: আই দুখ কৰি নাথাকিবি। ভাগ্যৰ লিখন কোনেনো সলাব পাৰে? বিনোদৰ
পেহীয়েকে সাধনাৰ মূৰত হাত বুলাই ক'লে। সাধনাৰ মনে মনে হাঁহি উঠিল।
: চকুপানীবোৰ ধৰি নেৰাখিবি মাজনী, কান্দিলে মনটো পাতল হ’ব -
অন্য এগৰাকী বুঢ়ী মানুহে ক'লে। হাঁহিটো জোৰ কৰি বাধা দি নিৰৱ হৈ বহি
ৰৈছিল তাই।
বিনোদৰ মৃত্যুৰ কেইমাহমান পাছত সাধনাৰ দেউতাকে পুনৰ তাইক
বিয়া দিয়াৰ চেষ্টা চলাইছিল। পিছে সাধনা মান্তি হোৱা নাছিল। পুনৰ বিয়াত
নবহোঁ বুলি স্পষ্টকৈ তাই দেউতাকক কৈ দিছিল। বিনোদৰ প্ৰকৃত ৰূপ দেখাৰ
পাছৰ পৰাই কোনো মতা মানুহকে তাই বিশ্বাসৰ দৃষ্টিৰে চাব নোৱাৰা হৈছিল।
সেয়ে মতা মানুহৰ সংগতকৈ নিসংগতাকে বাচি ল’লে তাই।
সেইদিনা খুব বৰষুণ দিছিল।বজাৰৰ পৰা ঘৰলৈ আহি থাকোতে সাধনাৰ
ছাতিটো ওলোটা হৈ পৰিছিল বাৰে বাৰে। সেয়ে অলপ সময় ৰাস্তাৰ কাষৰ দোকান
এখনৰ সন্মুখতে ৰৈ বৰষুণ কমাৰ অপেক্ষা কৰিলে তাই। থিয় হৈ ৰৈ থাকোতে
হঠাৎ সাধনাই ভৰিৰ ওচৰত কিবা এটাই লৰচৰ কৰা যেন অনুভৱ কৰিলে। তললৈ
চাই তাই দেখা পাই এটা সৰু কুকুৰ পোৱালী।
: চেই! বুলি কৈ তাই খেদি পঠিয়াই পোৱালীটো। কেওঁ কেওঁ কৰি সি
আঁতৰি গ'ল। খুটাটোৰ কাষত গৈ বহি সি এক কৰুণ দৃষ্টিৰে সাধনাৰ দিশত
চাবলৈ ধৰিলে একেথৰে। তাৰ মৰম লগা চকু কেইটা দেখা পাই সাধনাৰো তাৰ
প্ৰতি মৰম উপজিল। বজাৰৰ পৰা অনা বেগটোৰ পৰা বিস্কুটৰ পেকেটটো উলিয়াই
এটা বিস্কুট কুকুৰ পোৱালীটোৰ দিশত দলিয়াই দিলে। নেজ জোকাৰি জোকাৰি
সি খাব ধৰিলে বিস্কুটটো। বৰষুণজাক কমাৰ পাছত ছাতিটো মেলি সাধনাই পুনৰ
ৰাস্তাত ভৰি দিলে। পিছে পিছে কুকুৰ পোৱালীটোও আহি থকা দেখি সাধনাই
ছাতিটো জোকাৰি খেদি পঠিয়ালে তাক। অলপ দূৰ আঁতৰি গৈ সি ৰৈ দিলে।
তাৰ পিছত এক নিৰাপদ ব্যবধান ৰাখি সি পুনৰ আহিব ধৰিলে সাধনাৰ পিছে
পিছে। গেটখন বন্ধ কৰি সাধনা ঘৰলৈ সোমাই যোৱাৰ পাছত পোৱালীটো গেটৰ
বাহিৰতে ৰৈ থাকিল। অলপ সময়ৰ পাছত বৰষুণৰ প্ৰকোপ পুনৰ বৃদ্ধি হ'ল।
খিৰিকীৰ গ্লাচত লাগি থকা বৰষুণৰ টোপালবোৰৰ মাজেৰে সাধনাই জুমি চালে
বাহিৰলৈ। তিতি বুৰি কেওঁ কেওঁ কৰি ৰৈ আছিল পোৱালীটো গেটৰ কাষতে।
সাধনাৰ বেয়া লাগিল ছাতিটো মেলি কুকুৰ পোৱালীটো লৈ আনিলেগৈ ঘৰৰ