পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা কুকুৰৰ মৃত্যুত

 ৰিকি আহ আহ, ৰিকি ৰিকি..... হাতত বিস্কুটৰ টুকুৰাটো লৈ ৰিকিক বিচাৰি গোটেই ঘৰ চলাথ কৰিলে সাধনাই। ৰাতিপুৱা শুই উঠাৰ পৰাই দেখা নাই বিকিক। অন্যদিনা এই সময়ত বিস্কুটৰ লোভত পাকঘৰৰ সন্মুখত নেজ জোকাৰি বহি থকাটো তাৰ অভ্যাস। আজিনো পিছে সি গ’ল ক'লৈ? ভাবি অলপ চিন্তাত পৰিল সাধনা। তেনেতে বাতৰি দিবলৈ অহা হ’কাৰজনে বজোৱা চাইকেলৰ টিলিঙাৰ শব্দ শুনি তাই বাহিৰলৈ ওলাই আহিল।

 : বাইদেউ সৌটো আপোনাৰ কুকুৰ নাছিল জানো? বাতৰিখন দি হ’কাৰজনে সুধিলে।

 সাধনাই হ’কাৰজনে আঙুলিয়াই দিয়া দিশত চাই চকু কেইটা জপাই দিলে। নিজকে সংযত কৰি পুনৰ এবাৰ চালে সেই দিশত। জিভা ওলাই থকা ৰিকিৰ মৃতদেহটো পৰি আছিল ৰাষ্টাৰ সোঁমাজতে। ৰাষ্টাত সিঁচৰতি হৈ থকা ৰিকিৰ পেটৰ অংগবোৰৰ লোভত বহুতো কাউৰী আহি গোট খাইছিলহি ৰাষ্টাৰ কাষৰ বৈদ্যুতিক তাঁৰ দুডালত। হতাশ মনেৰে সাধনা আতৰি আহিল গেটখনৰ কাষৰ পৰা। বাৰাণ্ডাৰ খুটাটোত আঁউজি একে থৰে চাই ৰ'ল ঘটনাস্থলীৰ দিশত। টিউচন ল’বলৈ যোৱা ছোৱালী দুজনীয়ে নাকত ৰুমাল দি পাৰ হৈ যোৱা দেখা পালে সাধনাই। পাছে পাছে প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা বুঢ়ামানুহজনেও দূৰৈৰ পৰাই নাক কোঁচালে।

 :এই আপদবোৰ পোহেনো কিয়? সাধনাৰ ঘৰৰ সন্মুখ পাই মানুহজনে মন্তব্য কৰিলে। মানুহজনৰ কথাষাৰে যেন সাধনাই বাধা দি ধৰি ৰখা চকুলো টোপালৰ বাটহে মুকলি কৰি দিলে। ঘৰৰ একমাত্ৰ সংগীটোক হেৰুৱাই সাধনাৰ দুখ লাগিছিল। হঠাৎ যেন সি উঠি আহিব ৰাষ্টাটোৰ পৰা দৌৰি দৌৰি আৰু নেজ জোকৰি জোকাৰি সাধনাৰ ভৰিত মোহাৰিবহি তাৰ মূৰটো।

 :বাইদেউ কিবা এটা কৰক। নহ'লে অলপ পাছত গোন্ধাবলৈ ধৰিব

ঠাইডোখৰ। সন্মুখৰ ঘৰত থকা ৰাতুলে ৰাষ্টাৰ পৰা ক'লে।

এক ব্যৰ্থ যাত্ৰা/৬৫