পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কথা উল্লেখ কৰিলে। অলপ পাছতে কণ্ডাক্টৰজনে সকলোৰে টিকটৰ মূল্য ঘূৰাই দিলে, কিন্তু মূল সমস্যাটোৰ সমাধান নহ’ল। ইতিমধ্যে মোৰ মনতো অলপ ভয় সোমাইছিল। সময় তেতিয়া নিশা দহ বাজিছিল। অন্য গাড়ী পোৱাৰ সম্ভাৱনা কম। বন্দনাক লগত লৈ বাছত থকাটো সুবিধাজনক নহ'ব। কিবা এটা ভাবি কণ্ডাক্টৰজনৰ ওচৰলৈ গ'লো। বৰ্তমান আমি কোন ঠাইত আছো? মই সুধিলো।
 :কাজিৰঙাৰ পৰা অলপ আগত। প্ৰায় আধা কিলোমিটাৰমান।
 : ওচৰে-পাজৰে ৰাতি থকাৰ ব্যৱস্থা আছে নেকি জানেনে?
 : অলপ আগত দুখনমান ৰিচৰ্ট খুলিছে নতুনকৈ। ওভতি গ’লে তালৈও আধা কিলোমিটাৰ মানেই হ'ব।
 : ঠিক আছে। বুলি কৈ পুনৰ ঘূৰি আহিলো বন্দনাৰ কাষলৈ।
 : কি কৰিবি পিছে এতিয়া? তাই সুধিলে।
 ৰাতিটো ইয়াত থকাটো সুবিধাজনক নহ'ব। অলপ আগত ৰিচৰ্টকেইখনমান আছে, তাতে ৰাতিটো কটাই ৰাতিপুৱা কিবা এটা ব্যৱস্থা কৰিব লাগিব।
 : ঠিক আছে ব’ল।
 বেগকেইটা লৈ আমি বাছৰ পৰা নামিলো আৰু বহু দূৰৈত জিলিকি থকা লাইট এটা অনুসৰণ কৰি আমি আগবাঢ়িলো। আমাৰ পিছে পিছে আন কেইজনমান যাত্ৰীও একে দিশতে আগবাঢ়িল।
 : ইমান আন্ধাৰ, মোৰ যে ভয়ে লাগে। বুলি কৈ বন্দনাই মোৰ হাতখনত ধৰি ললে।
 : এটা কথা কচোন, তই যে মোৰ সৈতে এৰাতি ৰিচৰ্টত থাকিবলৈ গৈ আছ, সেই কথা যদি তোৰ বয়ফ্ৰেণ্ডে গম পাই?
 : কেনেকৈনো গম পাব?
 : যদি পাই?
 :... কাজিয়া হ’ব, হয়তো ব্ৰেক-আপো হব। পিছে তই আছ নহয় বেক আপ।
 : মই তোৰ বয়ফ্ৰেণ্ড? সপোনতো নাভাবিবি।
 পোন্ধৰ মিনিটমান সময় খোজকঢ়াৰ পাছত অলপদূৰৈত দেখা পালো বহুতো ৰং বিৰং লাইটৰ পোহৰত জিলিকি থকা ‘সেউজ পৃথিৱী’ নামৰ ৰিচৰ্ট এখন।

 : ৰূম এটা লওনে দুটা লও? মই সুধিলো।

এক ব্যৰ্থ যাত্ৰা/৪৪