এনে লাগিছিল যেন তাৰ হাঁহি, তাৰ কথা কোৱাৰ ধৰণ মই বিচৰাৰ দৰে
নাছিল। আৰু এদিন মই অনুভৱ কৰিলোঁ প্ৰকৃত কথাটো।
: কি কথা?
: মই প্ৰাঞ্জলৰ স্থানত তই থকাটো বিচাৰিছিলো শান্তনু। তোক সেই ৰূপত
মই আগতে কোনোদিনে কল্পনা কৰা নাছিলো, কিন্তু যিদিনা তই মোৰ কাষৰ পৰা
আঁতৰি গ'লি সেইদিনাৰ পৰা মনটোৱে অনুভৱ কৰি আহিছিল এই অভাৱ।
: ভুল মোৰো আছিল, ক'ব খুজিও ক’ব পৰা নাছিলো তোক কথাবোৰ,
তোৰ অবিহনে অন্য কোনো ছোৱালীৰ কথাই মই ভাবিব নোৱাৰো বন্দনা, প্লীজ
সদায় মোৰ কাষতে থাকিবি, আঁতৰি গৈ অকলশৰীয়া কৰি নেপেলাবি মোক।
: উঠ, চাহ খাবলৈ বাচ ৰখাইছে। বন্দনাই মোক জোকাৰি দিলে। একে
জোকাৰে সপোনৰ পৃথিৱীৰ পৰা উফৰি আহিলো নিষ্ঠুৰ বাস্তবলৈ।
: কত পালোহি? চকুহাল মোহাৰি মোহাৰি সুধিলো।
: জখলাবন্ধা, পোন্ধৰ মিনিটমান ৰাখিব, যাবিনে ওলাই?
: ব’ল। বুলি কৈ দুয়ো সন্মুখৰ হোটেলখনত গৈ বহিলোগৈ।
: কি দিম? মূৰত গামোচা বান্ধি থকা সৰু ল'ৰা এটাই সুধিলেহি।
: চাহ দুকাপ, লগতে মোক এটা চিংৰা দিবি আৰু অলপ ৰসগোল্লাৰ ৰস
ঢালি দিবি ওপৰত। তই কি খাবি? বন্দনাক সুধিলো।
:নাই একো নেলাগে, খা তই।
দুই.
সাত বছৰ পাছত
হোষ্টেলৰ জীৱন এৰি অহা আজি বহু বছৰ হ’ল। কিন্তু এতিয়াও কলেজীয়া
দিনৰ উন্মাদ স্মৃতিবোৰে মনৰ দুৱাৰত টুকুৰিয়াই থাকেহি বাৰে বাৰে৷ কিছুমান
জীৱনহীন মানুহেৰে ভৰা অফিচটোত বহি থাকোতে প্ৰায়েই ভাবো এটা কথা,
জীৱনটো কৃষ্ণচূড়াৰ তলতে থমকি ৰোৱাহেঁতেন। আকৌ যে কোনোদিন ঘূৰি
নাহে তেনে দিন, ভাবি নিৰাশ হওঁ। হঠাৎ টেবুলত থকা ম'বাইলটো বাজি উঠাত
মনটো ঘূৰি আহিল অফিচৰ কোঠাটোলৈ।
: হেল্ল’ কৌশিক। ক'ত আছ তই? আনটো দিশৰ পৰা শান্তনুৱে সুধিলে।