কৌশিকে ঠিকেই কৈছিল, হয়তো সেইটোৱেই মোৰ ভুল আছিল। বহুবাৰ
চেষ্টা কৰিও মনৰ কথা মুখলৈ অনাত ব্যৰ্থ হৈছিলো মই। আজি দুই মাহমান
আগতে তাইৰ জন্মদিন আছিল। তাৰ আগদিনাখন বহু সাহস কৰি মনৰ কথাবোৰ
লিখি পেলাইছিলো এখন কাগজত। পাছদিনা জন্মদিনৰ উপহাৰৰ সৈতে বন্দনাক
দিয়াৰ উদ্দেশ্যেৰে... পাছদিনা তাইৰ হোষ্টেললৈ যাওঁতে তাই হোষ্টেলত নাছিল।
বহু সময় অপেক্ষা কৰাৰ পাছতো তাই আহি নোপোৱাত তাৰ পৰা নিৰাশ মনেৰে
গুচি আহিলো। খোজ কাঢ়ি আহি থাকোতেই দীঘলী পুখুৰীৰ পাৰত বন্দনাই
ল’ৰা এজনৰ কান্ধত মূৰ থৈ বহি থকাৰ দৃশ্য দেখা পাই পলকতে মৰহি সৰি
পৰিল মোৰ মনৰ ৰঙা, হালধীয়া ফুলবোৰ।
সেইদিনা গধূলি বন্দনাই ফোন কৰি কৈছিল তাইৰ নতুন প্ৰেমিকজনৰ বিষয়ে
আৰু জানিব বিচাৰিছিল তাইৰ সেই সিদ্ধান্তৰ ওপৰত মোৰ মত।
: তোৰ জীৱন, তোৰ কথা। মোক কিয় সুধিছ? মই হয়নো কোন? বুলি কৈ
কাটি দিছিলো সংযোগ।
আবেলি টিকট কটাৰ উদ্দেশ্যেৰে মই বাছ আস্থানত গৈ উপস্থিত হ’লো।
বিহুৰ বাবে অহা-যোৱা কৰা যাত্ৰীৰ সংখ্যা অন্য দিনতকৈ বহু বেছি৷ যাৰ ফলত
প্ৰায়বিলাক বাছতে ছীট খালী নাছিল। বহুকেইটা কাউণ্টাৰত বিচৰাৰ পাছত
অৱশেষত কোনো দিনে নাম নুশুনা বাছ এখনত পাছদিনা আবেলিৰ দুটা টিকট
পালো। টিকটৰ দামো আছিল বাকীবোৰতকৈ কম। কিন্তু পাছদিনা বন্দনাৰ সৈতে
বাছ ষ্টেচন আহি পাওঁতেহে গম পালো দাম কম হোৱাৰ ৰহস্য।
: এইখন শিৱসাগৰ গৈ পাবগৈনে? বাছখনৰ অৱস্থা দেখি বন্দনাই সুধিলে।
: কিয়? বুজি নোপোৱাৰ ভাও ধৰি সুধিলো।
: বাছ বিচাৰি নেপালি আৰু? অৱস্থাটো দেখা নাই এইখনৰ?
: অন্য বাছত টিকট নাথাকিলে মই কি কৰিম। যাৱ’ যদি এইখনতে যাব
লাগিব নহ'লে ওভতি ব’ল হোষ্টেললৈ।
: নেযাওঁ বুলিনো কেতিয়া ক'লো। তোৰ যে আজি কালি কথা ক'লেই খং
উঠে, হৈছে কি?
কোনো উত্তৰ নিদিয়াকৈ বেগ দুটা লৈ বাছত উঠিলোগৈ। অলপ সময়ৰ
পাছতে বাছখনে গতি ল'লে। খিৰিকীৰ কাষত বহি থকা বন্দনাক কিবা এটা কথা
কওঁ বুলি ভাবোতেই তাইৰ বেগত থকা মোবাইলটো বাজি উঠিল।