সমললৈ যাওক

পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুনৰ আগবাঢ়িল তেওঁ। কিন্তু অলপ দূৰ আগবঢ়াৰ পাছতেই তেওঁ অনুভৱ কৰিলে যে এজন ডেকা লৰাই তেওঁক অনুসৰণ কৰি আছে।
 :অলপ ৰবচোন। - পাছফালৰ পৰা ডেকা ল'ৰাজনে মাত লগালে।
যুৱকজন অচিনাকী আছিল যদিও ড° বৰাৰ এনে অনুভৱ হৈছিল যেন তেওঁ সেই চেহেৰাটো আগতেও দেখা পাইছে।
 : দেউতা মই দীপাংকৰ, ইঅ'ৰ চন।
 যুৱকজনৰ কথা শুনি বৰাই আচৰিত হৈ চালে দীপাংকৰৰ সৈতে বহু মিল আছিল ল’ৰাজনৰ চেহেৰাৰ কিন্তু.....।
 : হ’বই নোৱাৰে। মোৰ লৰাটো বহু সৰু হৈ আছে। তাৰ বয়স ষোল্ল বছৰৰ অধিক হোৱা নাই। যদিও দুবছৰৰ ধৰি মই তাক দেখা নাই তথাপিতো দুবছৰত সি ইমান ডাঙৰ হ'ব নোৱাৰে। সঁচা কথা কোৱা, কোন তুমি?
 : বিশ্বাস কৰা দেউতা, মই দীপাংকৰেই আৰু মোৰ বৰ্তমান বয়স আঠাইছ বছৰ।
 : দেটচ নট পছিবল,
 : তুমি মোৰ লগত আহাঁচোন বুলি কৈ যুৱকজনে ড° বৰাক জোপোহা এটাৰ পাছফালে লৈ গ'ল। তাত থিয় হৈ আছিল তেওঁৰ গৱেষণাগাৰত এৰি থৈ অহা যন্ত্ৰটোৰ সদৃশ এটা যন্ত্ৰ, পাৰ্থক্য বেছি নাছিল।
 : এইটোতো ...ড° বৰাই ক'ব খুজিলে,
 : ঠিকেই ভাবিছা। এইটো তুমি নিৰ্মাণ কৰা যন্ত্ৰটোৱেই। তোমাৰ মৃত্যুৰ পাছত যোৱা বাৰ বছৰ ধৰি মই তোমাৰ গৱেষণাবোৰ অধ্যয়ন কৰিলো। বহুবাৰ বিফল হোৱাৰ পাছত অৱশেষত মই সফলতা পালো।
 : কিন্তু মোৰ মৃত্যুৰ পাছত মানে?
  উত্তৰ দিয়াৰ আগেয়ে দীপাংকৰে এটা হুমুনিয়াহ কাঢ়িলে,
 : মই তাকে সলনি কৰিবলৈ উভতি আহিছো দেউতা, মই নহা হ'লে এতিয়া তুমি মোক আৰু মাক লগ কৰিবলৈ গ'লাহেঁতেন। কিন্তু তুমি বহুত বুজোৱাৰ পাছতো মা তোমাৰ লগত আহিবলৈ মান্তি নহ’ল। তাৰ পাছত তুমি নিৰাশ মনেৰে ঘৰলৈ উভতি আহিবা। পাছত যেতিয়া তুমি তোমাৰ ওচৰ চুবুৰিয়া মানুহৰ সৈতে কথা পতাৰ চেষ্টা কৰিবা, তেতিয়া তেওঁলোকে পাগল বুলি কৈ তোমাক উপলুঙাহে

কৰিব। ফলত তুমি আৰু নিৰাশ হৈ পৰিব। আৰু আজিৰ পৰা ঠিক এসপ্তাহ মই

এক ব্যৰ্থ যাত্ৰা/৬২