পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এক ব্যৰ্থ যাত্ৰা

 ৰাতিপুৱাৰ সময়। প্লেটফৰ্মত মানুহৰ ভিৰ কম ...। নিৰ্ধাৰিত সময়তকৈ আধাঘণ্টা পলমকৈ উপস্থিত হোৱা ৰেলগাড়ীখনৰ ভিতৰলৈ প্ৰৱেশ কৰিলো। প্লেটফৰ্মৰ দৰে ৰেলগাড়ীখনৰ ভিতৰতো মানুহৰ সংখ্যা কম। ডবাটোৰ ভিতৰত প্ৰৱেশ কৰোঁতে তাত কেৱল এজন যাত্ৰীহে বহি থকা দেখা পালো। ভৰিৰ ওচৰতে নিজৰ বেগ দুটা ৰাখি মানুহজন মগ্ন আছিল খিৰিকীৰ সিপাৰৰ পৃথিৱীখনত। মই সমুখত গৈ বহোঁতে এক মুহূৰ্তৰ বাবে মোৰ ফালে চাই পুনৰ বাহিৰলৈ চাব ধৰিলে। মানুহজনৰ চেহেৰাৰ প্ৰতিটো ভাবতে হতাশা প্ৰতিফলিত হোৱা লক্ষ্য কৰিলো।
 ষ্টেচনৰ পৰা আঁতৰি যোৱাৰ লগে লগে ৰেলখনৰ গতি বৃদ্ধি হ’ল। সময়খিনি পাৰ কৰাৰ উদ্দেশ্যেৰে বেগত থকা বাতৰি কাকতখন মেলি ল’লো চকুৰ সমুখত। দৃষ্টি পৰিল প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা এক বিশেষ খবৰত।
 “ধাৰাবাহিক হত্যাকাণ্ড অব্যাহত। বিফল আৰক্ষী বিষয়াৰ পদত্যাগ।”
 যোৱা কেইবাটাও মাহ ধৰি বিভিন্ন সময়ত এই ধৰণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছিল। এটা এটাকৈ তেইশটা হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতো আৰক্ষীৰ হাতত কোনো শুংসূত্ৰ নাই হত্যাকাৰীৰ। আৰক্ষীৰ ব্যৰ্থতাৰ ফলস্বৰূপে চৰকাৰ, সংবাদমাধ্যম আৰু চহৰখনৰ ৰাইজে যি বিপুল প্ৰতিবাদ কৰি আহিছিল তাৰ চাপ সহিব নোৱাৰি আৰক্ষী বিষয়া বিজয় বৰ্মনে পদত্যাগ কৰে। খবৰটোৰ সোঁ মাজতে প্ৰকাশ পাইছিল বিজয় বৰ্মনৰ আৰক্ষীৰ সাজত তোলা এখন ফটো। বাতৰি কাকতখন চকুৰ আগৰ পৰা আঁতৰাই একেটা চেহেৰাকে দেখা পালো সমুখত। নাছিল কেৱল দেহত আৰক্ষীৰ পোছাক।
 : আপুনিয়েই বিজয় বৰ্মন নহয় জানো– বাতৰি কাকতখনৰ ফালে আঙুলিয়াই সুধিলো।
 : হয়। মোৰফালে নোচোৱাকৈয়ে মানুহজনে উত্তৰ দিলে।

 : মোৰ নাম কৌশিক, কৌশিক হাজৰিকা।– কৰমৰ্দন কৰাৰ উদ্দেশ্যেৰে

এক ব্যৰ্থ যাত্ৰা/৬৯