অপেক্ষা কৰিলে হাজৰিকা টোপনি যোৱালে। ক্ষন্তেক পাছতে কোঠাতো নিঃশব্দ হৈ পৰিল। বাহিৰৰ কীট পতংগই সৃষ্টি কৰা শব্দই পৰিৱেশটো ছানি ধৰিলে। মেদিনীয়ে অতি সাৱধানে বিচনাৰ তলৰ পৰা ওলাই থিয় হ’ল। নিঃশব্দে সি আলমাৰিৰ দিশত আগবাঢ়িল। জেপৰ পৰা চাবিটো উলিয়াই তলাটো খোলাৰ চেষ্টা কৰিলে। কিন্তু চাবিটোচোন নোসোমায়। আৰু তলাটোও সি আনি দিয়া তলাটো নহয়চোন। ভাগ্যই পুনৰ এবাৰ ধেমালী কৰিলে তাৰ লগত। হাতত থকা সৰু টৰ্চটোৰ পোহৰত সি দেখা পালে আলমাৰিৰ ভিতৰত এটা শকত এনভেলপৰ পেকেট। ইমান ওচৰ চাপিও খালী হাতেৰে উভতিব লাগিব সি। চাবিটো জেপত ভৰাওঁতে আঙুলি কেইটাই অনুভৱ কৰিলে অন্য এটা চাবিৰ স্পৰ্শ। ঘৰৰ দুৱাৰখনত মাৰি থৈ অহা তলাটোৰ চাবিটোও একেটা জেপতে আছিল। কেতিয়াবা অন্য তলাৰ চাবিয়েও তলা খোল খাই যায়। সেই আশাতে সি ঘৰৰ চাবিটো তলাটোত ভৰালে আৰু এটা মিচিকিয়া হাঁহি বিৰিঙি উঠিল ওঁঠত। আলমাৰিৰ দুৱাৰখন খুলি সি এনভেলপটো উলিয়াই আনিলে। এদিন নহয় এদিন এইখিনি টকা ঘূৰাই দিব হাজৰিকাক, সি মনতে ভাবিলে। হঠাৎ কোঠাটোৰ লাইটটো জ্বলি উঠাত চক খাই উঠিল মেদিনী।
: ধন তই? কি কৰিছ এইবোৰ?- চিঞৰি উঠিল হাজৰিকা। ভয়ত এনভেলপটো তাতে পেলাই মেদিনী দৌৰ মাৰিলে।
: ৰ একে ঠাইতে।
মেদিনী একে দৌৰে তলৰ মহলা পালেহি আৰু তাৰ পাছত ঘৰৰ বাহিৰ। জেওৰাখন পাৰ হওঁতে ঘৰৰ ভিতৰৰ পৰা অহা ডাঙৰ শব্দ এটা শুনা পালে সি। পিছে শব্দৰ উৎস জানিবৰ বাবে সি তাত ৰৈ নাথাকিল। দৌৰি দৌৰি সি বহুত দূৰলৈ আঁতৰি আহিল।
আজি ৰাতিপুৱা
দূৰৈৰ পৰাই হাজৰিকাৰ ঘৰৰ পদুলিমুখত মানুহৰ ভিৰ চকুত পৰিল মেদিনীৰ। চকুত পৰিল পুলিচৰ জীপখনো। দেউতাকে বহুকেইজন মানুহৰে সৈতে কথা পাতি আছিল। ৰাজীৱ হাজৰিকা বাহিৰত নাছিল, হয়তো পুলিচক সবিশেষ বৰ্ণনা দি আছিল ঘটনাৰ। সি ভাবিলে। তলমূৰ কৰি মেদিনী আগবাঢ়িল।
কোনো এজনৰ চকুলৈ চাবলৈ তাৰ সাহস নহ'ল। তাক দেখা পাই দেউতাকে