পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 :ৰাতি ভাওনা চাবলৈ আহিবিনে?

 : অঁ‌ আজি ভাওনা আছে নহয়, মই পাহৰিয়েই গৈছিলো। চাঁও চোন, মন গলে আহিম আৰু। পিছে কিমান দীঘল বাৰু ভাওনাখন?

 : দীঘলেই, ৰাতি পুৱাবগৈ লাগে।

 অলপ সময় তিনি আলিতে উত্তমৰ সৈতে আড্ডা মাৰি মেদিনী উভতিল। ঘৰ পোৱাৰ আগেয়ে তলাটো দিয়াৰ উদ্দেশ্যেৰে সি হাজৰিকাৰ পদুলিত চাইকেল ৰখালে। কলিং বেল বজাৰ শব্দ শুনা পাই হাজৰিকাই আগফালৰ দুৱাৰখন খুলিলেহি।

 : অ’ আহিলি?

 : এইটো লওক তলা। পঞ্চলিছ টকা ল'লে। বুলি কৈ মেদিনীয়ে তলাটো আৰু পাঁচটকাৰ নোট এটা আগবঢ়াই দিলে।

 : নালাগে, পাঁচ টকাটো তইয়ে ৰাখ। হাজৰিকাই কলে।

 ভিতৰলৈ সোমাই আহি মেদিনীয়ে চাৰিওফালে ভালদৰে চালে। আগতেও সি হাজৰিকাৰ ঘৰলৈ বহুবাৰ আহিছে তথাপিত আজি সি পুনৰবাৰ ভালদৰে চালো দুমহলীয়া ঘৰটোৰ ওপৰৰ মহলাত দুটা শোৱনী কোঠা আছে। তলৰ এটা কোঠা আলহী বহিবলৈ আৰু আনটো পাকঘৰ হিচাপে ব্যৱহাৰ কৰা হয়। গা ধুবলৈ আৰু শৌচ প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ বাহিৰত পাছফালে ব্যৱস্থা আছে।

 : ৰাতি ভাওনা চাবলৈ যাব নেকি? মেদিনীয়ে সুধিলে।

 : চাবলৈ মন এটা আছিল। পিছেঘৰটো অকলে এৰি থৈ যাবলৈ অসুবিধা।

 : হয় দিয়ক, মই পিছে গৈ থাকো এতিয়া।

 : ঠিক আছে।

 মেদিনী ওলাই যোৱাৰ পাছত হাজৰিকাই তলাটো লৈ ওপৰৰ কোঠাত থকা আলমাৰিটোৰ দিশত গ’ল। তলাটো লগাবলৈ লওঁতেই বস্তু এটা তেওঁৰ চকুত পৰিল। অতদেৰিৰ পৰা বাহিৰত বিচাৰি থকা পুৰণি তলাটোচোন আলমাৰিৰ ভিতৰতে আছে। মেদিনীয়ে অনা তলাটোতকৈ পুৰণা তলাটো মজবুত। গতিকে আলমাৰিত পুৰণি তলাটাকে লগাই দিলে হাজৰিকাই।

আজি ৰাতিপুৱা

 বেলি উদয় হওঁ হওঁ। মেদিনী তেতিয়াও একে ঠাইতে বহি আছিল।

এক ব্যৰ্থ যাত্ৰা/১১