পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধুই দিম, ঘৰ চাফা কৰিম, ভাত ৰান্ধিম, তোমাৰ লগত ফুৰিবলৈ যাম।
 :এবাৰ নোৱাৰো বুলি ক'লে নহয়, যোৱা এতিয়া ইয়াৰ পৰা, দিগদাৰ দি নেথাকিবা। খঙৰ সুৰত দোকানীজনে ক'লে।
 :নেযাওঁ, চালা কুকুৰ, হাৰামী।
 :যা বুলি ক'লো নাই।
 :অই ধমকি দি কথা নকবি। বদমাচ মানুহ, নিজকে তই ভাব কি বুলি? তহঁত মতাবোৰক চবকে ধুনীয়া ছোৱালীয়েই লাগে। মোৰ দৰে ছোৱালীবোৰ কি সদায় অকলশৰেই থাকিব?—সমস্ত খং উজাৰি তাই যাবলৈ ওলালে, কিন্তু ওচৰতে বহি থকা অংশুমানৰ ওপৰত চকু পৰাত থমকি ৰ'ল।
 :আপোনাক আগতে ক'ৰবাত দেখিছো নেকি? আশাই সুধিলে।
 :কত দেখিছে? অংশুমানে আচৰিত হৈ সুধিলে।
 :মনত পৰা নাই পিছে দেখিছো আপোনাক ক'ৰবাত।
 ...(অলপ ৰৈ) যি কি নহওক আপোনাৰ বিয়া ঠিক হৈ আছে নেকি?
 উত্তৰত কি ক’ব অংশুমানে ভাবিব ধৰিলে। অলপ সময়ৰ আগতে আশাৰ মুখেৰে ওলোৱা গালিকেইটা মনত ৰাখি তেওঁ ক'লে,
 :মোৰ বিয়া হোৱা আজি প্ৰায় দুবছৰেই হ’ল, গতিকে বেয়া নেপাবা কিন্তু মইও নোৱাৰিম।
 :ছেঃ মোৰেই ভাগ্য বেয়া। পিছে ভবিষ্যতে যদি ডাইভৰ্চ-চাইভৰ্চ হয় তেন্তে মোক জনাব। মোৰ একো প্ৰব্লেম নাই।
 :নিশ্চয়, মই জনাম বাৰু, অংশুমানে ক'লে।
 :যাওঁ তেতিয়া হলে।
 :ঠিক আছে।
মন মাৰি আশা গুচি গ'ল। চকুৰ আঁতৰ নোহোৱালৈকে দুয়ো নিৰৱ হৈ চাই থাকিল তাই যোৱাৰ দিশত।
 :মানুহৰো যে ভাগ্যবোৰ। দোকানীজনে হুমুনিয়াহ কাঢ়িলে।
 :কোন আছিল ছোৱালীজনী? কেনেকৈ এনেকুৱা অৱস্থা হ'বলৈ পালে?
অংশুমানে কৌতুহলেৰে প্ৰশ্ন কৰিলে।

 :ছোৱালীজনীৰ নামটো আশা। ঘৰটো এই ওচৰতে। কেইমাহমান আগলৈকে ছোৱালীজনী ঠিকেই আছিল। বহু বছৰৰ আগৰ পৰাই মাক-দেউতাকে তাইক

এক ব্যৰ্থ যাত্ৰা/১৬