পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সময়ৰ পাছত তুমি আত্মহত্যাৰ পথ বাছি লবা।
  : আত্মহত্যা?– ড° বৰাই আচৰিত হৈ প্ৰশ্ন কৰিলে।
  : এইখন তুমি আত্মহত্যা কৰাৰ আগে আগে লিখা চিঠি। তোমাৰ শেষ চিহ্ন হিচাপে সাঁচি ৰাখিছিলো মই বুলি কৈ দীপাংকৰে জেপৰ পৰা উলিয়াই বৰাৰ হাতত তুলি দিলে এটুকুৰা পুৰণা কাগজ।
  : এতিয়াও ভালদৰে মনত আছে চিলিংফেনত তোমাৰ দেহাটো ওলমি থকা সেই ভয়ানক দৃশ্য। কান্দি কান্দি দুৰ্বল হৈ পৰিছিলো মই সেইদিনা। মায়েও খুব কান্দিছিল, তোমাৰ আত্মহত্যাৰ বাবে নিজকে দোষ দিছিল মায়ে।.. সেইদিনাই মই থিৰাং কৰিছিলো যে তোমাৰ আধৰুৱা সপোনটো মই সম্পূৰ্ণ কৰিম।
  : (অলপ ৰৈ) কিন্তু এটা ডাঙৰ সমস্যা আছিল।
  : কি সমস্যা?
  : অতীতলৈ উভতি অহাৰ আগে আগে মই ভৱিষ্যতলৈ গৈছিলো, টাইম মেচিনৰ আৱিষ্কাৰে মানুহৰ জীৱনত কি ধৰণৰ প্ৰভাৱ পেলাব তাকে চোৱাৰ উদ্দেশ্যেৰে।
  : আৰু কি দেখা পালা ভৱিষ্যতৰ পৃথিৱীত?
  : ধ্বংস। টাইম মেচিনৰ সহায়ত মানুহে সময়ৰ সৈতে ধেমালি কৰি থকা দেখা পালো, বাৰে বাৰে সলনি হৈ থকা দেখা পালো ঘটনাবোৰ। টাইম মেচিনৰ আৱিষ্কাৰে অত্যাধিক জটিলতা কঢ়িয়াই আনিব পৃথিৱীলৈ। বলিয়াৰ দৰেই হৈ পৰিব মানুহবোৰ।
  : তেনেহ'লে কি কৰা উচিত দীপ? মইতো কেতিয়াও ভবা নাছিলো এনেকুৱা কিবা এটা হ’ব বুলি।
  তুমি চিন্তা নকৰিবা দেউতা এনেকুৱা একো নহয়। তুমি মাথোঁ কথা দিয়া যে এই গৱেষণা পুনৰ কোনোদিনে আৰম্ভ নকৰো বুলি।
  :মই কথা দিছো দীপ। পিছে মই এতিয়া কি কৰিব লাগিব?
  : যি কৰিম বুলি ভাবিছিলা তাকেই কৰা। তোমাক লগ কৰাৰ আগতে মই মাকো লগ কৰি আহিলো। মায়েও প্ৰথমে বিশ্বাস কৰা নাছিল। বহুত পৰ চেষ্টা কৰিও বিশ্বাস কৰিব নোৱৰাত মাক ভৱিষ্যতলৈ লৈ গ'লো আৰু লগ কৰাই দিলো ভৰি মাৰ সৈতে। অৱশেষত তেওঁৰ বিশ্বাস হ’ল। মোৰ ওপৰত আৰু

তোমাৰ গৱেষণাৰ ওপৰত গতিকে তুমি এতিয়া মাৰ ওচৰলৈ যোৱা। মা আৰু

এক ব্যৰ্থ যাত্ৰা/৬৩