰ কি হ’ল মই
একো নেজানো আৰু কোনোদিনে জনাৰ চেষ্টাও কৰা নাই৷ তাৰ পিছৰ বহুকেইটা
বছৰ মই অনাথ আশ্ৰমতে কটালো। শিক্ষা শেষ হোৱাৰ পাছত ভগবানৰ কৃপাত
চাকৰি এটাও পালো। সকলো সাধাৰণভাবেই চলি আছিল জীৱনত।
সেইদিনটোলৈকে...... সন্ধিয়া কামৰ পৰা আহি থাকোতে বাটতে বৰষুণে পালে।
বৰষুণৰ পৰা বাচিবলৈ আৰু কামৰ ভাগৰ মৰাৰ উদ্দেশ্যেৰে ওচৰতে থকা বাৰ
এখনত প্ৰবেশ কৰিলো।
কি দিম? ৱেটাৰজনে মেনুখন আগবঢ়ালে।
ঠাণ্ডা বীয়েৰ এটা দিয়া।
বাৰৰ ভিতৰৰ মাদকীয় পৰিবেশৰ মাজত অলপসময় কটোৱাৰ পাছত মানুহ এজনৰ [ ৭৩ ] উচ্চ স্বৰত কোৱা শব্দ কিছুমান আহি কাণত পৰিলেহি।
: চাৰ, আপোনাৰ ভালৰ বাবেই কৈছো।
: মোৰ ভাল মাই ফুট। পুনৰ কোনোদিনে নাহো তহঁতৰ থাৰ্ড ক্লাচ
বাৰত, ইউ বাস্তাৰ্ড।– বুলি কৈ মানুহজন ঢলং পলংকৈ ওলাই গ'ল। কিয় জানো
মানুহজনৰ সেই অৱস্থাৰ কাৰণ জানিবৰ খুব ইচ্ছা হৈছিল মনত।
: কোন আছিল এই মানুহজন? ৱেটাৰজনক সুধিলো।
: নামটো সম্পূৰ্ণকৈ নাজানো, মিঃ চৌধুৰী বুলিয়েই জানো। পেছাত
তেখেত এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ।
: পিছে ইমানকৈ মদ খোৱাৰ কোনো বিশেষ কাৰণ?
: আছে, দুসপ্তাহ আগতে তেখেতৰ পত্নী আন কাৰোবাৰ সৈতে পলাই
গুচি গ'ল। তাৰ পিছৰপৰাই তেওঁ সকলো কাম কাজ বাদ দি বাৰতে বহি থাকেহি।
শুনিছো তেখেতৰ ল'ৰা-ছোৱালী এহালো আছে হেনো। সিহঁতৰ যে কি হ'ব
ভগৱানেহে জানে।
: হ’ব দিয়া। এতিয়া মোৰ বিলখন বনাই দিয়াচোন।
ৱেটাৰজনৰ মুখৰ পৰা মানুহজনৰ বিষয়ে জনাৰ পাছত কিছুমান
বিশৃংখলভাৱে মনটো ভৰাই পেলালে। আগতে কোনোদিনে তেনেধৰণৰ অনুভৱ
মোৰ হোৱা নাছিল। লাহে লাহে সেই ভাৱসমূহে কণ্ডৰ ৰূপ ধাৰণ কৰিলে।
সেই মুহূৰ্তত মনত পৰিছিল মৃত্যুৰ পাছত বগা হৈ পৰা মাৰ মুখখন, মনত
পৰিছিল অনাথ হৈ অনুভৱ কৰা সকলো দুখ কষ্ট, মনত পৰিছিল কিদৰে মোৰ
নিজ মাতৃয়ে মোক মাৰি পেলোৱাৰ চেষ্টা কৰিছিল। আৰু এই সকলো
হৈছিল কেৱল মাত্ৰ দেউতাই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি জীৱনত হাৰ মানি
লোৱাৰ বাবে।
ৱেটাৰজনক টকাটো দি বাৰখনৰ বাহিৰলৈ ওলাই আহিলো। অলপ দূৰ
খোজ কঢ়াৰ পাছত বাৰত দেখা পোৱা মানুহজনক বিদ্যুতৰ খুটা এটাত আঁউজি
শুই থকা চকুত পৰিল,
: আপোনাক সহায়ৰ প্ৰয়োজন।- মানুহজনৰ কাষলৈ গৈ হাতখন
আগবঢ়ালো,
: হু? কোন? কষ্টৰে চকুহাল মেলি মানুহজনে ক'লে।
: বলক মই ঘৰত থৈ আহিছো। বুলি কৈ মানুহজনক থিয় কৰালো।
[ ৭৪ ] :অলপ দূৰৈত থকা নিজান ঠাইডোখৰলৈ লৈ গ’লো তেওঁক।
: আপুনি জানেনে অনাথ হৈ জীয়াই থকাটো কিমান কষ্টকৰ?
