পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মোৰ ঘৰত ৰাখিম। তোৰ ঘৰত সুধিলে মোৰ চাইকেল বুলি ক'বি আৰু আমাৰ ঘৰত সুধিলে তোৰ চাইকেল বুলি কম। ঠিক আছে?
 : ঠিক আছে।
 ঘৰ গৈ পাই বিতুৱে নঙলাডাল খুলিলে আৰু দুয়ো ভিতৰলৈ সোমাই গ'ল।
 : ক'ত ঘূৰি ফুৰ অ’ তহঁত দুটা দিনটো? বিচাৰি ফুৰিলেও নেপাই। বিতুৰ মাকে ক'লে।
 : চহৰলৈ গৈছিলো, ঘৰত কোনোবা আলহী আছে নেকি?
বাহিৰত ৰখাই থোৱা বাইকখন দেখি বিতুৱে মাকক সুধিলে।
 : দেউতাৰ লগৰ মানুহ।
 দুয়ো বাৰাণ্ডাত ভৰি দিওঁতেই বিতুৰ দেউতাক আৰু মানুহজনৰ কথোপকথন সিহঁতৰ কাণত পৰিল।
 : কালি কি হ’ল বুজিছা, দুটা পাষণ্ডই আমাৰ এওঁক চালানী কণী দহটা ওপৰত ৰং সানি ঘৰুৱা কণী বুলি দুগুণ দামত বেচি থৈ গ'লহি। পাছত ৰাতি ভাতৰ লগত খাবলৈ বইল কৰোতেহে ওলায় পৰিল কণীৰ আচল ৰূপ।
 : পলোৱাই ভাল নেকি। বিতুৱে ক’লে।
 পলম নকৰি দুয়ো গৈ সিহঁতৰ নতুন চাইকেলখনত উঠিলগৈ।
 : অই ক’ত যাৱ আকৌ। মাকে পাছফালৰ পৰা চিঞৰিলে।
উত্তৰ দিবলৈ সিহঁত ৰৈ নাথাকিল। বিতুক সন্মুখৰ ৰডডালত বহুৱাই বাবুলে তীব্ৰবেগেৰে চাইকেলৰ পেডেল পাব ধৰিলে।

⸻⸻

এক ব্যৰ্থ যাত্ৰা/২৪