: সকলো বৰ গহীন হৈ আছে যে? কিবা হ’ল নেকি?
: এইখন পঢ়া। দেউতাকে কাগজ এখন আগবঢ়াই দিলে মোৰ দিশত।
মৰমৰ
মা আৰু দেউতা,
চিঠিখনৰ যোগেদি মই যি কথা ক'ব বিচাৰিছো সেই কথা মই বহুত আগতেই
ক'ব লাগিছিল.. কিন্তু এতিয়াও পলম হোৱা নাই। মা, মোৰ গৰ্ভত বৰ্তমান এটা
একমহীয়া সন্তান আছে। প্ৰাঞ্জলৰ সৈতে মোৰ সম্পৰ্ক ছেদ হোৱাৰ দুদিনমান
পাছতে মই গম পাইছিলো এই কথা। তাক এই বিষয়ে জনোৱাৰ চেষ্টা কৰিছিলো
কিন্তু সি মোৰ একো কথাই শুনিব নিবিচাৰিলে। খুব ভয় লাগিছিল মোৰ তাৰ
পিছত। সেই ভয়তে মই কাকো এই বিষয়ে ক’ব পৰা নাছিলো। ভাবিছিলো মনে
মনে ডাক্টৰৰ ওচৰলৈ যোৱাৰ কথা, কিন্তু চহৰৰ প্ৰায়ভাগ ডাক্টৰেই দেউতাৰ চিনাকী।
হঠাৎ এদিন মই শান্তনুক লগ পালো। ভাবিলো সিয়েই মোক নিশ্চয় সহায় কৰিব।
মোৰ সমস্যাৰ বিষয়ে তাক ক'ম বুলি সিহঁতৰ ঘৰলৈ যাওঁতে হঠাৎ সি মোক বিয়া
কৰোৱাৰ প্ৰস্তাৱ দি দিলে। সেই মুহূৰ্তত ভাবিলো তাৰ সৈতে বিয়াখন সোনকালে
হৈ গ'লে মই মোৰ বিপদটোৰ পৰাও সাৰি যাম।... পিছে বিয়াৰ দিন কাষ চাপি
অহাৰ লগে লগে মই অনুভৱ কৰিব ধৰিলো মোৰ ভুল। শান্তনুৱে মোক বহুত
ভাল পাই আৰু তাৰ বিনিময়ত মই তাক এইদৰে ঠগিব বিচৰাটো উচিত নহয়।
এই কথা জনাৰ পাছত হয়তো সি মোক কোনোদিনে ক্ষমা নকৰিব আৰু ইয়াৰ
পাছত তোমালোকৰ সন্মুখীন হ’বলৈও মোৰ সাহস নাই মনত। সেয়ে মই যাওঁগৈ,
কোনোবা অচিনাকী ঠাইলৈ যত মোক কোনেও চিনি নেপাই। য’ৰ পৰা ভাঙি-
চিঙি যোৱা মোৰ জীৱনটো পুনৰ এবাৰ গঢ়াৰ চেষ্টা কৰিব পাৰো। শান্তনুক বুজাবা,
ক’বা মই তাৰ যোগ্য নহয়। সি মোতকৈ বহুত ভাল ছোৱালীৰ সংগ পাব জীৱনত।
ইতি
বন্দনা
: চিঠিখন পঢ়াৰ পাছত খঙত সেইখন ফালি-চিৰি বন্দনাৰ ঘৰৰ পদুলিতে পেলাই থৈ আহিলো। মোক ভাল পাই বা মোৰ ভালপোৱাৰ বাবে তাই বিয়াত বহিবলৈ মান্তি হোৱা নাছিল, হৈছিল কেৱল নিজৰ সমস্যা সমাধানৰ কাৰণে। অৱশ্যে তাই তেনে কৰাৰ কাৰণে এটা লাভ হ’ল। এতিয়া আৰু মোৰ মনত তাইৰ
প্ৰতি অলপো মৰম নাই। এতিয়া আৰু তাই মোৰ দুৰ্বলতা হৈ থকা নাই। মই ঘিণ