: নেজানো ... কিয়? - মানুহজনে ক'লে।
: আপুনি জানেনে যেতিয়া নিজ মাতৃয়ে সন্তানক মাৰি পেলোৱাৰ চেষ্টা কৰে তেতিয়া কেনে অনুভৱ হয়?
: কি বকি আছা? পাগল নেকি তুমি?
: কিছুমান মানুহে জীৱনৰ মূল্য বুজি নাপায়, মোৰ মতে তেনে মানুহৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই।
: কি ...?
মদৰ নিচাত দুৰ্বল হৈ থকা মানুহজনৰ ডিঙিটো চেপি ধৰিলো, লাহে লাহে তেওঁৰ চকুযুৰি বহল হৈ পৰিল আৰু তাৰ পিছত জাপ খাই গ'ল চিৰদিনৰ বাবে।
কথাবোৰ শুনাৰ পাছত বিজয় বৰ্মনে অলপ সময় একেথৰে চাই ৰ’ল মোৰ চকুলৈ।
:মানুহজনৰ সম্পূৰ্ণ নাম আছিল বিক্ৰমজিত চৌধুৰী। তাৰিখ ৫ অক্টোবৰ, ২০০৮৷ সময় ৰাতি ৮-৩০ বজা। (অলপ ৰৈ) ... তেন্তে সেই হত্যাকাৰীজন তুমিয়েই? - গহীন সুৰত বৰ্মনে ক’লে।
: হয়, যেতিয়াই মই বিক্ৰমজিত চৌধুৰী বা মোৰ দেউতাৰ দৰে জীৱনৰ পৰা নিৰাশ হৈ পৰা মানুহ দেখা পাওঁ তেতিয়াই মোৰ মনটো খঙেৰে উপচি পৰে, মনত পৰে মোৰ মালৈ। মনত পৰে টেবুলত থৈ দিয়া গাখীৰ গিলাছলৈ। যেতিয়ালৈকে মই সেই মানুহজনক শাস্তি নিদিওঁ তেতিয়ালৈকে মই শান্তি নাপাওঁ। উদাহৰণস্বৰূপে টেলিভিছনত কালি আপোনাৰ পদত্যাগৰ খবৰ দেখাৰ পাছত মই ৰাতি শুব নোৱাৰিলো। এইখন ৰেলগাড়ীত আপুনি টিকট কৰা গম পোৱাৰ পাছত ৰাতিপুৱা ৫ বজাৰে পৰাই মই অপেক্ষা কৰি আছোহি প্লেটফৰ্মত।
: ইউ বাষ্টাৰ্ড।-বুলি চিঞৰি তেওঁ মোৰ গালৈ জপিওৱাৰ চেষ্টা কৰিলে কিন্তু বিফল হৈ চিটৰ পৰা বাগৰি পৰিল।
: মোৰ কি হৈছে? ... মোৰ হাত ভৰিবোৰ লৰচৰ হোৱা নাই কিয়?
: চাহ কাপত বিহ আছিল আৰু খুব বেছি ৫ মিনিট।
: চাহটো দুয়োজনেই খাইছি...লো।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।