স্বাভাৱিক। চাহ দুকাপ আনি টেবুলত থওঁতেও সি মোৰ ফালে ঘূৰি নেচালে।
আধাঘণ্টামান সময় ৰেস্তোৰেণ্টত বহাৰ পাছত সি আৰু তাৰ সংগীজন যাবলৈ
ওলালে। ছাতিটো মেলি বাহিৰত খোজ দিওঁতে মই পুনৰ এবাৰ তাক মাতিলো,
সি থমকি ৰ'ল।
: ‘চৰি’ বুলি ক'বলৈও শব্দটো বহুত সৰু সৰু যেন লাগিছে। কিন্তু অন্য কি
ধৰণেৰে তোৰ ওচৰত ক্ষমা খুজো।
: ক্ষমা খুজাৰ প্ৰয়োজননো কি? যি হৈ গ'ল তাৰ ওপৰত কোনোধৰণৰ
পাৰ্থক্য নাহে বুলি কৈ খৰধৰকৈ গাড়ীখনৰ দিশত আগুৱাই গ'ল সি। দুৱাৰখন
খুলি পুনৰ এবাৰ থমকি ৰ'ল সি আৰু ক'লে,
: সমস্যাটো কি জান? মই ইচ্ছা কৰিও মোৰ খঙবোৰ প্ৰকাশ কৰিব নোৱাৰো
তোৰ ওপৰত। যি দৰে তই হঠাৎ আঁতৰি গুচি আহিছিলি তাৰ পাছত তোৰ
চেহেৰাটো চোৱাৰো ইচ্ছা নাছিল মোৰ আৰু তই শ্বিলঙত আছ বুলি জনাহেঁতেন
মই কেতিয়াও নাহিলোহেঁতেন এই ঠাইলৈ।
: কিন্তু সেই সময়ত অন্য উপায়ো যে নাছিল।
: উপায় আছিল, সঁচা কথাটো তই ক'ব পাৰিলিহেঁতেন মোক। তোৰ প্ৰতি
মোৰ মনত থকা ভাব বিনিময়ত তই মোক তোৰ সমস্যাটোৰ বিষয়ে কোৱাটোও
যোগ্য বুলি নাভাবিলি! বুলি কৈ সি গাড়ীত বহিল।
জীৱনত বহুকেইটা ভুল কৰিলো, তাৰ বাবে শাস্তিও পাই আহিছো। আজি
যদি শান্তনুকো গুচি যাবলৈ দিও এইদৰে। সিও এক ভুলেই হ’ব।
আগপিছ নেভাবি গাড়ীৰ আগত থিয় হৈ দিলোগৈ। দোকানসমূহৰ সন্মুখত
বৰষুণৰ পৰা নিজকে বচাই ৰৈ থকা মানুহখিনিয়ে নাটক চোৱাৰ দৰেই উপভোগ
কৰিছিল সেই দৃশ্য।
: ভালে ভালে আঁতৰ হ। গাড়ীৰ ভিতৰৰ পৰা শান্তনুয়ে ক'লে।
: আৰু যদি নাতৰো? (দুবাৰমান দীঘলকৈ উশাহ লৈ)
: মোক ক্ষমা কৰি দে আৰু নকৰ’ যদি মাৰি থৈয়ে যা।
দুৱাৰখন জোৰকৈ বন্ধ কৰি সি ওলাই আহিল বাহিৰলৈ।
: শান্তনু, বিয়াখন ভাঙি তেনেদৰে গুচি অহাটো এটা ডাঙৰ ভুল আছিল, যি
দৰে ভুল আছিল তোক আৰু তোৰ মৰমবোৰ বুজি নোপোৱাটো। কিন্তু আজি মই জানো যে কোন মোৰ প্ৰকৃত আপোন, কোনে মোৰ বিপদৰ সময়তো মোক