পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাধা নেওচি।

 : নাকান্দিবি লখিমী, তোক সান্ত্বনা দিবলৈও যে মোৰ ওচৰত শব্দ নাই। বুলি কৈ ৰুবুলে হাতেৰে মোহাৰি আনিলে লখিমীৰ সেমেকা গালখন।

 :তোক এনেদৰে দেখি মোৰো খুব বেয়া লাগিছে। মই যদি তোৰ বাবে কিবা কৰিব পাৰো ক লখিমী।

 : তোক এটা কথা সুধিব পাৰোনে?- উচুপি উচুপি লখিমীয়ে সুধিলে।

 : কি কথা?-ৰুবুলে সুধিলে।

বাৰ বছৰ আগতে মই যদি তোক ভাল পাওঁ বুলি ক'লোহেঁতেন ..., তইও কলিহেঁতেন নেকি বাৰুে? লখিমী তোক ভাল পাওঁ বুলি।... আজি নন্দিনীৰ দৰে মইও হাঁহিব পাৰিলোহেঁতেন নেকি বাৰু?... ক ৰুবুল, তেতিয়াও মোৰ চৌদিশে অন্ধকাৰেই হ'লহেঁতেন নেকি?- শব্দবোৰ মনতে ভাবিলে লখিমীয়ে। কিন্তু প্ৰকাশ কৰিব আজিও নোৱৰিলে।

 : কি কথা নোসোধ কিয়?

 : একো নহয়, তই যা এতিয়া। বহুত দেৰি হ’ল। ঘৰত সকলোৱে তোলৈ ৰৈ আছে চাগৈ।- চকুযুৰি মোহাৰি মোহাৰি লখিমীয়ে ক'লে।  : মই যাম বাৰু তই পিছে এইদৰে কন্দাকটা কৰি নাথাকিবি। সময়ে সকলো দুখ পাতল কৰি দিব।

  ৰুবুল হোৱাৰ পাছত দুৱাৰখন বন্ধ কৰি বিচনাত ঢলি পৰিল লখিমী। অলপ সময়ৰ ভিতৰতে সেমেকি পৰিল গাৰুটো। মমডালো শেষ হওঁ হওঁ। সোনকালেই অন্ধকাৰ হৈ পৰিব কোঠাটো।

-ঃ-ঃ-ঃ-ঃ-

এক ব্যৰ্থ যাত্ৰা/৩২