পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঃ কাইলৈ দেওবাৰ, তিনিআলিত বজাৰ বহিব। ঃ তাৰ পৰাই প্ৰয়োজনীয় বস্তুখিনি কিনিব পৰা যাব। ভাৰপাচি ঘৰত আছেই। ঃ ৰং আছে মোৰ লগত। ঃ বঢ়িয়া, কাইলৈ ৰাতিপুৱা ওলাবি তেনেহ'লে। পাছদিনা ৰাতিপুৱাই বাবুল গৈ বিতুহঁতৰ ঘৰৰ পদূলিত উপস্থিত হ'লগৈ। দুবাৰমান টিলিঙা বজোৱাৰ পাছত এযোৰ নতুন কাপোৰ পিন্ধি বিতু বাহিৰলৈ ওলাই আহিল। ঃ কি পিন্ধিছ এইবোৰ।⸺বাবুলে সুধিলে। ঃ কালি খুৰাহঁত আহিছিল। মোলৈ এই কাপোৰযোৰ লৈ আনিছিল। ঃ তোৰ মূৰটো। এইযোৰ পিন্ধি নহ'ব। যা গেঞ্জী এটা আৰু হাফপেন্ট এটা পিন্ধি আহ। লেতেৰা হ'লে আৰু ভাল।

 শাক-পাচলিৰ পৰা আৰম্ভ কৰি হাঁহ কুকুৰালৈকে বহুতো বস্তু লগত লৈ বেপাৰীবোৰ ৰৈ আছিল গ্ৰাহকৰ অপেক্ষাত। হাতত সৰু-ডাঙৰ মোনাবোৰ লৈ গ্ৰাহকবোৰেও ভিৰ কৰিছিলহি ঠাইডোখৰ। দুয়োকাষে থকা বেপাৰীবোৰৰ মাজেৰে বাবুল আৰু বিতু আগবাঢ়ি গ'ল। অলপ দূৰ গৈ কণীৰ দম এটা লৈ বহি থকা মানুহ এজনৰ ওচৰত গৈ দুয়ো ৰ'লগৈ।

ঃ দাদা, চালানী কণী কেনেকৈ দিছে?—বাবুলে সুধিলে। ঃ যোৰা পাঁচ টকা। কেইটা দিম? ঃ দুশটা। ঃ ইমানবোৰ কণী কিয় লাগে অ’?—দোকানীজনে সুধিলে। ঃ ঘৰত ভোজ আছে, কণীৰ ভোজ।—বিতুৱে তপৰাই উত্তৰ দিলে।

 কণীৰ প্লেটবোৰ চাইকেলখনৰ পাছফালে থকা কেৰিয়াৰত বান্ধি ল'লে দুয়ো। বিতুৱে প্লেটবোৰ ধৰি থাকিল আৰুবাবুলে লাহে লাহে চাইকেলখন থেলিব ধৰিলে। ঃ এইখিনি পিচে নিবি ক'লৈ? ঃ ঘৰলৈ নিব নোৱাৰি, গতিকে আমাৰ ঘৰৰ পাছফালে থকা পথাৰখনলৈকে লৈ যাও। তই গৈ ৰংখিনি লৈ আনগৈ। কণীবোৰ প্লেটৰ পৰা এটা এটাকৈ বাহিৰ কৰি পাচি এটাত গোটালে বাবুলে। বিতু ব্যস্ত ৰং মিহলোৱাত। ছবি অঁ‌কাত সি বেচ ভাল, কোনটো ৰঙৰ সৈতে কোনটো মিহলালে কি ধৰণৰ ৰং সৃষ্টি হ’ব সি জানে। ৰং মিহলাই গাখীৰ দিয়া চাহৰ দৰে

এক ব্যৰ্থ যাত্ৰা/২১