এক ব্যৰ্থ যাত্ৰা
এক ব্যৰ্থ যাত্ৰা
পিনাকপাণি বৰুৱা
শব্দ প্ৰকাশ
থানাৰোড
যোৰহাট-১
and published by SABDA PRAKASH, Thana Road, Jorhat-1 1st Edition - 2nd July, 2010 Prince- Rs.40/-
এক ব্যৰ্থ যাত্ৰা
পিনাকপাণি বৰুৱা
সৰুচৰাই খাট, ঢেঁকৰগঢ়া
যোৰহাট।
ম’বাইল- ৯৪৩৫০৫২৫০২
গ্ৰন্থস্বত্বঃ লেখকৰ
প্ৰথম প্ৰকাশ : ২ জুলাই ২০১০
বেটুপাতঃ ৰণ্জিত গগৈ
অলংকৰণ আৰু অংগ সজ্জাঃ উজ্জ্বল পাওগাম
অনুলিখনঃ প্ৰসেনজিৎ গগৈ, পুলিন শইকীয়া
মুদ্ৰণঃ শব্দ প্ৰকাশ, থানা তিনি আলি,
যোৰহাট-১
ম'বাইল- ৯৮৫৪০-২১৪৬৫, ৯৮৫৪০- ৪৪৩৯৭
‘উৎসৰ্গা’
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত চাৰিটা বছৰ থাকোঁতে বিভিন্ন ধৰণৰ মানুহৰ সৈতে চিনাকী হোৱাৰ সুযোগ পাইছিলো। প্ৰত্যেকৰে চিন্তাৰ ধৰণ বিভিন্ন, প্ৰত্যেকৰে পচন্দ-অপছন্দ বিভিন্ন, একেটা ঘটনাকে চোৱাৰ দৃষ্টিভংগীও প্ৰত্যেকৰে ভিন্ন ভিন্ন। দকৈ যেতিয়া সিহঁতৰ মনবোৰ পঢ়ি চাওঁ এনে লাগে যেন প্ৰত্যেকেই মনত কঢ়িয়াই ফুৰিছে হাজাৰ বিজাৰ গল্প। কিছুমান হাঁহি উঠা, কিছুমান দুখ লগা। সেই চাৰিটা বছৰত লগপোৱা প্ৰত্যেকজন বন্ধুলৈকে কিতাপখন উৎসৰ্গা কৰিলো।
—পিনাকপাণি
‘লেখকৰ মনৰ কথা’
প্ৰত্যেক মানুহৰে জীৱনত হয়তো এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া বহুতো গধুৰ ভাৱে অসহায় কৰি তোলে মনটো। ভাবৰ বোজা কঢ়িয়াব নোৱাৰি অস্থিৰ হৈ পৰে দেহ-মন। নিৰস, ৰংবিহীন যেন হৈ পৰে জীৱনটো। তেনে এক উদাসীন মুহূৰ্ততে এদিন হাতত কলমটো তুলিছিলো। মনৰ ভাৱবোৰ শব্দৰূপে বাহিৰ কৰাৰ উদ্দেশ্যেৰে, সৃষ্টি হ’ল ‘কৌতুহল’ নামৰ গল্পটোৰ। কলেজৰ প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাত উক্ত গল্পটোৱে পুৰস্কাৰ পোৱাত নথৈ আনন্দিত হৈছিলো। তাৰ পিছৰ পৰা যেতিয়াই মনত ভাৱৰ বিশৃংখল ঢৌ উঠে তেতিয়াই হাতত তুলি লওঁ এটা কলম আৰু এখন উকা কাগজ, ঢৌবোৰ শান্ত কৰাৰ উদ্দেশ্যেৰে।
গতিকে যদিও সাহিত্যৰসৰ অভাৱ তথাপিতো গল্প কেইটাৰ প্ৰতি মোৰ মৰম অপৰিসীম। আশা কৰো এই কিতাপখন হওঁক মাথোন এক আৰম্ভণি আৰু বহুতো গল্প আৰু বহুতো উপন্যাস।
অৱশেষত মোৰ এই প্ৰচেষ্টাত সহায় আৰু পৰামৰ্শ আগবঢ়োৱাৰ বাবে মামণি গগৈ বৰুৱা বাইদেউলৈ আৰু মোৰ প্ৰচেষ্টা সফল ৰূপ দিয়াৰ বাবে ‘শব্দ প্ৰকাশ’ৰ প্ৰত্যেকজন ব্যক্তিলৈ অশেষ ধন্যবাদ জনালো।
—পিনাকপাণি বৰুৱা
সূচী:
অপৰাধ/৭
আশা/১৫
চাইকেল/১৯
কৌতুহল/২৫
… হেঁতেন/২৭
অপেক্ষা…/৩৩
ভালপোৱা, বন্ধুত্ব ইত্যাদি/৪০
ধোঁৱা/৫৮
এক নতুন আৰম্ভণি/৬০
এক ব্যৰ্থ যাত্ৰা/৬৯
এটা কুকুৰৰ মৃত্যুত|/৭২

যোৰহাটৰ ঢেকৰগড়া নিবাসী বি.এচ.এন.এলৰ কাৰ্যবাহী অভিযন্তা, সমাজসেৱক শ্ৰীযুত চিত্তৰঞ্জন বৰুৱা আৰু টিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী শ্ৰীযুতা জুনু বৰুৱাৰ সুযোগ্য সন্তান পিনাকপাণি বৰুৱাই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ২০০৯ চনৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে। ছাত্ৰাৱস্থাৰ পৰা সৃষ্টিশীল ৰচনাৰ প্ৰতি ধাউতি থকা, বিভিন্ন লিখনিৰে পুৰষ্কৃত হোৱা পিনাকপাণিৰ প্ৰথম গল্প সংকলন ‘এক ব্যৰ্থ যাত্ৰা’।
শব্দ
প্ৰকাশ
বেটুপাত: ৰণ্জিত গগৈ, শব্দ
৯৮৫৪৩ ৫৪৮০২, ৯৮৫৪০ ৪৪৩৯৭
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।