পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মা তই শু, মই আঁঠুৱা লগাম দে।– গাখীৰ গিলাছ টেবুলতে থৈ মই ক'লো।
 লগে লগে মোৰ বহুত ভাগৰ লাগিছে বুলি কৈ মা বিচনাত ঢলি পৰিল। আঠুৱাখন লগোৱাৰ পাছত গাখীৰ গিলাছ নোখোৱাকৈয়ে মইও শুই পৰিলো।
 ৰাতিপুৱা পোহৰ হোৱাৰ আগতেই শুই উঠাটো মাৰ অভ্যাস। সেইদিনা কিন্তু তেনে হোৱা নাছিল। মা তোৰ গা বেয়া নেকি? মই সুধিলো, কিন্তু কোনো সহাঁৰি নেপালো।
 মা।– বুলি পুনৰ মাতি যেতিয়া মাৰ মুখখন মোৰফালে ঘূৰাই দিলো, তেতিয়া দেখা পালো মাৰ মুখেদি উলাই অহা ফেনবোৰ। মই চিঞৰ বাখৰ কৰাত ওচৰে পাজৰে থকা বহুতো মানুহ আহি আমাৰ ঘৰত গোট খালেহি। অলপ পাছত ডাক্টৰো আহিল, পাছে পাছে পুলিচো পালেহি। গম পোৱা গ'ল যে আগৰাতি মায়ে শুৱাৰ আগে আগে বিহ খাইছিল। পাছত পৰীক্ষা কৰি গম পোৱা গ'ল যে মায়ে মোক খাবলৈ দিয়া গাখীৰ গিলাচতো আছিল সেই বিহৰ অংশ।
 অ’ মাই গড, আৰু তোমাৰ দেউতা?
 মৰিশালিত মাৰ শৰীৰটোত যেতিয়া জুই দিয়া হৈছিল, তেতিয়া কোনো কথা নোহোৱাকৈয়ে দেউতাই খুব জোৰেৰে হাঁহিব ধৰিলে। সেইদিনাৰ পৰা দেউতা ঘৰলৈও নহা হ'ল। দিন ৰাতি ৰাষ্টাৰ কাষৰ ফুটপাথতে তেওঁ কটাব ধৰিলে। কোনোবাই দেউতাৰ কাষ চাপিব ধৰিলে শিলগুটি দলিয়াই আক্ৰমণ কৰিছিল তেওঁ। মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ঘৰৰ ওচৰৰে খুৰা এজনে মোক অনাথ আশ্ৰম এটাত থৈ আহিলেগৈ। তাৰ পিছত দেউতাৰ কি হ’ল মই একো নেজানো আৰু কোনোদিনে জনাৰ চেষ্টাও কৰা নাই৷ তাৰ পিছৰ বহুকেইটা বছৰ মই অনাথ আশ্ৰমতে কটালো। শিক্ষা শেষ হোৱাৰ পাছত ভগবানৰ কৃপাত চাকৰি এটাও পালো। সকলো সাধাৰণভাবেই চলি আছিল জীৱনত। সেইদিনটোলৈকে...... সন্ধিয়া কামৰ পৰা আহি থাকোতে বাটতে বৰষুণে পালে। বৰষুণৰ পৰা বাচিবলৈ আৰু কামৰ ভাগৰ মৰাৰ উদ্দেশ্যেৰে ওচৰতে থকা বাৰ এখনত প্ৰবেশ কৰিলো।
 কি দিম? ৱেটাৰজনে মেনুখন আগবঢ়ালে।
 ঠাণ্ডা বীয়েৰ এটা দিয়া।

বাৰৰ ভিতৰৰ মাদকীয় পৰিবেশৰ মাজত অলপসময় কটোৱাৰ পাছত মানুহ এজনৰ

এক ব্যৰ্থ যাত্ৰা/৭২