কৌতুহল
ৰেলখনে গতি লোৱাৰ লগে লগে কাষতে থকা খিৰিকীখনেদি সোমাই
অহা বতাহজাকে চুই গ'ল মোৰ দেহ। উপন্যাসখনৰ পৰা মূৰটো তুলি বাহিৰলৈ
চালো। চকু পৰিল এখন বিজ্ঞাপন বৰ্ডত। এইডচ স্পৰ্শৰ দ্বাৰা নিবিয়পে। তাত
লিখা আছিল। তাৰ পৰা দৃষ্টি আঁতৰাই যেতিয়া মই সমুখলৈ চালো, দেখা পালো
মোৰ ফালে একেথৰে চাই থকা এযুৰি ধুনীয়া চকু। চকুযুৰিতকৈ ধুনীয়া আছিল
চকুযোৰ আগুৰি থকা ছোৱালীজনীৰ চেহেৰাটো। স্বাভাৱিকতে এনে সুন্দৰ চেহেৰাৰ
ছোৱালী এজনী দেখিলে মোৰ মনত এক চিৰ পৰিচিত হুমুনিয়াহ ভাৱ জাগি
উঠে। মনত পৰে নিজৰ ভাগ্যত থকা সুন্দৰতাখিনিৰ কথা। দেউতাৰ মৃত্যুৰ পাছত
মা ঘৰখনত অকলশৰীয়া হৈ পৰিছিল। মাৰ নিসংগতা দূৰ কৰাৰ স্বাৰ্থতে খৰধৰলৈ
বিয়াত বহিছিলো। এজনী সুন্দৰ জীৱন সংগিনীৰ সপোন তেতিয়াই পোত খাইছিল
মনত। ছোৱালীজনীয়ে তেতিয়াও মোৰ ফালে চাই আছিল। নেজানো কি সন্ধান
কৰিছিল তাইৰ চকুহালে মোৰ নক্সাহীন চেহেৰাৰ মাজত। আজুৰি যেন লৈ যাব
বিচাৰিছে মোক তাইৰ চকুৰ গভীৰতালৈ। মনত নপৰে ইয়াৰ আগতে কেতিয়াবা
তাইৰ দৰে ধুনীয়া ছোৱালী এজনীৰ দৃষ্টি বান্ধোনত পৰাৰ কথা। কৌতুহলেৰে
ভৰি পৰিছিল মনটো।
: তুমি মোক চিনি পোৱা নেকি?– মই সুধিলো।
: মোক সুধিছে?– আচৰিত হোৱাৰ দৰে ক'লে।
: আমি দুয়োৰ বাহিৰে কোন আছেনো ডবাটোত।
: ঠিকেই কৈছে, মই পিছে আপোনাক চিনি নাপাওঁ। কিয়বা সুধিলে?
: অতপৰে মোৰফালে চাই থকাৰ বাবে।
মোৰ উত্তৰ শুনি তাইৰ ওঁঠত এক ৰহস্যময় হাঁহি বিৰিঙি উঠিল।
: চোৱাটো অপৰাধ নেকি?
মুখৰ হাঁহিটো অব্যাহত ৰাখি তাই সুধিলে।
: নিশ্চয় নহয়। মইয়ো হাঁহি এটা মাৰি সুধিলো।