: বাই।
অঞ্জলি যোৱাৰ পাছত নীৰৱে মেঘালীৰ কাষতে বহিলো। ভাবিলো কি বিপদত
পৰিলোহি বুলি। লগৰ কোনোবাই দেখা পালেতো সৰ্বনাশ। এজনী অন্ধ ছোৱালীৰ
সৈতে ব্লাইণ্ড ডেট মাৰিব আহিছো বুলি গম পালে ভাল কামোৰ দিব।
: কি হ’ল একেবাৰে মনে মনে আছা যে? কালিচোন খুব কথা কৈছিলা
ফোনত। মেঘালীয়ে সুধিলে। ভাবিলো সঁচা কথাটো কৈ দিয়াই ভাল হ'ব।
: আচলতে তুমি কালি নিজকে অন্ধ বুলি কওঁতে মই ধেমালী কৰা বুলি
ভাবিছিলো। মোৰ কথাষাৰ শুনি তাই এটা হুমুনিয়াহ কাঢ়িলে।
: সঁচা কথাটো কোৱাৰ বাবে থেংক্স, মই আকৌ ভয়েই খাইছিলো অন্ধ বুলি
জানিও তুমি মোক লগ ধৰিবলৈ অহা বুলি ভাবি। এতিয়া চাগৈ ভাবিছা কি বিপদত
পৰিলো বুলি।
: তুমি চাগৈ বেয়া পাইছা মোক?
: বেয়া আকৌ কিয় পাম। তুমিও স্বাৰ্থপৰ মইও স্বাৰ্থপৰ। আমি সকলোৱে
কেৱল নিজৰ কথাই ভাবো আৰু ভবাটোও উচিত। গতিকে বেয়া পোৱাৰ কথাই
নাহে।
: স্বাৰ্থপৰ মানে?
: তুমি আজি আহিছিলা এজনী মৰম লগা, ধুনীয়া আৰু সকলোতকৈ
গুৰুত্বপূৰ্ণভাৱে এজনী সম্পূৰ্ণ সুস্থ ছোৱালীক লগ পোৱাৰ আশাত। তাৰ বিপৰীতে
মোৰ দৰে এজনী লগ পাবা বুলি জনাহেঁতেন তুমি কেতিয়াও নাহা, তুমি কি
কোনো নাহে। আৰু আহিবনো কিয়? পৃথিৱীত কি ছোৱালীৰ অভাৱ হৈছে নেকি?
: আৰু তোমাৰ স্বাৰ্থটো পিছে কি? মই সুধিলো। ক্ষন্তেকৰ বাবে নীৰব হৈ
ৰ'ল তাই। তাৰ পিছত এটা দীঘল হুমুনিয়াহ কাঢ়িলে আৰু ক'লে।
: মই আহিছিলো এটা বুৰ্বকক লগ পোৱাৰ আশাত। যি মই অন্ধ বুলি জানিও
মোৰ সৈতে বন্ধুত্ব কৰিব, মোক ভাল পাব, যাৰ চকুৰে মইও দেখা পাম এই অন্ধকাৰ
পৃথিৱীখন। কিন্তু তেনেকুৱা আশা কৰাৰ বাবে মইয়েই হয়তো আটাইতকৈ ডাঙৰ
বুৰ্বক।
পুনৰ এবাৰ জেপত থকা মোবাইলটো বাজি উঠিল। উলিয়াই আনি দেখা
পালো ৰাতিপুৱা দি থোৱা এলাৰ্মটো বাজিছে। অফ কৰি পুনৰ জেপত ভৰাই
থ’লো।