হৈ পৰে মনটো, দুখবোৰ আঁতৰাই নিয়া এজাক বতাহৰ আশাত।
: হট্কেচ্টো খোল, তাতে ব্ৰেড আৰু মীট আছে। নেন্সিয়ে ক'লে। প্লেট
কেইখন মোহাৰি আমি খোৱাবস্তুখিনি ভগাই ল’লো। নেন্সিয়ে বনোৱা মাংসৰ
এক বিশেষ সোৱাদ আছে, তাইৰ পৰা শিকি মইও চেষ্টা কৰো, পিছে তাইৰ দৰে
সোৱাদ এতিয়াও আনিব পৰা হোৱা নাই। ৰেস্তোৰেণ্টখনলৈ অহা গ্ৰাহকৰ অধিকাংশ
হ’ল শিলঙ ফুৰিবলৈ অহা বহিঃৰাজ্যৰ মানুহ। তাৰ মাজত অসমৰ পৰা অহা
মানুহো থাকে বহুত। অসমীয়া কথা-বতৰা কাণত পৰিলে ভিতৰৰ পৰা জুমি
চাওঁ, কোনো চিনাকী চেহেৰা দেখাৰ আশাত।
দুদিনমান পাছৰ কথা, ৰাতিপুৱাৰে পৰা পৰি থকা বৰষুণজাকে বতৰটোৰ
লগতে মনবোৰো সেমেকাই ৰাখিছে। ৰেস্তোৰেণ্টত মানুহৰ ভিৰ কম। খিৰিকীৰ
কাষত বহি থকা বয়সস্থ মানুহহালৰ বাবে কফি দুকাপ বনোৱাৰ উদ্দেশ্যেৰে ভিতৰলৈ
আহিলো। কফি বনাই থাকোঁতেই কেইজনমান মানুহৰ ভৰিৰ শব্দ মোৰ কাণত
পৰিল।
:দুকাপ চাহ দিবা।—এজনে ক'লে।
: বন্দনা, আৰু দুকাপ চাহ। নেন্সিয়ে কাউণ্টাৰৰ পৰা চিঞৰিলে।
: অকে।
: আৰু কিবা দিম—নেন্সিয়ে সুধিলে।
: এটা চিংৰা দিবা, লগত অলপ ৰসগোল্লাৰ ৰস ঢালি দিবা।
এক মুহূৰ্তৰ বাবে থমকি ৰ'ল মোৰ হাত-ভৰি। সি হয় নে নহয়। হয়নে
নহয়? মনটোৱে ভাবিলে। তাৰ পাছত দুৱাৰখনৰ ফাকেৰে জুমি চাই দেখা পালো
শান্তনুক। বয়সস্থ মানুহহালক কফি দুকাপ দি লাহে লাহে তাৰ কাষ চাপি গ'লো।
সি কিদৰে প্ৰতিক্ৰিয়া কৰে সেই কথা ভাবি ভয়ো লাগিছিল। তাৰ পিছত পাছফালৰ
পৰা তাৰ কান্ধত হাতখন ৰাখি মাতিলো।
: শান্তনু।
সি ঘূৰি চালে আৰু আচৰিত হোৱাৰ দৰে অলপ সময় চাই ৰ'ল একে থৰে।
: কোন হয় তুমি? চ’ৰি মই তোমাক চিনিব পৰা নাই। বুলি কৈ পুনৰ তাৰ
সন্মুখত বহি থকা মানুহজনৰ সৈতে কথা পতাত ব্যস্ত হ’ল।
প্ৰথমবাৰ তাৰ চেহেৰাত খঙৰ ভাব দেখা পাইছিলো। মনটো মৰহি গ'ল সি তেনেদৰে কোৱাত। কিন্তু ভুলটো ময়েই কৰিছিলো,তাৰ তেনে প্ৰতিক্ৰিয়া