: অফিচত আছো, কচোন খবৰ খাটি।
: খবৰ ভালেই, শুনি কেৱল আচৰিত নহ’বি।
: এনে কি খবৰনো? ক সোনকালে।
: অহা দেওবাৰে মোৰ বিয়া।
: কি কলি? আকৌ কচোন।
: অহা দেওবাৰে মোৰ বিয়া, তালৈকে নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যেৰে কল
কৰিলো।
: ধেমালি কৰিছ নেকি?
: আৰে ধেমালি কিয় কৰিম, মানুহে বিয়া নেপাতে নেকি?
: পাতে কিন্তু কেইদিনমান আগতেইচোন মই তোৰ সৈতে কথা পাতিছিলো,
তেতিয়াতো তই এই বিষয়ে একো কোৱা নাছিলি।
: সিদ্ধান্তটো হঠাৎ ল'বলগীয়া হ'ল। তইপিছে কেইদিনমান থকাকৈ আহিব
লাগিব।
: যাম বাৰু, পিছে বিয়া কাৰ সৈতে? ছোৱালী কৰ?
: বন্দনা নামৰ ছোৱালীজনী মনত আছেনে?
: আছেতো। কিন্তু তাইৰতো কোনোবা বয়ফ্ৰেণ্ড আছে বুলিহে জানিছিলো।
: সেইবোৰ বহুত কথা, তই আহিলে কম দে। এতিয়া ৰাখো বহুত কাম
বাকী আছে।
ফোনটো থৈ অলপ সময়ৰ বাবে আচৰিত হোৱাৰ দৰে হৈ থাকিলো। আমাৰ
কেইটাৰ ভিতৰত যে শান্তনুৰ বিয়া প্ৰথমে হ'ব সেই কথা কেতিয়াও ভবা নাছিলো
তাকো বন্দনা নামৰ ছোৱালীজনীৰ সৈতে। বন্দনা আৰু শান্তনুৰ ঘৰ ওচৰা-ওচৰি।
স্কুলত পঢ়াৰ দিনৰ পৰাই শান্তনুৱে তাইক ভাল পাই বুলি সি কৈছিল। পিছে
লাজকুৰীয়া শান্তনুৰ মনৰ কথা মনতেই থাকিল। পিছত তাইৰ জীৱনলৈ অন্য
কোনো অহা বুলি জনাৰ পাছত কিযে অৱস্থা হৈছিল তাৰ। একেবাৰে যেন দেৱদাসৰ
নতুন সংস্কৰণহে। কিন্তু আজি হঠাৎ কিদৰে সলনি হ'ল তাৰ ভাগ্যখন। উগুল-
থুগুল লাগি থকাৰ বাবে কামত মন নবহিল, গধুলি ঘৰলৈ আহি থাকোতে আকৌ
এবাৰ ফোনটো বাজি উঠিল।
: খবৰটো পালিনে? অনুপমে উৎসাহেৰে সুধিলে।
: শান্তনুৰ বিয়াৰ খবৰ?