চাইকেল
হাতত থকা পাঁচশটকীয়া নোটটোৰফালে চাই বিতু দুখমনেৰে খেলপথাৰখনৰ
সোঁমাজত বহি আছিল। হঠাৎ পাচফালৰ পৰা চাইকেলৰ টিলিঙা বজোৱাৰ শব্দ
তাৰ কাণত পৰাত সি ঘূৰি চালে। তাৰ বন্ধু বাবুলে খুব বেগেৰে চাইকেলখন চলাই
আনি চিনেমাত বাইক ঘূৰোৱাৰ দৰে ঘূৰালেহি।
: কি হ’ল অ’? অকলে অকলে ইয়াত বহি আছ যে, মাৰ খালিনেকি ঘৰত?
ষ্টেণ্ড নোেহোৱা চাইকেলখন মাটিতে শুৱাই লৈ বাবুলে সুধিলে। উত্তৰত কিন্তু
নেমাতিলে বিতুৱে।
: আৰে, হাতত পাঁচশটকীয়া নোটচোন; আচল নে নকল?
নাই, বিতুৱে একো নকয়।
: কি হ’ল নকৱ কিয়?
: দেউতাটো বৰ মিছলীয়া অ’। কিমান দিনৰ পৰা পূজাত চাইকেল এখন
কিনি দিম, কিনি দিম বুলি কৈ শেষমুহূৰ্তত আহি ঠগি দিলেহি।
: কিয়? কি ক’লেনো?
: চাইকেল কিনি দিবলৈ টকা নাই হেনো।
এই পাঁচশ টকাটো দিছে, তাৰে যি লাগে কিনি ল’বলৈ কৈছে।
: আচ্ছা সেইটো কথা, (কাষত বহি লৈ) চাইকেলৰ দামটো হাজাৰ টকাৰ
তলত নহয়।
: তাকেইতো, মোৰ খুব ইচ্ছা আছিল এইবাৰ পূজাত চাইকেল এখন ল’বলৈ।
: এঃ হ’ব দে, মোৰ এইখন আছে নহয়, বাইকৰ সৈতে সমানে যায়। ব’ল
এতিয়া তিনি আলিৰ পৰা আহে। মন মাৰি বহি থাকিব নালাগে।
বিতুক মাজৰ ৰডডালৰ ওপৰত বহুৱাই বাবুলে দ্ৰুতগতিত পেডেল পকালে।
তিনি আলিৰ লাইটৰ পষ্টটোতে চাইকেলখন আউজাই দুয়ো সিটো পাৰে থকা
দোকানখনৰ দিশত আগবাঢ়িল।
: ঘূগুণী খাবি? বিতুয়ে সুধিলে।
: ব'ল।